শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জীৱন্তে জ্বলিল এটি দম্পতি, ডাইনীৰ সন্দেহত কাৰ্বি আংলঙত নৃশংস হত্যাকাণ্ড…

কাৰ্বি আংলং জিলাত ডাইনীৰ সন্দেহত গাঁৱৰ একাংশ লোকে ঘৰ জ্বলাই দি এটি দম্পতিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৩০ ডিচেম্বৰৰ নিশা জিলাখনৰ হাওৰাঘাট অঞ্চলৰ ১ নং বেলোগুৰি মুণ্ডা গাঁৱত সংঘটিত হয় এই ঘটনা।

জীৱন্তে জ্বলিল এটি দম্পতি, ডাইনীৰ সন্দেহত কাৰ্বি আংলঙত নৃশংস হত্যাকাণ্ড…
manas-borah
Manas Borah | Published: 31 Dec 2025 12:34 PM

অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই আজিৰ সমাজ। শেহতীয়াকৈ কাৰ্বি আংলং জিলাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। খবৰ অনুসৰি, ডাইনী সন্দেহত এটি দম্পতিক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, কাৰ্বি আংলং জিলাত ডাইনীৰ সন্দেহত গাঁৱৰ একাংশ লোকে ঘৰ জ্বলাই দি এটি দম্পতিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৩০ ডিচেম্বৰৰ নিশা জিলাখনৰ হাওৰাঘাট অঞ্চলৰ ১ নং বেলোগুৰি মুণ্ডা গাঁৱত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ মতে, দুৰ্বৃত্তই প্ৰথমে দম্পতিটোক ঘৰৰ ভিতৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পিছত ঘৰটোত জুই লগাই দিয়াৰ ফলত তেওঁলোকৰ মৃত্যু হয়। গাঁৱৰ একাংশ লোকে ভুক্তভোগীয়ে ডাইনী চৰ্চা কৰাৰ লগতে অঞ্চলটোলৈ দুৰ্ভাগ্য কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰিছিল।

নিহত দুগৰাকীৰ নাম গাৰ্ডি বিৰোৱা (৪৩) আৰু মীৰা বিৰোৱা (৩৩)। ঘটনাৰ কিছু সময়ৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলে সেই স্থান পৰিদৰ্শন কৰি অপৰাধৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে তদন্ত আৰম্ভ কৰে। লগতে অঞ্চলটোত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

এজন বিষয়াই কয় যে, অঞ্চলটো গভীৰভাৱে শিপাই থকা অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত। উৰাবাতৰিৰ ফলত প্ৰায়ে ব্যক্তিৰ ওপৰত হিংসাত্মক আক্ৰমণৰ সৃষ্টি হয়। বিষয়াগৰাকীয়ে লগতে কয়,”এনে বিশ্বাসৰ ফলত অপৰিসীম দুখ-কষ্টৰে জীৱন নিৰ্বাহ কৰা আৰু নিৰীহ লোকে জীৱন হেৰুৱাবলগীয়া হয়।”

আৰক্ষীয়ে জনোৱা মতে, ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু হোৱাৰ উপৰিও অসম ডাইনী হত্যা (নিষেধ, প্ৰতিৰোধ আৰু সুৰক্ষা) আইন অনুসৰি শাস্তিযোগ্য অপৰাধ আৰু ইয়াৰ লগত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।