December 31, 2025
TV9 ASSAM
Photo Credits: Getty Images
তেজ পাতত কেলচিয়াম, আইৰণ, পটাছিয়াম, কপাৰ, চেলেনিয়াম, এণ্টি-অক্সিডেন্ট, ভিটামিন A আৰু C আদি উপাদান থাকে।
পুষ্টিকৰ আৰু সুষম খাদ্যৰ অংশ হিচাপে তেজ পাত মধ্যমীয়াকৈ সেৱন কৰিলে পেট ফুলা হ্ৰাস পাব পাৰে। হজম শক্তিৰ বৃদ্ধি পায়।
তেজ পাত স্বাস্থ্যসন্মত খাদ্যৰ অংশ হিচাপে পৰিমিত পৰিমাণে সেৱন কৰিলে তেজৰ চুগাৰৰ মাত্ৰা পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।
তেজ পাত চৰ্দি আৰু কাহৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যা ৰোধ কৰাত সহায় কৰে বুলি কোৱা হয়। গতিকে তেজ পাত খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে।
হৃদৰোগৰ প্ৰতিৰোধ কৰাত তেজ পাত উপকাৰী। তেজ পাতত থকা উপাদানে LDL (বেয়া) কলেষ্টৰল কমাই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।
তেজ পাতৰ সুগন্ধিয়ে স্নায়ুতন্ত্ৰ শান্ত কৰে আৰু মানসিক চাপ হ্ৰাস কৰে বুলি কোৱা হয়। ইয়াৰ বাবে আপুনি চাহত তেজ পাত দিব খাব পাৰে।
তেজ পাতৰ চাহ খাব পাৰে বা বিভিন্ন খাদ্যত মচলা হিচাপে ব্যৱহাৰ কৰিব পাৰে। তেজ পাতৰ তেল ব্যৱহাৰ কৰা হয়। তেজ পাতৰ পেষ্ট ছালত লগাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক