শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

BTC election: নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা

পূৰ্বৰ ফলাফল সন্তোষজনক নহ’লেও কংগ্ৰেছ দলেও এইবাৰ কিছু তৎপৰতা দেখুৱাইছে। ইফালে এইবাৰ বড়োভূমিত শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে আত্মপ্ৰকাশ ঘটাইছে ৰাইজৰ দলে। দলটোৱে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে বিটিআৰত।

BTC election: নিৰ্বাচনী যুঁজলৈ সাজু কংগ্ৰেছ, ৰাইজৰ দলঃ প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা
বিটিচি নিৰ্বাচনৰ বাবে কংগ্ৰেছ-ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 01 Sep 2025 11:10 AM

চমু চাপিছে বিটিচি নিৰ্বাচন ইতিমধ্যেই বড়োভূমিত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰবল বতাহ বিটিআৰৰ ক্ষমতা দখলৰ লক্ষ্যৰে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰতিটো দল ৰাজ্যিক বিধানসভাত মিত্ৰতাৰ ডোলেৰে বান্ধ খাই থাকিলেও এইবাৰ বড়োভূমিত ইউপিপিএলৰ সৈতে মিত্ৰশক্তি নগঢ়াকৈ নিৰ্বাচনী পথাৰত নামিছে বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দলটোৰ বহুকেইজন শীৰ্ষ নেতাই চলাইছে প্ৰচাৰ সমান্তৰালকৈ শক্তিৰে নামিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ

এনে পৰিস্থিতিত অধিক আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচন পূৰ্বৰ ফলাফল সন্তোষজনক নহলেও কংগ্ৰেছ দলেও এইবাৰ কিছু তৎপৰতা দেখুৱাইছে ইফালে এইবাৰ বড়োভূমিত শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে আত্মপ্ৰকাশ ঘটাইছে ৰাইজৰ দলে দলটোৱে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে বিটিআৰত

বিটিচি নিৰ্বাচনৰ বাবে দেওবাৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰে কংগ্ৰেছে দলটোৱে বিটিআৰৰ ৯ খন আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অনুমোদন সাপেক্ষে পৰ্বতঝোৰা, গুমা, শ্ৰীৰামপুৰ, দেবৰগাঁও, কাজলগাঁও, সোবাইঝাৰ, ঠুৰিবাৰী, গোৰেশ্বৰ আৰু পাঁচনৈ ছেৰফাং আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে

ঘোষিত প্ৰাৰ্থী তালিকা অনুসৰি পৰ্বতঝোৰাত সাহেন চন্দ্ৰ ব্ৰহ্ম, গুমাত আবু বক্কৰ আলী, শ্ৰীৰামপুৰত ৰফিকুল ইছলাম শ্বেখ, দেবৰগাঁৱত মোহিনী মোহন বসুমতাৰী, কাজলগাঁৱত সঞ্জীব ৱাৰী, সোবাইঝাৰত বিনিময় বসুমতাৰী, ঠুৰিবাৰীত জামছেৰ আলী, গোৰেশ্বৰত ভবেন্দ্ৰ নাথ স্বৰ্গীয়াৰী আৰু পাঁচনৈ ছেৰফাং আসনত পেট্ৰুছ বাগক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কংগ্ৰেছে

ইফালে ৰাইজৰ দলেখন আসনত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে আজি প্ৰকাশ কৰা প্ৰাৰ্থী তালিকা অনুসৰি দিহিৰা আসনত অশ্বিনী দাস, মুছলপুৰত ডাঃ গৌৰী শংকৰ শৰণীয়া, খালিং দুৱাৰত দলেশ্বৰ বড়ো আৰু মুদৈবাৰীত মুন চহৰীয়াই ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব