শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিতে পোহৰলৈ নূপুৰ বৰাৰ দুৰ্নীতিৰ আখ্যানঃ ভৱিষ্যতৰ চিন্তাত টুকিছে চকুলো, এইবাৰ প্ৰকাশ পাইছে এনে কাণ্ড

দুৰ্নীতিৰ ক'লা অধ্যায়বোৰ পোহৰলৈ অহাৰ পাছতে এতিয়া ভৱিষ্যতৰ চিন্তাত ভাঙি পৰিছে নূপুৰ বৰা। নিজৰ ভৱিষ্যত কি হ'ব তাকে লৈ তদন্তকাৰী বিষয়াৰ আগত চকুলো টুকিছে নূপুৰে।

নিতে পোহৰলৈ নূপুৰ বৰাৰ দুৰ্নীতিৰ আখ্যানঃ ভৱিষ্যতৰ চিন্তাত টুকিছে চকুলো, এইবাৰ প্ৰকাশ পাইছে এনে কাণ্ড
নূপুৰ বৰাৰ কু-কীৰ্তিৰ নতুন নতুন তথ্য পোহৰলৈ
monjit-dutta
Monjit Dutta | Published: 18 Sep 2025 20:00 PM

ৰাজ্যত শেহতীয়া কিছুদিন ধৰি সংবাদ শিৰোনাম হৈ পৰিছে নূপুৰ বৰা দুৰ্নীতিৰে পাহাৰসম সম্পত্তি গঢ়া ACS বিষয়া নূপুৰ বৰাৰ কৃতকৰ্মই চকু কপালত তুলিছে ৰাজ্যবাসীৰ যোৱা সোমবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে (চি এম ভিজিলেঞ্চ) গ্ৰেপ্তাৰ কৰিছিল ACS বিষয়াগৰাকীক ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত নূপুৰ বৰাৰ গুৱাহাটী আৰু বৰপেটাস্থিত বাসগৃহত অভিযান চলাই চি এম ভিজিলেঞ্চ লাখতকৈও অধিক নগদ ধনৰ লগতে কোটি টকাৰ অলংকাৰ উদ্ধাৰ কৰিছিল

সম্প্ৰতি এই বিতৰ্কিত ACS বিষয়া নূপুৰ বৰাক জেৰা অব্যাহত ৰখা হৈছে জেৰাৰ সময়ত পোহৰলৈ আহিছে নূপুৰ বৰাৰ কুকৰ্মৰ নতুন নতুন তথ্য পোহৰলৈ অহা তথ্য মতে বৰপেটা সত্ৰৰ ভূমি সন্দেহজনক লোকলৈ হস্তান্তৰৰ ক্ষেত্ৰতো জড়িত হৈ আছিল এই বিতৰ্কিত প্ৰশাসনিক বিষয়াগৰাকী

প্ৰকাশিত খবৰ অনুসৰি, তিনি লাট মণ্ডলে প্ৰস্তুত কৰিছিল বৰপেটা সত্ৰৰ ভূমিৰ নথি ইয়াৰ পিছতে সেই নথি সমূহত স্বাক্ষৰ কৰিছিল নুপুৰ বৰাই এইদৰে কেৱল ধনৰ বিনিময়তে কেইবাজনো সন্দেহজনক লোকক হস্তান্তৰ কৰা হৈছিল সত্ৰৰ ভূমি এতিয়া অভিযুক্ত এই তিনি লাট মণ্ডলক শীঘ্ৰেই জেৰা কৰিব চি এম ভিজিলেঞ্চ

গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া হৈ থকাৰ সময়তো নূপুৰ বৰাই অনিয়মেৰে কেইবা শ বিঘা ভূমি অন্য লোকলৈ হস্তান্তৰ কৰিছিল বুলি তথ্য পোহৰলৈ আহিছে দুৰ্নীতিৰ ক’লা অধ্যায়বোৰ পোহৰলৈ অহাৰ পাছতে এতিয়া ভৱিষ্যতৰ চিন্তাত ভাঙি পৰিছে নূপুৰ বৰা নিজৰ ভৱিষ্যত কি হ’ব তাকে লৈ তদন্তকাৰী বিষয়াৰ আগত চকুলো টুকিছে নূপুৰে

ইফালে আজি পুনৰ গোলাঘাটত নূপুৰক লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে অভিযান চলায়। গোলাঘাটতো নূপুৰৰ কেইবাটাও সম্পত্তি থকাৰ কথা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে গতিকে ভৱিষ্যতে তদন্তৰ সময়ত নূপুৰৰ আৰু বহু কুকৰ্মৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে

লক্ষণীয়ভাৱে নূপুৰ বৰাৰ বৰপেটাৰ লকাৰত উদ্ধাৰ হোৱা ২৩লাখ ৭৫হাজাৰ টকা কোষাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিছে আদালতে। বুধবাৰে বৰপেটাত অভিযানৰ সময়ত লকাৰৰ পৰা এই ধনখিনি উদ্ধাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে। সেই ধন আজি আদালতত দাখিল কৰা হয়। বিশেষ ন্যায়াধীশৰ আদালতে এই ধন কোষাগাৰত জমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।