কোনো সময় বা নীতি অবিহনে ভাৰতত থাকিব লাগে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা! এয়া কি ক’লে ৰণজিৎ দাসে
ৰণজিৎ দাসৰ মতে, অসমত বৰ্তমান ৮২ হাজাৰ ডি ভোটাৰ আছে। কোনো ব্যক্তিক দহ বছৰৰ বাবে ডি ভোটাৰ হিচাপে ৰখা হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ নাগৰিকত্ব নীতি সন্দৰ্ভত এক বিশেষ মন্তব্য কৰে। তেওঁৰ মতে, ভাৰতত নাগৰিকত্বৰ ক্ষেত্ৰত ইজৰাইলৰ দৰে নিয়ম প্ৰৱৰ্তন কৰিব লাগে।

নাগৰিকত্বৰ প্ৰসঙ্গত পুনৰ এবাৰ উত্তাল হৈছে ৰাজ্য। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত এই বিষয়ত দেখা গৈছে প্ৰতিবাদ। যোৱা ২ ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক জাননীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই প্ৰতিবাদৰ। এই জাননী অনুসৰি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা ধৰ্মীয় সংখ্যালঘু নাগৰিক অৰ্থাৎ হিন্দু, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ধৰ্মৰ লোকসকলে ভাৰতত নাগৰিকত্ব আবেদনৰ বাবে সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে।
ইয়াৰ পিছতে ভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজতে আজি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এক বিস্ফোৰক মন্তব্য কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেবিনেট মন্ত্ৰীগৰাকীয়ে প্ৰয়োজন হ’লে নাগৰিকত্ব সংশোধনী আইন সংশোধন কৰি কোনো সময় বা নীতি অবিহনে ভাৰতত নাগৰিকত্ব দিব লাগে বুলি মন্তব্য কৰিছে।
আজি পাঠশালা ৰাস মন্দিৰত এক বিশাল সভা গৃহ মুকলি কৰে ৰণজিৎ কুমাৰ দাসে। মুঠ আঢ়ৈ কৌটি টকা ব্যয় সাপেক্ষে পাঠশালা ৰাস মন্দিৰৰ এই গৃহটো নিৰ্মাণ কৰা হৈছে। আজি নতুনকৈ নিৰ্মিত এই সভাগৃহটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অনুদান আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিধায়ক পুঁজিৰ লগতে ৰাইজৰ দান বৰঙণিৰে এই সভাগৃহটো নিৰ্মাণ কৰা হৈছে।
এই অনুষ্ঠানতে মন্ত্ৰী ৰণজিৎ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰণজিৎ দাসৰ মতে, অসমত বৰ্তমান ৮২ হাজাৰ ডি ভোটাৰ আছে। কোনো ব্যক্তিক দহ বছৰৰ বাবে ডি ভোটাৰ হিচাপে ৰখা হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ নাগৰিকত্ব নীতি সন্দৰ্ভত এক বিশেষ মন্তব্য কৰে। তেওঁৰ মতে, ভাৰতত নাগৰিকত্বৰ ক্ষেত্ৰত ইজৰাইলৰ দৰে নিয়ম প্ৰৱৰ্তন কৰিব লাগে।
তেওঁৰ মতে, ইজৰাইলত যি দৰে ইহুডি সকলে দেশলৈ ঘুৰি আহিলে কোনো অনুমতিৰ প্ৰয়োজন নাই, ভাৰততো সেই একেই নিয়ম প্ৰৱৰ্তন কৰিব লাগে। প্ৰয়োজন হ’লে নাগৰিকত্ব সংশোধনী আইন সংশোধন কৰি বাংলাদেশত থকা কোঁচ ৰাজবংশী, গাৰো আৰু ৰাভা আদি খিলঞ্জীয়া লোক সকলক কোনো সময় বা নীতি অবিহনে ভাৰতত নাগৰিকত্ব দিব লাগে বুলি তেওঁ লগতে কয়। তেওঁ লগতে কেতিয়াবা সাংসদ নিৰ্বাচিত হ’লে সংসদত এই বিষয়ে উত্থাপন কৰিব বুলিও উল্লেখ কৰে।