Independence day: হিন্দু বাংলাদেশীৰ পৰা মুছলমানৰ জনসংখ্যা বৃদ্ধিলৈ, মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ভাষণ
CM himanta speech স্বাধীনতা দিৱস আবেগ আৰু স্বাভিমানৰ প্ৰতীক। ইয়াতে মিলিত হৈ আছে হেজাৰজন মুক্তি যুঁজাৰুৰ আত্ম বলিদান আৰু কেঁচা তেজ। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰ এটা ফাঁকিও উল্লেখ কৰে শৰ্মাই

খানাপাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জাতীয় পতাকা উত্তোলনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাক সম্বোধন কৰে। অসমৰ প্ৰগতি তথা বিকাশ, শিক্ষা আদি বিভিন্ন দিশ সামৰি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে। শৰ্মাই কয় যে, স্বাধীনতা দিৱস আবেগ আৰু স্বাভিমানৰ প্ৰতীক। ইয়াতে মিলিত হৈ আছে হেজাৰজন মুক্তি যুঁজাৰুৰ আত্ম বলিদান আৰু কেঁচা তেজ। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰ এটা ফাঁকিও উল্লেখ কৰে শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ গুৰুত্বপূৰ্ণ কেইটামান দিশ-
- মোদীৰ নেতৃত্বত ভাৰত যাতে বিশ্বৰ বুকুত উজলি উঠিব পাৰে তাৰ বাবে শুভেচ্ছা।
- বাংলাদেশত থকা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈনসকলৰ প্ৰতি মোৰ মন উৰি গৈছে। মন ক’ৰবাত সেমেকি আছে আৰু ক’ৰবাত তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰিছে।
- ভাৰতৰ বিভাজন কোনোৱে বিচৰা নাছিল। স্বাধীনতা সংগ্ৰামত ঐকবদ্ধ ভাৰতৰ বাবে সকলোৱে সংগ্ৰাম কৰিছিল। বাংলাদেশ, পাকিস্তানত থকা হিন্দুসকলেও অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল। সেই সময়ত ৰাষ্ট্ৰৰ নেতৃত্ব কৰি থকা লোকসকলে ভাৰতক মৌলবাদী আৰু ভাৰতক বিখণ্ড কৰিব বিচৰা লোকৰ ওচৰত আত্মসমৰ্পন কৰিছিল। যাৰ বাবে হিন্দু হৈ পৰিছিল বাংলাদেশী হিন্দু, পাকিস্তানী হিন্দু।
- মই ত্ৰিৰংগাৰ তলত বাংলাদেশী হিন্দুসকলৰ প্ৰতিও উৎকণ্ঠা প্ৰকাশ কৰিছো।
- বাংলাদেশ- ভাৰতৰ সীমান্ত সুৰক্ষা কৰি ৰখা বাবে অসম আৰক্ষী আৰু বিএছএফক ধন্যবাদ।
- অসমৰ প্ৰথম প্ৰাপ্তি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ৰূপে স্বীকৃতি। মোদীৰ আশীৰ্বাদ অবিহনে চৰাইদেউ মৈদাম কেতিয়াও বিশ্ব ঐতিহ্য ৰূপে স্বীকৃতি লাভ নকৰিলেহেতেন।
- দ্বিতীয় প্ৰাপ্তি- টাটা গ্ৰুপে জাগিৰোডত ২৭,০০০ কোটি টকা ব্যয়ৰে ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰম্ভ কৰিছে।
- অসমৰ তৃতীয় প্ৰাপ্তি হ’ল গুৱাহাটী ৰিং ৰোড পৰিযোজনাৰ স্বীকৃতি।
- ২০১৪ চনৰ পূৰ্বে ভাৰতৰ বিকাশৰ হাৰ ১.৩ শতাংশ। ২০১৪ চনৰ পাছত বিকাশৰ গড় ২.৭ শতাংশলৈ বৃদ্ধি।
- অসমত মুছলিমৰ জনসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি আৰু হিন্দুৰ জনসংখ্যা ৫৭ শতাংশলৈ হ্ৰাস। আমি পূৰ্বৰ পৰিবেশ ঘূৰাই আনিব লাগিব।
- নিটি আয়োগৰ তথ্য অনুসৰি অসমে ৬৫ শতাংশ গড় স্কোৰ লাভ কৰি দেশৰ ৫ খন আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে।
- অসমৰ ৰাইজৰ শান্তি শৃংখলা, আন্দোলন বৰ্জন আদিৰ বাবে অসম আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে।
- এবছৰত নিবনুৱা ৬.১ শতাংশলৈ হ্ৰাস। ২০২২-২৩ বৰ্ষত ইয়াৰ হাৰ আছিল ৮ শতাংশ।
- ৯ বছৰত ৮০ লাখৰো অধিক দৰিদ্ৰতাৰ পৰা মুক্ত।
উল্লেখ্য যে, ইয়াৰোপৰি হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও দিশ সামৰি ভাষণ প্ৰদান কৰে। অসম দ্ৰুতগতিত উন্নয়ন কৰাৰ বাবে মোদীৰ লগতে ৰাজ্যবাসীকো ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে। ইয়াৰোপৰি শৰ্মাই ভাষণত বিভিন্ন আঁচনি, দৰিদ্ৰতা, নিবনুৱা, কেন্সাৰ হাস্পাতাল আদিৰ ওপৰতো মন্তব্য প্ৰদান কৰে।