নিযুক্তি পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য, পূৰ্বৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত ক’লে এইদৰে
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, চমুকৈ ADREৰ লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকসহ বহুকেইটা নিযুক্তি পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এই নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত পুনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি দোহাৰিছে।

ৰাজ্যৰ চাকৰি প্ৰত্যাশী বহু যুৱক-যুৱতীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ আজি অন্ত পৰে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, চমুকৈ ADREৰ লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকসহ বহুকেইটা নিযুক্তি পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। ইয়াৰ লগে লগে বহু আশাৰে অপেক্ষা কৰি থকা হেঁপাহৰ খবৰ আজি লাভ কৰে এই যুৱক-যুতীসকলে। এই নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত পুনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি দোহাৰিছে।
নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে নিজা ফেচবুক একাউণ্ট যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে প্ৰাৰম্ভিক প্ৰতিশ্ৰুতি অতিক্ৰম কৰি প্ৰায় দুই লাখ নিযুক্তি প্ৰদানৰ পথত আগবাঢ়িছে বুলি উল্লেখ কৰে। চৰকাৰে স্বচ্ছ, নিকা আৰু মেধাক গুৰুত্ব প্ৰদানেৰে ৰাজ্যৰ যুৱপ্ৰজন্মৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি পুনৰ এবাৰ পূৰণ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
পোষ্টটোত তেওঁ লিখিছে, “আজি অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) আৰু আন পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে অসম এতিয়া গৌৰৱেৰে মহীয়ান হৈছে৷ চৰকাৰী নিযুক্তি ব্যৱস্থাই স্বচ্ছতা, মেধা আৰু যোগ্যতাৰ এক নতুন মাপকাঠী নিৰ্মাণ কৰিছে৷ আমি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ নিযুক্তিৰ, কিন্তু আজি আমি তাতকৈ বহু বেছি নিযুক্তি প্ৰদানেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছো৷”
“এতিয়া আমি প্ৰায় ২ লাখ নিযুক্তি দিয়াৰ পথত সুকলমে আগবাঢ়িছো৷ এয়া আমাৰ ৰাজ্যৰ যুৱক-যুৱতীসকলৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰকৃত উদাহৰণ৷”- এইদৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে অসমৰ নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সদায়েই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাম বুলিও প্ৰতিশ্ৰুতি দিয়ে।
এনে পদক্ষেপৰ দ্বাৰা ৰাজ্যৰ যুৱক-যুৱতীসকলৰ কঠোৰ পৰিশ্ৰমে নতুন অসমৰ সফলতাৰ সংজ্ঞা নিৰূপণ কৰিব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে। আন এক ফেচবুক পোষ্ট যোগে তেওঁ কোনো দুর্নীতি বা বিতর্ক নোহোৱাকৈও যে চৰকাৰী নিযুক্তি পৰীক্ষাৰ ফলাফল সুসংগঠিতভাৱে ঘোষণা কৰিব পৰা যায়, সেয়া অসমে আজি পুনৰবাৰ প্ৰমাণ কৰিলে বুলি উল্লেখ কৰে।