শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এই ৰায়দান অত্যন্ত দুৰ্ভাগ্যজনক, আমি উচ্চ ন্যায়ালয়ত আবেদন কৰিম: APSC কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰী

চাকৰিৰ বিনিময়ত নগদ ধন কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বৰ্খাস্ত হোৱা ২০১৩ আৰু ২০১৪ বৰ্ষৰ বেচৰ ৫২ গৰাকীক পুনৰ চাকৰিত বাহাল ৰখাল নিৰ্দেশ দিয়া হৈছে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE)ৰ সৈতে জড়িত কেলেংকাৰীত বৰ্খাস্ত কৰা হৈছিল এইসকল বিষয়াক। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

এই ৰায়দান অত্যন্ত দুৰ্ভাগ্যজনক, আমি উচ্চ ন্যায়ালয়ত আবেদন কৰিম: APSC কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
trishna-kalita
Trishna Kalita | Published: 21 Jun 2025 17:07 PM

APSC কেলেংকাৰীত জড়িত থকা অভিযোগত বৰ্খাস্ত হোৱা বিষয়াসকলক পুনৰ চাকৰিত মকৰলৰ নিৰ্দেশ দিয়া হৈছে।  গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চাকৰিৰ বিনিময়ত নগদ ধন কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বৰ্খাস্ত হোৱা ২০১৩ আৰু ২০১৪ বৰ্ষৰ বেচৰ ৫২ গৰাকীক পুনৰ চাকৰিত বাহাল ৰখাল নিৰ্দেশ দিয়া হৈছে। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE)ৰ সৈতে জড়িত কেলেংকাৰীত বৰ্খাস্ত কৰা হৈছিল এইসকল বিষয়াক। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুজনে।

ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীক লৈ গঠিত বিভাগীয় বিচাৰপীঠে ৰিট আপীলৰ এটা গোট শুনানি গ্ৰহণ কৰি পৰীক্ষামূলক সময়সীমা সম্পূৰ্ণ কৰা চাকৰিৰ পৰা বৰ্খাস্ত কৰা বিষয়াসকলক ৫০ দিনৰ ভিতৰত পুনৰ চাকৰিত মকৰলৰ নিৰ্দেশ দিয়ে। আপীলকাৰীসকলে তেওঁলোকৰ সেৱাৰ পৰা বৰ্খাস্ত কৰাৰ সমৰ্থন কৰা ন্যায়াধীশৰ পূৰ্বৰ ৰায়দানক প্ৰত্যাহ্বান জনাইছিল।

ইফালে  ৰাজ্য চৰকাৰক আগন্তুক ৩০ দিনৰ বাবে তেওঁলোকক কোনো ধৰণৰ দায়িত্ব অৰ্পণ নকৰাৰ লগতে প্ৰয়োজন হ’লে কোনো বিভাগীয় তদন্তৰ অনুমতি প্ৰদান কৰিছে।  বিষয়াসকলে চাকৰিৰ পৰা বৰ্খাস্ত হৈ থকা সময়ছোৱাত কোনো ধৰণৰ দৰমহা বা বাবদ ধনৰ বাবে যোগ্য নহ’ব। উল্লেখ্য যে ২০১৬ চনত এ পি এছ চিৰ চাকৰিত নগদ ধনৰ লেনদেনৰ কেলেংকাৰি পোহৰলৈ অহাত অসম আৰক্ষীৰ তদন্তৰ সময়ত ইয়াৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পাল আৰু ৫৭ জন অসামৰিক সেৱাৰ বিষয়াকে ধৰি ৭০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

APSC কেলেংকাৰীক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়,   ‘যিটো সময়ত অসমত স্বচ্ছতা আৰু মেধাৰ ভিত্তিত এশ শতাংশ নিযুক্তিৰ পৰিৱেশ তৈয়াৰ হৈছে, সেই সময়ত এ পি এছ চিৰ যি ৰায়দান আহিছে, সেয়া অত্যন্ত দুৰ্ভাগ্যজনক৷ এই ৰায়দানে আমাৰ মনলৈ হতাশা আনিছে। আমি নিশ্চিতভাৱে উচ্চ ন্যায়ালয়ত আবেদন কৰিম। শেষ মুহূৰ্তলৈকে চেষ্টা কৰিম যাতে APSC কেলেংকাৰীক জড়িত থকাসকলে কোনেপধ্যেই চাকৰি ঘূৰাই পাব নোৱাৰে।”