বৃক্কৰ সমস্যা হ'লে চকুত দেখা দিয়ে এই লক্ষণ...

11 Sept 2025

TV9 ASSAM

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। কিন্তু বিভিন্ন কাৰণত বৃক্কৰ সমস্যা হয়। যেতিয়া এই সমস্যা হয় তেতিয়া কিছুমান লক্ষণ চকুতো দেখা দিয়ে।

বৃক্ক

যদি চকু বাৰে বাৰে ফুলা, লেতেৰা ওলোৱা, ধোঁৱা ধোঁৱা দেখা আদি সমস্যাৰ সৃষ্টি হয় তেন্তে এয়া সহজভাৱে নল'ব। বৃক্কৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে।

চকু ফুলা

কম শুৱা বা নিমখীয়া কিবা বস্তু খোৱাৰ পাছত চকু ফুলা সাধাৰণ কথা। কিন্তু এই ফুলাৰ সমস্যা যদি গোটেই দিনটো থাকে, বা দীৰ্ঘদিন থাকে তেন্তে এয়া ডাঙৰ সমস্যা হ'ব পাৰে।

নিমখ খোৱা

বৃক্কৰ সমস্যা হ'লে প্ৰস্ৰাৱত প্ৰটিন নিৰ্গত হয়। এনে সময়ত চকুৰ আশে পাশে তৰল পদাৰ্থ জমা হয়। যাৰ ফলত চকু ফুলি উঠে।

কেতিয়া হয়

যদি আপোনাৰ হঠাতে দৃষ্টিশক্তি অস্পষ্ট, দুটা দুটা বস্তু দেখে তেন্তে এয়া ডায়েবেটিছৰ লক্ষণ হ'ব পাৰে। এই সমস্যা কিডনীৰ সমস্যাৰ লগতো জড়িত।

দৃষ্টিশক্তি

যদি বাৰে বাৰে চকু শুকাই যায় আৰু খজুৱতি হৈ থাকে তেন্তে এয়া বৃক্কৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। ইয়াৰোপৰি চকু ৰঙা, সামান্য বিষ আদি হ'ব পাৰে।

খজুৱতি

বাৰে বাৰে প্ৰস্ৰাৱ, প্ৰস্ৰাৱত অত্যধিক ফেন, হাত-ভৰি ফুলা, বমি, ভোক কমি যোৱা, ছাল শুকান, ভাগৰুৱা, দুৰ্বল, পেটৰ বিষ আদি বৃক্কৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

অন্য লক্ষণ

পঢ়িবলৈ ক্লিক কৰক 

ধনতেৰাচ শুভ এই ৰাশিৰ বাবে