হিন্দু অধ্যুষিত অঞ্চলত নচলিব কোৰবানি: ধুবুৰী কাণ্ডৰ মাষ্টাৰ মাইণ্ডক আত্মসমৰ্পণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীয়ে কয়, "ইছলামত লিখা নাই যে, কোৱবানী গৰুৰ হ'ব লাগিব। আমাক প্ৰকৃত হিন্দু আৰু প্ৰকৃত মুছমান মানুহ লাগে। মুছমানসকলৰ ভিতৰতো এনে গণ্ডগোলীয়া মানুহ আছে, হয়তো হিন্দু মাজতো আছে। প্ৰকৃত নাগৰিক থাকিলে শান্তি থাকে।"

ঈদৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত গৰুৰ অৱশিষ্ট উদ্ধাৰ হোৱাক লৈ উত্তেজিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ পিছতে আজি সাম্প্ৰদায়িক অশান্তিৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ ল’বলৈ ধুবুৰী ভ্ৰমণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে শৰ্মাই ধৰ্মীয় সংবেদনশীলতাৰ ওপৰত এক দৃঢ় বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কৰ মূল প্ৰৰোচক হিচাপে চিনাক্ত কৰা ব্যক্তিগৰাকীক শীঘ্ৰে আত্মসমৰ্পণৰ আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে কয়, ‘গো-মাংসৰ বিতৰ্কৰ মূল প্ৰৰোচক মিন্টু আলী চিনাক্ত কৰা হৈছে।’ তেওঁ কয়, “বৰ্তমান তেওঁ পলাতক হৈ আছে, আৰু তেওঁৰ মোবাইল ফোনটো চুইচ অফ কৰা হৈছে। মই তেওঁৰ আত্মসমৰ্পণৰ বাবে আহ্বান জনাইছো।”
মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰি কয় যে এতিয়ালৈকে এই অপ্ৰীতিকৰ কাৰ্যৰ সৈতে জড়িত ১৫১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁ কয়, “ধুবুৰীৰ পৰিস্থিতি এতিয়া শান্ত, কিন্তু চৰকাৰে স্থানীয় নিৰাপত্তা অধিক শক্তিশালী কৰাৰ বাবে সেনা শিবিৰ নিৰ্মাণকে ধৰি দীৰ্ঘম্যাদী ব্যৱস্থাৰ পৰিকল্পনা কৰিছে।” সাম্প্ৰদায়িক উত্তেজনা দূৰ কৰাৰ লক্ষ্যৰে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি ড০ শৰ্মাই দৃঢ়তাৰে কয় যে, “প্ৰকৃত ইছলামত বিশ্বাস কৰা লোকসকলে কেতিয়াও হিন্দু অঞ্চলত গৰুৰ কোৰবানী নিদিয়ে।”
লগতে কয়, “ইছলামত লিখা নাই যে, কোৱবানী গৰুৰ হ’ব লাগিব। আমাক প্ৰকৃত হিন্দু আৰু প্ৰকৃত মুছমান মানুহ লাগে। মুছমানসকলৰ ভিতৰতো এনে গণ্ডগোলীয়া মানুহ আছে, হয়তো হিন্দু মাজতো আছে। প্ৰকৃত নাগৰিক থাকিলে শান্তি থাকে।” তেওঁ কয়, চৰকাৰ আপোনালোকৰ লগত আছে। সকলোৱে নিয়ম-নীতি মানি চলক।” অঞ্চলটোত গো-মাংস বিক্ৰী সন্দৰ্ভতো স্পষ্ট সতৰ্কবাণী জাৰি কৰে মুখ্যমন্ত্ৰী শৰ্মাই। ধুবুৰীত এতিয়া কোৰবাণী সম্পৰ্কীয় সকলো কাম-কাজ বন্ধ কৰি দিয়া বুলি নিশ্চিত কৰি তেওঁ কয়, ‘দোকানীসকলে নিজাববীয়াকৈ বিক্ৰী বন্ধ কৰিব লাগে নহ’লে আৰক্ষী যাব।”
তেওঁ ঈদৰ পূৰ্বে চুবুৰীয়া ৰাজ্যৰ পৰা ১৪৬০টা গৰু ধুবুৰীত প্ৰৱেশ কৰা বুলি কৰি উল্লেখ কৰি অনুমতি দিয়াৰ বাবে পশুপালন বিভাগৰ বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। ধৰ্মীয় স্থানসমূহ সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ধুবুৰীৰ বিশিষ্ট শিখ গুৰদ্বাৰাৰ আশে-পাশে গো-মাংসমুক্ত বাফাৰ জ’ন ঘোষণা কৰে। তেওঁ কয়, ‘পাঁচ কিলোমিটাৰৰ ভিতৰত কোনেও গো-মাংস খাব নোৱাৰে।” লগতে শান্তি-শৃংখলা সুনিশ্চিত কৰিবলৈ অহা বছৰ ঈদৰ সময়ত তেওঁ নিজে ধুবুৰীত থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
ইফালে ৰাজনৈতিক বিষয়ত শৰ্মাই বিৰোধী নেতা গৌৰৱ গগৈক সমালোচনা কৰি কয়, “গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা ১০ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব। লগতে তেওঁৰ বিৰুদ্ধে চলি থকা ৰাজনৈতিক আক্ৰমণৰ কথা উল্লেখ কৰি শৰ্মাই লগতে কয়, “২৫ বছৰ ধৰি মোৰ বেয়া দিন আনিবলৈ বহুতে চেষ্টা কৰি আহিছে।”