শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ধিং কাণ্ডৰ আঁৰত আছে ডাঙৰ ষড়যন্ত্ৰ, ভীতিগ্ৰস্ত কৰা হৈছে অসমীয়াক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ধিঙৰ কাণ্ডৰ আঁৰত থকা ষড়যন্ত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী কয়,   "আজি যদি চাই ধিঙৰ কাণ্ড অকল ধৰ্ষণৰ ঘটনাই নহয়, অসমীয়া মানুহক বাৰে বাবে ভীতিগ্ৰস্ত কৰি থকা হৈছে। যাতে সেই অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ধিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে। কিন্তু আজি তাত ১০ হাজাৰ অসমীয়া মানুহো নাই।"

ধিং কাণ্ডৰ আঁৰত আছে ডাঙৰ ষড়যন্ত্ৰ,  ভীতিগ্ৰস্ত কৰা হৈছে অসমীয়াক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
trishna-kalita
Trishna Kalita | Updated On: 25 Aug 2024 15:10 PM

পুনৰ এটা বিশেষ সম্প্ৰদায়ক লৈ মত পোষণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধিঙৰ কাণ্ডৰ কথা উল্লেখ কৰি এই ঘটনাৰ আঁৰত বিশেষ সম্প্ৰদায়টোৰ ডাঙৰ ষড়যন্ত্ৰ আছে বুলি কয় মুখ্যমন্ত্ৰীয়ে। লগতে সকলোকে মাটি বিক্ৰীৰ ক্ষেত্ৰত আমি সজাগ হোৱাৰ কথাও কয়।

ৰাজ্যত সংঘটিত হোৱা ঘটনাসমুহৰ সমাধানৰ ক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “ইয়াৰ সমাধান হৈছে অসমীয়া জাতিৰ একতা। অসমীয়া জাতি যেতিয়ালৈ একেলগে থিয় হৈ থাকি তেতিয়ালৈ একো সমস্যা নহয়, চলি থাকিব পাৰিম। কিন্তু আমি যেতিয়া একেলগে নাথাকো তেতিয়া আমি দুৰ্বল হৈ যাম।”

ধিং কাণ্ডৰ আঁৰত থকা ষড়যন্ত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী কয়,   “আজি যদি চাই ধিঙৰ কাণ্ড অকল ধৰ্ষণৰ ঘটনাই নহয়, অসমীয়া মানুহক বাৰে বাবে ভীতিগ্ৰস্ত কৰি থকা হৈছে। যাতে সেই অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ধিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে। কিন্তু আজি তাত ১০ হাজাৰ অসমীয়া মানুহো নাই। ধিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহো নায়েই। অথচ গোটেই গাওঁবোৰৰ নাম অসমীয়া। গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নল’ব। ইয়াৰ পাছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে।”

মুখ্যমন্ত্ৰী আকৌ কয়, “বৰপেটাত এটা ঘটনা যদি হয় আপোনালোকে দেখা পাব ঘটনাবোৰ এটা ব্যৱধানৰ মাজত হয়। যিবোৰ গাঁৱত জনগাঁথনিৰ পৰিৱৰ্তন ঘটনাবোৰ তাতে হৈ থাকে। যাতে মানুবোৰ সোনকালে তাৰ পৰা ওলাই আহে। কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হৈছিল। শ্মশান এখন সন্মুখত তলা মাৰি হূলস্থূল লগাই দিলে। কাৰণ তাত ইতিমধ্যে আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে। হূলস্থূল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহি
মাটি সোনকালে বিক্ৰী হৈ যায়। গতিকে ইয়াৰ লগত মাটি বিক্ৰীৰ এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে।”

“ধিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ’ল পৰিয়ালটোৱে মোক জনাইছে যে তেওঁলোকে আৰু ধিঙত থাকিব নোখোজে। তাৰমানে এটা সফল হৈ গ’ল। ৫ বিঘা মাটি গ’ল। মাটিটো কোনে কিনিব? তেওঁলোকে এনেকুৱা অদ্ভুত দাম দিয়ে, ৫ লাখ দামৰ মাটিত ৫০ লাখ দিম বুলি কয়। মানুহে আৰু কিমান দেৰি ৰৈ থাকিব। যদি ৫০ লাখ টকা পায়, নগাঁও টাউনৰ মাটি কিনিব পাৰিব। গতিকে মানুহে ৫০ লাখ টকাটো লৈ লয়।”

 

ইফালে পুনৰ USTMৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰীয়ে কয়, ” আজি ইউ এছ টি এমৰ সাধাৰণ কথা এটা মই কোৱাৰ লগে লগে বহু আমাৰ মানুহে জাঙোৰ খাই উঠিছে৷ ইয়াৰ প্ৰতিবাদ কৰিছে৷ আজি অসমীয়া মানুহৰ হাতৰ পৰা বিত্তীয় ক্ষমতাবোৰ লাহে লাহে ওলাই গৈ আছে আৰু তাৰ সুযোগ এটা সম্প্ৰদায়ে লৈ আছে৷ ২৫০ বছৰ পুৰণি আমাৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে আইন আনিব লগা হৈছে৷ মাটি বিক্ৰীৰ ক্ষেত্ৰত আমি সজাগ হ’ব লাগিব৷”