শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সকলোতে প্ৰকাশমান ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ সফলতাঃ খানাপাৰাত পতাকা উত্তোলন কৰি ক’লে মুখ্যমন্ত্ৰীয়ে

ভাষণত তেওঁ প্ৰায় চাৰে চাৰি বছৰীয়া কাৰ্যকালত অসমবাসীক দিয়া প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে আত্মনিয়োগ কৰা বুলি উল্লেখ কৰে। এতিয়া ইয়াৰ সফলতা সকলোতে প্ৰকাশ পাইছে বুলি তেওঁ দোহাৰে।

সকলোতে প্ৰকাশমান ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ সফলতাঃ খানাপাৰাত পতাকা উত্তোলন কৰি ক’লে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Updated On: 15 Aug 2025 12:19 PM

সমগ্ৰ দেশত আজি অত্যন্ত উলহ-মালহেৰে উদযাপন কৰা হৈছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত দেশৰ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। ইফালে অসম চৰকাৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ কেন্দ্ৰীয় কাৰ্যসূচী আয়োজন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈক স্মৰণ কৰি ৰাজ্যবাসীক সম্বোধন কৰে। নিজ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰাৰ লগতে আন বহু দিশৰ আলোকপাত কৰে।

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত পঞ্চমবাৰৰ বাবে আজি স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণত তেওঁ প্ৰায় চাৰে চাৰি বছৰীয়া কাৰ্যকালত অসমবাসীক দিয়া প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত কৰাৰ বাবে ৰাজ্য চৰকাৰে আত্মনিয়োগ কৰা বুলি উল্লেখ কৰে। এতিয়া ইয়াৰ সফলতা সকলোতে প্ৰকাশ পাইছে বুলি তেওঁ দোহাৰে।

অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলা অংগীকাৰ মৰ্মেই এতিয়া ৰাজ্যত শান্তি আৰু প্ৰগতি প্ৰতিষ্ঠা কৰা হৈছে বুলিও তেওঁ ভাষণত কয়। খিলঞ্জীয়া অসমীয়া আৰু ভাৰতীয়ই নিজৰ মাটি-ভেটিৰ অস্তিত্বত যাতে ভুগিবলগা নহয়, তাৰ প্ৰতিশ্ৰুতি দিয়াৰ দৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে।

ৰাজ্যত উন্নয়নৰ দিশত গ্ৰহণ কৰা পদক্ষেপত কেন্দ্ৰৰ সহযোগিতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই ব্ৰহ্মপুত্ৰৰ ওপৰত স্থলপথ আৰু ৰে’লপথ দেশৰ দীৰ্ঘতম দলং বগীবিল মুকলি হোৱা বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দেশৰ দীৰ্ঘতম ফুলবাৰী দলং, গুৱাহাটী-উত্তৰ গুৱাহাটী দলং, পলাশবাৰী-শুৱালকুচি দলঙৰ কাম চলি আছে আৰু শৰাইঘাটৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ বাবে অনুমোদন জনাইছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইফালে যোৰহাট আৰু মাজুলীৰ মাজত দলং নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব বুলি তেওঁ লগতে কয়।

জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প, গুৱাহাটীৰ ৰিং ৰোড, কলিয়াবৰ-নুমলীগড়ত এলিভেটেড কৰিডৰ, ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথৰ দৰে অভিলাষী প্ৰকল্প ৰূপায়ণৰ দিশত আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰে। নুমলীগড়ত স্থাপন কৰা দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰে ৰাজ্যৰ বাঁহ খেতিয়কসকলৰ বাবে প্ৰচুৰ সম্ভাৱনা বহন কৰিছে বুলি তেওঁ লগতে কয়।

নামৰূপৰ সাৰ কাৰখানা নিৰ্মাণত কেন্দ্ৰৰ সেউজ সংকেত, ৰেলপথ বৈদ্যুতিকৰণ, গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল, ব্ৰহ্মপুত্ৰবৰাকেৰে ভাৰতবাংলাদেশ প্ৰটকল পথত মালবাহী জাহাজ চলাচল, পথ নিৰ্মাণ আদি দিশৰ ওপৰত আলোকপাত কৰি তেওঁ লগতে সম্প্ৰতি অসম দেশৰ তৃতীয় দ্ৰুততম বিকশিত ৰাজ্যত পৰিণত হৈছে বুলি তেওঁ লগতে কয়

বিগত চাৰি বছৰত ১১ হাজাৰৰো অধিক উগ্ৰপন্থীয়ে মূলসুঁতিলৈ উভতি অহা বুলি উল্লেখ কৰি তেওঁ লগতে ৰাজ্যত এতিয়া সন্ত্ৰাসবাদ নাইকিয়া হৈছে বুলি মন্তব্য কৰে সমান্তৰালকৈ ৰাজ্যৰ শান্তিশৃংখলা উন্নত হোৱাৰ লগতে মহিলাৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত সফলতাৰ দিশত আগবঢ়া বুলিও তেওঁ কয়।

নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নতুন মাইলষ্ট’ন স্থাপন কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইপৰ্যন্ত ১,২১,২৪০ গৰাকী যুৱক-যুৱতীক সম্পূৰ্ণ নিকা আৰু স্বচ্ছ পদ্ধতিৰে নিযুক্তি প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে। তেওঁ লগতে ৰাজ্যত ভূমি বেদখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ স্থিতি পুনৰ স্পষ্ট কৰি বেদখলকাৰীৰ পৰা ভূমি মুক্ত নকৰালৈ ক্ষান্ত নহয় বুলিও হুংকাৰ দিয়ে।