শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশৰ ভিতৰতে বিকশিত আৰু সৰ্বাংগসুন্দৰ ৰাজ্য হোৱাৰ দিশত অসম: মুখ্যমন্ত্রী

পাণবজাৰ উৰণ সেতু উদ্বোধন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে," পাণবজাৰৰ পুৰণি উৰণ সেতুখন চাপৰ হোৱা হেতুকে ৰে'লৰ চলাচলত অসুবিধা হোৱাৰ লগতে যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈ আহিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে উত্তৰ পূব সীমান্ত ৰে'লৱেই ৭.৫ মিটাৰ বহলকৈ, ১.৫ মিটাৰ বহল পদপথৰ সৈতে পূৰ্বৰ উৰণ সেতুখনৰ স্থানত এই নতুন উৰণ সেতুখন নিৰ্মাণ কৰিছে।"

দেশৰ ভিতৰতে বিকশিত আৰু সৰ্বাংগসুন্দৰ ৰাজ্য হোৱাৰ দিশত অসম: মুখ্যমন্ত্রী
গুৱাহাটীত দুখনকৈ নতুন উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰীৰ
trishna-kalita
Trishna Kalita | Updated On: 27 Sep 2025 23:33 PM

আজি পাণবজাৰ উৰণ সেতু আৰু পানীখাইতিত নাৰেংগী-ভকতগাঁও পথত দুইলেনযুক্ত জয়ন্ত হাজৰিকা উৰণ সেতু জনসাধাৰণৰ বাবে আনুষ্ঠানিকভাৱে উৎসর্গা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে, ৪৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে ২৯০ মিটাৰ দৈৰ্ঘ্যৰ পাণবজাৰ উৰণ সেতুখন। আনহাতে, ৬৯ কোটি টকা ব্যয়ৰে পানীখাইতিত ৫৩৭ মিটাৰ দৈৰ্ঘ্যৰ জয়ন্ত হাজৰিকা উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে।

পাণবজাৰ উৰণ সেতু উদ্বোধন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে,” পাণবজাৰৰ পুৰণি উৰণ সেতুখন চাপৰ হোৱা হেতুকে ৰে’লৰ চলাচলত অসুবিধা হোৱাৰ লগতে যান-জঁটৰ সমস্যাৰ সৃষ্টি হৈ আহিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে উত্তৰ পূব সীমান্ত ৰে’লৱেই ৭.৫ মিটাৰ বহলকৈ, ১.৫ মিটাৰ বহল পদপথৰ সৈতে পূৰ্বৰ উৰণ সেতুখনৰ স্থানত এই নতুন উৰণ সেতুখন নিৰ্মাণ কৰিছে।”

অসমত ৰে’ল পৰিবহণ খণ্ডৰ উন্নতিৰ প্ৰসংগত তেওঁ কয়, “একক ৰে’ল লাইন থকা হেতুকে ৰাজ্যত ৰে’লৰ পৰিবহণ অতি লেহেমীয়া আছিল। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সদিচ্ছা আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰচেষ্টাত অসমত ক্ষীপ্র গতিত দ্বৈত ৰে’লপথ নিৰ্মাণৰ কাম আগবাঢ়িছে”। তেওঁ কয়, এসময়ত উত্তৰ পূব সীমান্ত ৰে’লৱে উত্তৰ পূৰ্বাঞ্চলত বছৰি ২ হাজাৰ কোটি টকা খৰচ কৰিছিল। এতিয়া বছৰি ১০ হাজাৰ কোটি টকা খৰচ কৰে।”

উত্তৰ পূব সীমান্ত ৰে’লৱেই ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলঙৰ সমীপত আন এখন ৰে’ল দলং নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয়, “এই দলংখনে ৰাজ্যৰ ৰে’ল চলাচল ব্যৱস্থা যথেষ্ট সুচল কৰি তুলিব।” অহা কেইমাহমানৰ ভিতৰত কাজিৰঙাৰ ওপৰেৰে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘এলিভেডেট কৰিডোৰ’ নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে অনুমোদন দিব বুলি সদৰী কৰি ড° শৰ্মাই কয় যে এই প্রকল্প সম্পূর্ণ হৈ উঠিলে বাৰিষাৰ সময়ত ৰাস্তা পাৰ হোৱাৰ সময়ত কাজিৰঙাৰ বন্য জীৱ-জন্তুৰ মৃত্যুৰ হাৰ যথেষ্ট কমিব।”

ইফালে গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মহ্মপুত্ৰৰ তলেৰে গাড়ী আৰু ৰে’ল চলাচল কৰিব পৰা এটা সুৰংগ পথ নিৰ্মাণৰ প্ৰক্ৰিয়া চলি থকা বুলি উল্লেখ কৰি তেওঁ কয়, প্ৰথম অৱস্থাত ১২ হাজাৰ কোটি টকাৰে কেৱল গাড়ী চলাচলৰ বাবে পথটো নিৰ্মাণৰ কথা চিন্তা কৰা হৈছিল যদিও প্রধানমন্ত্রী মোদীৰ পৰামৰ্শ মর্মে ৰে’ল চলাচলো কৰিব পৰাকৈ সুৰংগ পথটো নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা কৰি থকা হৈছে। ইয়াৰ ফলত প্ৰকল্পটোৰ ব্যয় ১৫ হাজাৰ কোটি টকাতকৈ অধিক হ’ব।” ভাষণত  অসম ভাৰতৰ ভিতৰতে বিকশিত আৰু সৰ্বাংগ সুন্দৰ ৰাজ্য হোৱাৰ দিশত আগবাঢ়িছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রীয়ে।

গুৱাহাটীৰ উন্নয়ন সন্দৰ্ভত বহু সময়ত উৰাবাতৰিৰ সৃষ্টি হোৱা বুলি আক্ষেপ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “উৰণ সেতু নিৰ্মাণৰ বাবে দীঘলীপুখুৰীৰ গছ কটা বুলি হোৱা প্ৰচাৰ এটা উৰা বাতৰি।” তেওঁ কয় যে আজিকালি সজীৱ কৰি ৰাখিব বুলিও তেওঁ কয়। গছকো এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিব পৰা যায়। নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈ নিৰ্মাণৰত উৰণ সেতুখনৰ বাবে দীঘলীপুখুৰীত এডালো গছকটা হোৱা নাই বৰং শিপাৰে সৈতে গছসমূহ উভালি নি ব্ৰহ্মপুত্ৰৰ পাৰত ৰোপণ কৰা হৈছে।”ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক শাৰদীয় দুর্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে আজি পানীখাইতিত জয়ন্ত হাজৰিকা উৰণ সেতু উদ্বোধন কৰে। এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০২১ চনত উৰণ সেতুখনৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ গুৰুত্বৰ প্ৰসংগত তেওঁ কয় যে গুৱাহাটী-নাৰেংগী-জাগীভকতগাঁও-মৰিগাঁও সংযোগী পথটো গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ এটা অতি গুৰুত্বপূৰ্ণ তথা ব্যস্ততাপূর্ণ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ হিচাপে এই পথটো সঘনে ব্যৱহাৰ কৰা হয়। ৪৮ মাহৰ ভিতৰত এই উৰণ সেতুখনৰ নিৰ্মাণ সম্পূর্ণ কৰা হৈছে।

অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয়, ” সুৰৰ যাদু আৰু সুমধুৰ কণ্ঠৰে অসমৰ সংগীত জগতত অক্ষয় চাপ এৰি থৈ যোৱা কালজয়ী শিল্পী জয়ন্ত হাজৰিকাৰ নামেৰে গুৱাহাটীৰ প্ৰৱেশ দুৱাৰত নিৰ্মাণ কৰা উৰণ সেতুখনৰ নামকৰণ কৰা হৈছে। গুৱাহাটী মহানগৰৰ যাতায়তৰ অন্যতম গুৰুত্বপূৰ্ণ হোমেন বৰগোঁহাই পথত নিৰ্মাণ কৰা পানীখাইতিৰ উৰণ সেতুখনে উঠি অহা প্ৰজন্মৰ মনত সদায় এই অমৰ শিল্পীগৰাকীৰ স্মৃতি।”