শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মিঞা বিহুৰ পৰা নগাঁৱৰ ইউৰিয়া দিয়া মাছলৈ…! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে ক’লে কেইবাটাও গুৰুত্বপূৰ্ণ কথা..

আলতাপ হুছেইন মিঞা বিহু প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "মিঞা বিহু ওলাল। আমাক ইতিকিং কৰি গালি-গালাজ পাৰি কিছুমানে মিঞা বিহুৰ প্ৰচলন কৰিলে। এই মিঞা বিহু গোৱা আলতাপ হুছেইন নামৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মই স্পষ্টভাৱে ক'ব বিচাৰো, যিমান দিনলৈ আমি আছোঁ, যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব এই সমাজত আমি স্বাভিমানেৰে জীয়াই থাকিম।

মিঞা বিহুৰ পৰা নগাঁৱৰ ইউৰিয়া দিয়া মাছলৈ…!  ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে ক’লে কেইবাটাও গুৰুত্বপূৰ্ণ কথা..
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Trishna Kalita
Trishna Kalita | Published: 01 Sep 2024 12:43 PM

শনিবাৰে ফেচবুক লাইভযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাৰ শৰৎকালীন অধিৱেশনত গৃহীত হোৱা বিধেয়কবোৰৰ গুৰুত্ব আৰু উপকাৰিতাৰ বিষয়ে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসম বিধানসভাৰ দুঘণ্টীয়া জুম্মা নামাজ বিৰতি ব্যৱস্থা আঁতৰ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “ব্ৰিটিছৰ দিনত ১৯৩৫ চনত ইণ্ডিয়ান এক্টছ গ্ৰহণ কৰা হৈছিল। যাৰ পৰিসৰৰ ভিত্তিত ৰাজ্যসমূহত বিধান পৰিষদ নিৰ্মাণ কৰা হৈছিল। ১৯৩৭ চনত অসমত বিধানসভাৰ আৰম্ভ হৈছিল। চৈয়দ চাদুল্লা সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী হৈছিল। তাক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল।
তেতিয়া এটা সিদ্ধান্ত লৈছিল প্ৰতি শুকুৰবাৰে জুম্মা নামাজৰ বাবে বিধানসভাত বিৰতি দিয়া হ’ব। অৰ্থাৎ ১১.৩০ বজাতে বিধানসভা শেষ হৈ গৈছিল। যদি দ্বিতীয় দিনটোত দুবাৰ বহিব লাগে তেতিয়াও দুঘণ্টা বিৰতিৰ পাছতহে আমি বহিব পাৰিছিলোঁ। এইবাৰ বিধানসভা ৰুলছ কমিটিয়ে, য’ত সকলো দলৰে বিধায়ক থাকে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিলে।”

আলতাপ হুছেইন মিঞা বিহু প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “মিঞা বিহু ওলাল। আমাক ইতিকিং কৰি গালি-গালাজ পাৰি কিছুমানে মিঞা বিহুৰ প্ৰচলন কৰিলে। এই মিঞা বিহু গোৱা আলতাপ হুছেইন নামৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মই স্পষ্টভাৱে ক’ব বিচাৰো, যিমান দিনলৈ আমি আছোঁ, যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব এই সমাজত আমি স্বাভিমানেৰে জীয়াই থাকিম। আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণ আমি গ্ৰহণ নকৰো। আমাৰ এনেকুৱা ধৰণে আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে। আমি মিলিব লাগে, মিলাব লাগে। কিছু এৰিব লাগে, কিছু ধৰি ৰাখিব লাগে। কিন্তু যদি এৰি দিয়াৰ প্ৰৱণতাৰ পৰিৱৰ্তে কেৱল ধৰি ৰখা প্ৰৱণতা হে হয় কোনো জাতিয়ে নতুনকৈ অহা সমাজখনত মিলি যাব নোৱাৰে।”

তেওঁ পুনৰ কয়, “আমি প্ৰত্যেকটো পৰ্যায়তে মনত ৰখা উচিত যে, আমি এখন সমাজলৈ আহিছোঁ। এইখন সমাজত আমি জিন যাব লাগিব আৰু এইখন সমাজত জিন যাবলৈ সমাজখনৰ মৌলিক চৰিত্ৰ আমি মানি চলিবই লাগিব। কোনোবাই যদি আমাৰ সভ্যতা-সংস্কৃতি, খাদ্য, গীত-নৃত্যক কোনোবাই বেলেগ ধৰণে প্ৰচলন কৰিবলৈ চেষ্টা কৰে কোন অসমীয়াই তাক মানি ল’ব? আমাৰ বাপতিসাহোন বিহুটো যদি মিঞা বিহুলৈ ৰূপান্তৰ হয় কোন অসমীয়াই তাক মানি ল’ব? কিমান দিন জীয়াই থাকিম নাজানো, কিন্তু জীয়াই থকা দিনকেইটা শিৰ নত কৰি জীয়াই নাথাকো। আমি উচ্চ শিৰ লৈয়ে জীয়াই থাকিম। মই ভাবো মোৰ এই বাৰ্তা সকলোৱে ইতিবাচক ৰূপত গ্ৰহণ কৰিব।”

ইফালে শেহতীয়াকৈ চলি থকা মাছ বিৰ্তকক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ইউৰিয়া দিয়া মাছ স্বাস্থ্যৰ পক্ষে হানিকাৰক। গতিকে যদিহে উজনিৰ মানুহে নগাঁৱৰ মাছ নাখাই নিজে মাছ উৎপাদন কৰাৰ কথা ভাৱিছে সেয়া ভাল খবৰ। ই ৰাজ্যৰ অৰ্থনীতি সবল কৰিব। কিন্তু এয়া কেৱল ৰাজনৈতি-অৰ্থনীতিক দৃষ্টিকোণেৰে চোৱা বিষয় নহয়। ইয়ে স্বাস্থ্যৰ ক্ষেত্ৰত এক ধনাত্মক প্ৰভাৱ পেলাব।”

ইয়াৰ ওপৰিও কেবিনেট বৈঠকৰ প্ৰসংগত ড০ শৰ্মাই কয় যে, “কেবিনেট বুলি কওঁতেই খানা-পিনাক লৈ বিভিন্ন চৰ্চা হয়। কিন্তু এইবেলি মই সকলো মন্ত্ৰীকে জনাই দিছো যে, চৰকাৰী খৰছত এইবাৰ কোনো খানা নহয়। দলীয় কৰ্মী তথা বুথ পৰ্যায়ৰ নেতাৰ ঘৰত এইবাৰ মন্ত্ৰীসকলে খাদ্য গ্ৰহণ কৰিব।” লগতে জিলা প্ৰশাসনকো কোনো বিশেষ খানা প্ৰস্তুত নকৰিবলৈ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

লগতে অহা ৩ছেপ্তেম্বৰত লখিমপুৰ ভ্ৰমণলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সেই সময়ত বিভিন্ন স্থান পৰিদৰ্শন কৰি যোৱাৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৪ ছেপ্তেম্বৰত লখিমপুৰত কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে।