কলিয়াবৰৰ ৩২ হাজাৰ মহিলাৰ মাজত উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ
মহিলা উদ্যমিতা আঁচনিৰ অধীনত কলিয়াবৰৰ মুঠ ৩২ হাজাৰ মহিলাক দহ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে, যদি এই দহ হাজাৰ টকাৰ সদ ব্যৱহাৰ কৰি মহিলাসকল লাভান্বিত হয়, তেন্তে পৰৱৰ্তী সময়ত পুনৰ ২৫ হাজাৰ আৰু তাৰ পৰৱৰ্তী সময়ত ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হ'ব।
আজি মঙলবাৰে কলিয়াবৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কলিয়াবৰৰ নাগশংকৰ স্থিত ডাঃ টি আও ষ্টেডিয়ামত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ অনুষ্ঠান। অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আৰু নগাঁও জিলা প্ৰশাসন তথা কলিয়াবৰ সমজিলা প্ৰশাসনৰ ব্যৱস্থাপনাত অনুষ্ঠিত হয় উক্ত অনুষ্ঠানটো।
এই অনুষ্ঠানত মহিলা উদ্যমিতা আঁচনিৰ অধীনত কলিয়াবৰৰ মুঠ ৩২ হাজাৰ মহিলাক দহ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে ৫৭ নং কলিয়াবৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,নগাঁওৰ বিধায়ক ৰূপক শৰ্মা,ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিক বিকাশ অভিযানৰ অধ্যক্ষ কুন্তলমণি শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰাৰ পিচতেই মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰদান কৰে।
ইফালে, মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে, যদি এই দহ হাজাৰ টকাৰ সদ ব্যৱহাৰ কৰি মহিলাসকল লাভান্বিত হয়, তেন্তে পৰৱৰ্তী সময়ত পুনৰ ২৫ হাজাৰ আৰু তাৰ পৰৱৰ্তী সময়ত ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব। যাৰ জৰিয়তে মহিলাসকলে লাখপতি বাউদেউৰ শাৰীলৈ উন্নীত হ’ব পাৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
লগতে তেওঁ কয় যে, যি সকল মহিলাৰ স্বামীৰ ইতিমধ্যেই ব্যৱসায় আছে। তেওঁলোকৰ ব্যৱসায়তো উক্ত ধনৰাশি ব্যৱহাৰ কৰিব পাৰিব। প্ৰতিগৰাকী সদস্যাই গোটত টকা সমূহ জমা কৰিও সমূহীয়াভাৱে ব্যৱসায় কৰিব পাৰিব বুলি মহিলাসকলক অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। তদুপৰি প্ৰতিগৰাকী সদস্যাক তিনিটাতকৈ অধিক সন্তান জন্ম নিদিবলৈও পৰামৰ্শ আগবঢ়াই। ইয়াৰ বাবে নবেম্বৰ মাহত এখন নতুন আইন প্ৰণয়ন কৰাৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।