পলাশবাৰী-শুৱালকুছি সংযোগী সেতুৰ ভূমি পূজন, ৩১৯৭ কোটি টকা ব্যয়ৰে ব্ৰহ্মপুত্ৰত নতুন দলং…
পলাশবাৰী- শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৩১৯৭ কোটি টকা মুঠ প্ৰকল্প ব্যয়েৰে ৪-লেন এক্সট্ৰাড’জড যুক্ত পি এছ চি তথা ১০০ বছৰ টিকিব পৰাকৈ ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে. ২০২৮ চনৰ ভিতৰত এই দলঙৰ কাম সম্পূৰ্ণ হৈ উঠিব।

দেওবাৰে পলাশবাৰী- শুৱালকুছি সংযোগী সেতুৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে বেদ মন্ত্ৰধ্বনিৰে ব্ৰহ্মপুত্ৰৰ ওপৰত এই নতুন দলং খনৰ ভূমি পূজন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শুৱালকুছি আৰু পলাশবাৰীৰ দৰে দুটা গুৰুত্বপূৰ্ণ কেন্দ্ৰক এই দলঙে সংযোগ কৰিব৷ ৩১৯৭ কোটি টকা মুঠ প্ৰকল্প ব্যয়েৰে ৪-লেন এক্সট্ৰাড’জড যুক্ত পি এছ চি তথা ১০০ বছৰ টিকিব পৰাকৈ ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ ঘণ্টাত ১০০ কিলোমিটাৰ গতি চম্ভালিব পৰাকৈ ডিজাইন কৰা এই দলঙৰ কাম ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি শৰ্মাই কয়।
ছ’চিয়েল মিডিয়াত মিডিয়াত এই সন্দৰ্ভত শৰ্মাই লিখে যে- “অসমৰ উন্নয়নী যাত্ৰাৰ এক বিশেষ দিন। আজি আমি পলাশবাৰী আৰু শুৱালকুছি সংযোগী লৌহ পুৰুষ বিষ্ণুৰাম মেধি দলঙৰ ভূমি পূজন কৰিলোঁ৷ ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই দলংখনৰ দৈৰ্ঘ্য ১২.২ কিল’মিটাৰ৷ যোৱা বছৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলঙৰ আধাৰশিলা স্থাপন কৰিছিল।২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন দলং আছিল যদিও ২০১৪ চনৰ পাছত আৰু তিনিখন দলং কাৰ্যক্ষম হৈ পৰিছে; এখন সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু আন কেইখনমান নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে।
অসমৰ বস্ত্ৰ নগৰী তথা বিশ্ববিখ্যাত শুৱালকুছি আৰু আন এক বিকশিত অঞ্চল পলাশবাৰীৰ দৰে দুটা গুৰুত্বপূৰ্ণ কেন্দ্ৰক এই দলঙে সংযোগ কৰিব৷ ৩১৯৭ কোটি টকা মুঠ প্ৰকল্প ব্যয়েৰে ৪-লেন এক্সট্ৰাড’জড যুক্ত পি এছ চি তথা ১০০ বছৰ টিকিব পৰাকৈ ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ ঘণ্টাত ১০০ কিলোমিটাৰ গতি চম্ভালিব পৰাকৈ দলংখন ডিজাইন কৰা হৈছে৷ আৰু ২০২৮ চনৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ’ব৷ দলংখন সম্পূৰ্ণ হ’লে পলাশবাৰী আৰু শুৱালকুছিৰ ৰাইজৰ বহুদিনীয়া আকাংক্ষা পূৰণ হ’ব৷ যাত্ৰাৰ সময় আৰু যাতায়াত খৰচ হ্ৰাস হ’ব৷ লগতে আমাৰ ঐতিহ্যশালী বস্ত্ৰ নগৰীৰ পৰ্যটনক অধিক উন্নীত কৰিব আৰু আমাৰ এখন বিকশিত অসম গঢ়াৰ স্বপ্নক আৰু এখোজ ওচৰলৈ লৈ যাব”।
The Sualkuchi Palasbari bridge will solve lot of issues
👉Reduce travel distance from Nalbari & Barpeta to Airport
👉Open new possibilities for a satellite township near Guwahati
👉Reduction of distance between lower Assam and Goalpara, South Kamrup, etc.#ConnectingAssam pic.twitter.com/Tlj9GwKMAP— Himanta Biswa Sarma (@himantabiswa) December 8, 2024
ভূমি পূজনৰ সময়ত এক জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজি অসমৰ বাবে ঐতিহাসিক দিন। ২০২৩ চনৰ ১৪ এপ্ৰলিত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১৯০ কোটি টকাৰ ব্যয় সাপেক্ষে পলাশবাৰী- শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পাছত ভূমি অধিগ্ৰহণ, নিবিদা প্ৰক্ৰিয়া সমাপন হোৱাৰ পাছত আজি ভূমি পূজন সম্পন্ন হয়। এই দলঙৰ বাবে এতিয়া নলবাৰী- বৰপেটাৰ গুৱাহাটী বিমান বন্দৰৰ লগত দূৰত্ব কমি যাব। লগতে ই গুৱাহাটীৰ সমীপত আন এখন চেটেলাইট চিটি নিৰ্মাণৰ সম্ভাৱণা প্ৰকট কৰিব। ইয়াৰোপৰি এই দলঙে নামনি অসমৰ বিশেষকৈ গোৱালপাৰ, দক্ষিণ কামৰূপ আদিৰ দৰে ঠাইৰ দূৰত্ব নোহোৱা কৰিব বুুলি মুখ্যমন্ত্ৰীয়ে কয়।
ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত হ’বলগীয়া বা হৈ যোৱা উন্নয়নমূলক প্ৰকল্পৰ খাতিয়ান দাঙি ধৰি কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যোৰহাট – মাজুলীৰ মাজত নতুন দলঙৰ কাম আৰম্ভ হ’ল। তাৰ পৰা অলপ আগুৱাই আহি অহা বছৰৰ ভিতৰত গহপুৰ আৰু গোলাঘাটক সংযোগ কৰি ১২,০০০ কোটি টকাৰ ব্যয়ৰে ব্ৰহ্মপুত্ৰৰ তলেদি গাড়ী আহিব পৰাকৈ সুৰংগ নিৰ্মাণ হ’ব, কাজিৰঙাত বন্যপ্ৰাণীৰ সুৰক্ষা, সুচল যাতায়তৰ বাবে ৮০০০ কোটি টকা ব্যয় সাপক্ষে এলিভেটেড ৰোড নিৰ্মাণ হ’ব, কলিয়াবৰৰ পৰা আগত কলিয়াভোমোৰাত আন এখন দলঙৰ কাম সম্পূৰ্ণ হ’ল, গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম অহা বছৰত সম্পূৰ্ণ হোৱাৰ লগতে মৰিগাঁও – দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলঙৰ কাম শীঘ্ৰেই আৰম্ভ হব বুলি মুখ্যমন্ত্ৰীয়ে কয়।