5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিৰ্দয়ভাৱে পাহাৰ কটাৰ প্ৰয়োজন নাই, পাহাৰৰ ঢল মেঘালয়ৰ দিশে নমাই দিয়ক: USTM কৰ্তৃপক্ষক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে কয়, "মিনাৰৰ তলেৰে যেতিয়া আমি যাম আমাৰ বাবে নামঘৰ এটা বনাই দিয়ক। USTMত মই দুবাৰ গৈছিলো। আমাৰ ডাঙৰ ডাঙৰ বুদ্ধিজীৱীসকলে USTMৰ ডাঙৰ প্ৰেক্ষাগৃহ থকা বাবে গুৱাহাটীৰ মিটিঙবোৰ যোৰাবাটত কৰে। মই জাতিটোৰ কাৰণে তাক অপমাণ বুলি ভাবিছোঁ। ঘূৰি আহি মই খানাপাৰত সমান ডাঙৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ।"

নিৰ্দয়ভাৱে পাহাৰ কটাৰ প্ৰয়োজন নাই, পাহাৰৰ ঢল মেঘালয়ৰ দিশে নমাই দিয়ক: USTM কৰ্তৃপক্ষক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ
USTM কৰ্তৃপক্ষক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ
trishna-kalita
Trishna Kalita | Updated On: 14 Aug 2024 13:14 PM

পুনৰ USTM প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিছুদিন পূৰ্বে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই USTM (University of Science & Technology Meghalaya)ক জগৰীয়া কৰিছিল। পাহাৰ কাটি এই শিক্ষা প্ৰতিষ্ঠানখন নিৰ্মাণৰ ফলতে গুৱাহাটীত কৃত্ৰিম বান হোৱাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ কৃত্ৰিম বানৰ আঁৰত USTMয়ে ‘ফ্লাড জেহাদ’ চলাই থকা বুলি অভিযোগ উত্থাপন কৰিছিল শৰ্মাই।

তাৰ পাছতে মঙলবাৰে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কৈছিল যে তেওঁ কয়, ‘‘আমাৰ বিশ্ববিদ্যালয়ক আমি দুটা বস্তুৰ পৰা আঁতৰত ৰাখোঁ। এটা ‘ধৰ্ম’ আনটো ‘ৰাজনীতি’। মূল গেটখনৰ কথা মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতহে লক্ষ্য কৰিছোঁ। USTMৰ আশে পাশে বহুত উন্নয়নমূলক কাম চলি আছে, তাৰ বাবে মাটি-গছ কটা হৈ আছে। গুৱাহাটীত বানপানী হয়, ইয়াৰ বাবে আমি জগৰীয়া নহয়।’’

মহবুবুল হকে কয়, “আমি কেনেকৈ কাম কৰিলে ভাল হয়, মুখ্যমন্ত্ৰীয়ে দিহা পৰামৰ্শ দিয়ক। আমি তেনেধৰণে কৰিবলৈ চেষ্টা কৰিম। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত USTMক আমি আগস্থান দিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। ইতিমধ্যে NIRFৰ অধিনত শ্ৰেষ্ঠ ২০০খন বিশ্ববিদ্যালয়ৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছো, য’ত উত্তৰ-পূবৰ ভিতৰত একমাত্ৰ ব্যক্তিগত বিশ্ববিদ্যালয় USTM অন্তৰ্ভুক্ত হৈছে।”

ইয়াৰ পাছতে ফেচবুক লাইভযোগে USTM কৰ্তৃপক্ষই সাক্ষাৎ কৰিব খুজিছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয়, “USTMৰ কিছু কথা মই বেয়া পাও। মিনাৰ এটা নিৰ্মাণ কৰা হৈছে। কিন্তু তাৰ লগত বটদ্ৰৱাৰ নামঘৰৰ সচিত্ৰ,গীৰ্জা এটাও নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন। আমি ধৰ্মনিৰপেক্ষতাৰ পৰিচয় দিব লাগিব। যোৱা দুদিনত USTMত কাম কৰি থকা তথা প্ৰাক্তন বহুজনে তাত চলি থকা বিভিন্ন কথা বতৰা মোক জনাইছে। মই তাত সোমাব নোখোজো। USTM মেঘালয় চৰকাৰৰ দায়িত্বত আছে।”

এই ক্ষেত্ৰত কিছু পৰামৰ্শ আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয়, “মিনাৰৰ তলেৰে যেতিয়া আমি যাম আমাৰ বাবে নামঘৰ এটা বনাই দিয়ক। USTMত মই দুবাৰ গৈছিলো। আমাৰ ডাঙৰ ডাঙৰ বুদ্ধিজীৱীসকলে USTMৰ ডাঙৰ প্ৰেক্ষাগৃহ থকা বাবে গুৱাহাটীৰ মিটিঙবোৰ যোৰাবাটত কৰে। মই জাতিটোৰ কাৰণে তাক অপমাণ বুলি ভাবিছোঁ। ঘূৰি আহি মই খানাপাৰত সমান ডাঙৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। USTMতকৈ বহুগুণে ভাল প্ৰেক্ষাগৃহ হ’ব। USTM কৰ্তৃপক্ষই মোক সাক্ষাৎ কৰিব খুজিছে। মই আপোনালোকক লগ পাম কথা পাতিম কোনো আপত্তি নাই। কিন্তু এবাৰ আপোনালোকে বনানীকৰণ কৰক, পাহাৰ কটা কমাই দিয়ক। পাহাৰ নকটাকৈয়ো সুন্দৰ সুন্দৰ অট্টালিকা বনাব পাৰিব। নিৰ্দয়ভাৱে পাহাৰ কটাৰ প্ৰয়োজন নাই পাহাৰৰ ঢল অসমৰ ফালে নমাই নিদি আধা মেঘালয়ৰ দিশে নমাই দিয়ক। কাৰণ তাত কোনো জনবসতি নাথাকে। আমাৰ ফালে নমাি দিলে যোৰাবাট শেষ হৈ যাব “

Latest News