শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ যুৱক-যুৱতীলৈ জাপানত চাকৰিৰ সুযোগ! কি ক’লে মুখ্যমন্ত্ৰীয়ে, চাওক…

আজি অসম কেবিনেটে ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলৰ নিয়োগৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয়। ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত অনুসৰি এতিয়া অসমৰ যুৱক-যুৱতীয়ে জাপানত নিযুক্তি লাভৰ সুযোগ লাভ কৰিব। সংবাদমেলত এই বিষয়ে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যৰ যুৱক-যুৱতীলৈ জাপানত চাকৰিৰ সুযোগ! কি ক’লে মুখ্যমন্ত্ৰীয়ে, চাওক…
মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 23 Jul 2025 18:28 PM

অসম চৰকাৰৰ কেবিনেট বৈঠক আজি ডিব্ৰুগড়ত অনুষ্ঠিত হয়। এই বৈঠকত আজি ৰাজ্যিক কেবিনেটে আজি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি আজি অসম কেবিনেটে ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলৰ নিয়োগৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয়।

ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত অনুসৰি এতিয়া অসমৰ যুৱক-যুৱতীয়ে জাপানত নিযুক্তি লাভৰ সুযোগ লাভ কৰিব। সংবাদমেলত এই বিষয়ে সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এডভাণ্টেজ আছামৰ জৰিয়তে কৰা চুক্তিৰ আধাৰত অসমৰ শিক্ষিত যুৱক-যুৱতীসকলক চাকৰিৰ বাবে জাপানলৈ পঠিওৱাৰ বাবে বিগত সময়ছোৱাত চৰকাৰে পৰ্যালোচনা কৰি আহিছে।

সেই অনুসাৰে এতিয়া জাপানৰ তিনিটা কোম্পানীয়ে জাপান চৰকাৰৰ অনুমতি সাপেক্ষে অসমৰ যুৱক-যুৱতীসকলক জাপানী ভাষাৰ প্ৰশিক্ষণ দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জাপানী ভাষাৰ শিক্ষা দিয়াৰ লগতে এই কোম্পানী কেইটাই জাপানত নিয়োগৰ সুবিধা প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে।

জাপানত নিয়োগৰ পিছত অসমৰ যুৱক-যুৱতীসকলে মাহে প্ৰায় ২.৫০ লাখ টকাৰ দৰমহা লাভ কৰিব বুলিও তেওঁ কয়। ইফালে এই প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলক প্ৰায় ৩-৪ লাখ টকা খৰচ হয় আৰু এই খৰচ বহন কৰিব পৰাকৈ অসম চৰকাৰে ১.৫০ লাখ টকা সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়। অৱশ্যে বাকী ধনৰাশি প্ৰশিক্ষাৰ্থীসকলে নিজাকৈ বহন কৰিব লাগিব।

এই পদক্ষেপৰ অধীনত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৩০০০ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। অৱশ্যে কোনো লোকে যদি জাপানলৈ যাবলৈ ইচ্ছা নকৰে, তেতিয়া ভাৰতত থকা জাপানী কোম্পানীত কাম কৰিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে। এই আঁচনিখনৰ নাম দিয়া হৈছে চীফ মিনিষ্টাৰ ফ’ৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল’বেল হিউমেন টেলেণ্ট (CMFLIGHT)।