শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ ফ্লেগ অফ, গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন আৰু ICSS মুকলি অমিত শ্বাহৰ

গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা উদ্বোধন কৰে মুকলি কৰে অমিত শ্বাহে। ১১১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন।

ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ ফ্লেগ অফ, গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন আৰু ICSS মুকলি অমিত শ্বাহৰ
manas-borah
Manas Borah | Updated On: 29 Dec 2025 18:14 PM

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ স্থায়ী ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা উদ্বোধন কৰে। ১১১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন। ইফালে, ২০০০ চিচিটিভিৰে গঠিত স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা।

একে সময়তে নতুনকৈ মুকলি কৰা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত আয়োজিত নতুন ন্যায় সংহিতাৰ সম্পর্কীয় এক প্ৰদৰ্শনী উন্মোচন কৰাৰ উপৰি ৰাজ্যৰ প্ৰতি জিলাত মোতায়েন কৰিবলগীয়া ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ ফ্লেগ অফ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুকলি কৰে মুঠ ২৯২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই প্ৰকল্প দুটা।

গুৱাহাটী আৰক্ষী আয়ুক্ত বিভাগৰ ১০ মহলীয়া কাৰ্যালয় ভৱন খানাপাৰাত ১১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই ভৱনটোত গুৱাহাটী আৰক্ষীৰ সকলো শাখা থাকিব আৰু ইয়াত ৪০০ বিষয়াৰ বহাৰ ক্ষমতা থাকিব, ইয়াৰ উপৰিও এটা পুথিভঁৰাল আৰু এটা আৰ্কাইভ থাকিব। অনুষ্ঠানৰ সময়ত শ্বাহে নতুন ভৱনৰ ভিতৰত ইনটেলিজেনচ চিটি চাৰ্ভিলেন্স চিষ্টেম উদ্বোধন কৰে।

১৮১ কোটি টকাৰ বিনিয়োগেৰে বিকশিত এই ব্যৱস্থাৰ অংশ হিচাপে এটা উন্নত কমাণ্ড এণ্ড ডাটা ফেচিলিটি-ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ (আইচিচিচি)স্থাপন কৰা হৈছে। ২০০০ চিচিটিভি কেমেৰাৰে গঠিত এই ইউনিটটোত ৬০ টা নাগৰিক সুৰক্ষা আৰু সতৰ্কতামূলক ব্যৱস্থা আছে, যাৰ ফলত উত্তৰ-পূবৰ সৰ্ববৃহৎ চহৰখনৰ সামগ্ৰিক নিৰাপত্তা যথেষ্ট বৃদ্ধি পাব।

জনসাধাৰণৰ মাজত নতুন আইন সজাগতা সৃষ্টিৰ বাবে অসম আৰক্ষীৰ চি আই ডিৰ উদ্যোগত ‘নবীন ন্যায় সংহিতাৰ ওপৰত প্ৰদৰ্শনী’ৰ আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত নতুনকৈ প্ৰণয়ন কৰা আইনসমূহৰ মূল বৈশিষ্ট্য, উদ্দেশ্য আৰু কাৰ্যকৰীকৰণ বাখ্যা কৰা হয়।

এই ভৱনত পানী পৰিশোধন আৰু নলা পৰিশোধন প্লাণ্টৰ সৈতে ১০০ শতাংশ বৰষুণৰ পানী সংগ্ৰহৰ সুবিধা থকাৰ লগতে ৪২.৩ কিলোৱাট বিদ্যুৎ উৎপাদনৰ বাবে সৌৰ পেনেলৰ ব্যৱস্থা আছে। একেটা অনুষ্ঠানতে শ্বাহে অসম আৰক্ষীৰ অধীনত থকা ৩৯খন ফৰেনছিক ভ্ৰাম্যমাণ বাহনৰ ফ্লেগ অফ কৰে।