শ্যামকানু-সিদ্ধাৰ্থৰ বিৰুদ্ধে CID ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক বিশেষ নিৰ্দেশ…
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ'ব চি আই ডিৰ তদন্ত। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেজেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ চি আই ডিলৈ স্থানান্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। মই অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সমূহ এজাহাৰ চি আই ডিলৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ।”
Multiple FIRs have been filed against Shri Syamkanu Mahanta and Shri Sidharth Sarma in connection with the unfortunate and untimely demise of our beloved Zubeen Garg. I have directed the @DGPAssamPolice to transfer all the FIRs to the CID and to register a consolidated case for a…
— Himanta Biswa Sarma (@himantabiswa) September 20, 2025
পুৱা ভাগত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে,মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। সেই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। গতিকে এই সন্দৰ্ভত তদন্ত নিশ্চিতভাৱে হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ লগতে কয় যে, তদন্তৰ আওতালৈ শ্যামকানু মহন্ত, সিদ্ধান্ত শৰ্মাৰ লগতে ছিংগাপুৰত জুবিনৰ সৈতে শেষ সময়ত যিসকল লোক আছিল তেওঁলোকো তদন্ত আওতালৈ আহিব। তেওঁ কয়, “এটা কথা প্ৰকাশ পাইছে যে, আগদিনা জুবিন গাৰ্গক এটা পাৰ্টিলৈ লৈ যোৱা হৈছিল। সামাজিক মাধ্যমত পাইছোঁ, সঁচা-মিছা নাজানো ! সেইবোৰ কথাও তদন্তৰ আওতালৈ আহিব।”
লগতে পঢ়ক- গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে, তদন্তৰ আওতালৈ আহিব সিদ্ধাৰ্থ-শ্যামকানু, ঘোষণা মুখ্যমন্ত্ৰীৰ
লগতে পঢ়ক- যোৰহাটত হ’ব নেকি জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া ? জনালে মুখ্যমন্ত্ৰীয়ে…