সকলো কাম এতিয়া এটা ক্লিকতে, EPFO য়ে প্ৰৱৰ্তন কৰিছে Passbook Lite ! ইয়াৰ সুবিধাবোৰ জানক…
EPFO য়ে প্ৰৱৰ্তন কৰিছে এক নতুন সেৱা। Passbook Lite নামৰ এই নতুন বৈশিষ্ট্যৰ জৰিয়তে EPF একাউণ্ট পৰিচালনা আৰু ইয়াৰ পৰা ধন উলিয়াবলৈ সহজ হ’ব।

প্ৰভিডেণ্ট ফাণ্ডৰ ব্যৱহাৰ সহজ হৈ পৰিছে। EPFO য়ে প্ৰৱৰ্তন কৰিছে এক নতুন সেৱা। Passbook Lite নামৰ এই নতুন বৈশিষ্ট্যৰ জৰিয়তে EPF একাউণ্ট পৰিচালনা আৰু ইয়াৰ পৰা ধন উলিয়াবলৈ সহজ হ’ব। পাছবুকো তৎক্ষণাত আপডেট কৰা হ’ব। পাছবুক পৰ্টেলৰ জৰিয়তে কিমান টকা জমা হৈছে সেয়াও চাব পাৰিব।
১৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মানসুখ মাণ্ডৱে কয় যে, EPF ত স্বচ্ছতা অনা আৰু ইয়াক ব্যৱহাৰকাৰী অনুকূল কৰি তোলাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা EPFO ৰ পাছবুক পৰ্টেলত লগ ইন কৰি প্ৰভিডেণ্ট ফাণ্ডৰ অৱদান আৰু লেনদেন চাব পাৰিব।
‘পাছবুক লাইট’ত বেলেঞ্চ চেক, উলিওৱা, জমা আদি সকলো সেৱা এতিয়া এটা ক্লিকতে কৰিব পাৰিব। এই বৈশিষ্ট্যসমূহ EPFO পৰ্টেল https://unifiedportal-mem.epfindia.gov.in/memberinterface/ ৰ পৰা পোৱা যাব।
আন এটা সুবিধাও ‘পাছবুক লাইট’ত পোৱা যাব। এতিয়াৰ পৰা এনেক্সাৰ কে (Transfer Certificate) অনলাইনতো পোৱা যাব। বৰ্তমান চাকৰি সলনি কৰাৰ সময়ত PF একাউণ্টটো ফৰ্ম ১৩ ৰ জৰিয়তে নতুন কাৰ্যালয়ৰ পি এফ কাৰ্যালয়লৈ ট্ৰেন্সফাৰ কৰিব লাগে। পুৰণি কাৰ্যালয়ৰ পৰা ট্ৰেন্সফাৰ চাৰ্টিফিকেট তৈয়াৰ কৰি নতুন কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয়। এতিয়া এনেক্সাৰ কে অনলাইনত পোৱা যাব। অৰ্থাৎ অফিচলৈ আৰু অপেক্ষাৰ প্ৰয়োজন নাই। পি এফ চাবস্ক্ৰাইবাৰে নিজে এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব।
ইপিএফঅ’ৰ পাছবুক লাইটত স্থানান্তৰ আবেদনৰ ষ্টেটাছ চাব পাৰিব। লগতে পিএফ স্থানান্তৰ সহজে কৰিব পাৰিব। ভৱিষ্যতৰ সুবিধাৰ বাবে গ্ৰাহকসকলে ডিজিটেল ৰেকৰ্ড ৰাখিব পাৰিব।