শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চিৰাঙত বিদ্যুৎস্পৃষ্ঠ হৈ একেলগে তিনিজনৰ মৃত্যু, এজনৰ সংকটজনক অৱস্থা

বিদ্যুৎস্পৃষ্ঠ হৈ একেলগে তিনিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে, হঠাতে হাই ভল্টেজ বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলতে লোক তিনিজনৰ মৃত্যু হৈছে।

চিৰাঙত বিদ্যুৎস্পৃষ্ঠ হৈ একেলগে তিনিজনৰ মৃত্যু, এজনৰ সংকটজনক অৱস্থা
Manas Borah
Manas Borah | Published: 25 Jan 2026 11:51 AM

চিৰাঙৰ আমটেকা ১ নং এলেংমাৰী গাঁৱত অঘটন। বিদ্যুৎস্পৃষ্ঠ হৈ একেলগে তিনিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে, হঠাতে হাই ভল্টেজ বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলতে লোক তিনিজনৰ মৃত্যু হৈছে। ইয়াৰ লগতে আন এজন লোক আহত হৈছে।

জানিব পৰা মতে নিশা গাঁওখনত হঠাতে হাই ভল্টেজ বিদ্যুৎ প্ৰবাহিত হয় আৰু বিদ্যুৎস্পৃষ্ঠ হৈ এই তিনিজন লোকৰ অকাল মৃত্যু হয় আৰু এজন আহত হয়। মৃত তিনিজন ক্ৰমে-দৈমালু নাৰ্জাৰী,বিজয় মুছাহাৰী আৰু মাইকেল বসুমতাৰী। খবৰ অনুসৰি, মৃত মাইকেল বসুমতাৰীৰ কালি দিনৰ ভাগত বিয়া সম্পন্ন হৈছিল। নিজৰ বিবাহৰ দিনটোতে অকাল মৃত্যুক সাৱটি ল’লে মাইকেলে।

জানিব পৰা মতে হাই ভল্টেজ এচ টি তাঁৰ চিঙি এল ডি তাঁৰত পৰে তাৰ পিছতেই এই অঘটন সংঘটিত হয়। বিয়া ঘৰৰ লগতে গাঁৱৰ অন্য ঠাইতো হাই ভল্টেজ বিদ্যুৎ প্ৰবাহিত হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় লোক সদৰী কৰা মতে, কালিৰ দিনটোত মাইকেল বসুমতাৰীৰ বিয়া আছিল। দিনৰ ভাগত তেওঁৰ বিবাহ সম্পন্ন হয়। ৰাতি হঠাতে হাই ভল্টেজ বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলত বিদ্যুৎস্পৃষ্ঠ হৈ মাইকেল বসুমতাৰীৰ মৃত্যু হয়। ইয়াৰ লগতে বিয়া ঘৰৰ আন এজন লোকৰ মৃত্যু হয়। ইফালে, একে সময়তে বিয়া ঘৰৰ ওচৰৰে আন এটা ঘৰত এজন লোক বিদ্যুৎস্পৃষ্ঠ হৈ মৃত্যুক সাৱটি লয়। আন এজন লোক সংকটজনক অৱস্থাত ICU ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে স্থানীয় লোকে। একাংশ স্থানীয় লোকে এই ঘটনাৰ তদন্তৰো দাবী জনাইছে।