শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহানগৰীত লোমহৰ্ষক ডকাইতি কাণ্ড, চিনেমাৰ কায়দাৰে হাতত মাৰণাস্ত্ৰ লৈ ডকাইতে চলালে লুটপাত

দলটোৱে ঘৰটোত লুটপাত চলোৱাৰ লগতে পৰিয়ালটোৰ সদস্যকো ভয়ানক আক্ৰমণ চলায়। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহানগৰীত লোমহৰ্ষক ডকাইতি কাণ্ড, চিনেমাৰ কায়দাৰে হাতত মাৰণাস্ত্ৰ লৈ ডকাইতে চলালে লুটপাত
গুৱাহাটীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড
Monjit Dutta
Monjit Dutta | Updated On: 20 Jan 2026 10:14 AM

গুৱাহাটী মহানগৰীৰ বুকুত সংঘটিত হৈছে এক শিহৰণকাৰী ডকাইতি কাণ্ড। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত চাৰিজনীয়া এটা ডকাইতৰ দলে চিনেমাৰ কায়দাৰে চলাই এই তাণ্ডৱ। দলটোৱে ঘৰটোত লুটপাত চলোৱাৰ লগতে পৰিয়ালটোৰ সদস্যকো ভয়ানক আক্ৰমণ চলায়। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ সময়ত ব্যৱসায়ী অনিল ডেকা বহিঃৰাষ্ট্ৰত অধ্যয়নৰত নিজ কন্যাক থ’বলৈ বিমানবন্দৰলৈ গৈছিল। ঘৰত কেৱল তেওঁৰ পত্নী কৰবী ডেকা আৰু গাড়ী চালকজন উপস্থিত আছিল। সেই সুযোগতে এখন বগা ৰঙৰ ‘চুইফট ডিজায়াৰ’ বাহনত অহা চাৰিজনীয়া মুখমণ্ডলত ক’লা কাপোৰ পৰিহিত ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰে।

প্ৰায় ৪০ মিনিট ধৰি ঘৰটোৰ ভিতৰত ডকাইতৰ দলটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে। ডকাইতকেইজনে পিষ্টল আৰু চোকা অস্ত্ৰৰে অনিল ডেকাৰ পত্নী আৰু চালকজনক আক্ৰমণ কৰে। আনকি ডকাইতৰ দলটোৱে কৰবী ডেকাৰ মুখত পিষ্টল সুমুৱাই দি প্ৰাণে মৰাৰ ভাবুকি দি আলমাৰিৰ চাবি কাঢ়ি লয়।

ইয়াৰ পিছতে ঘৰত থকা নগদ ধন, সোণৰ অলংকাৰসহ সকলো মূল্যবান সামগ্ৰী দলটোৱে লুটি লৈ যায় বুলি জানিব পৰা গৈছে। এই সমগ্ৰ লোমহৰ্ষক দৃশ্য বাসগৃহটোত থকা চিচিটিভি (CCTV) কেমেৰাত আবদ্ধ হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ফটাশিল আমবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

চিচিটিভি ফুটেজৰ আধাৰত ডকাইতৰ দলটোৰ সন্ধান চলোৱা হৈছে বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই। গুৱাহাটীৰ জনবসতিপূৰ্ণ এলেকাত সংঘটিত এই ডকাইতিৰ ঘটনাই মহানগৰবাসীক শংকিত কৰি তুলিছে।