Chilarai Diwas 2025: আজি বীৰ চিলাৰায় দিৱস, ৰাজ্যজুৰি শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ চিলাৰায়ক স্মৰণ…
আজি ৰাজ্যত উদযাপন কৰা হৈছে বীৰ চিলাৰায় দিৱস। চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে কোঁচ ৰাজবংশৰ শুক্লধ্বজৰ নাম চিলাৰায় হোৱা বুলি লিপিবদ্ধ আছে বুৰঞ্জীৰ পৃষ্ঠাত৷ তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাই বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক।ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত অমৰ ধৰ্মীয় গ্ৰন্থৰাজি ৰচনা কৰিবলৈ সক্ষম হৈছিল শংকৰদেৱে।

বীৰ চিলাৰায় দিৱস উপলক্ষে আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে বীৰ চিলাৰায়ক। প্ৰতি বছৰে মাঘী পূৰ্ণিমাত সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় এই দিৱস। বীৰ যোদ্ধা মহাবীৰ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমেৰে ধন্য কৰিছে অসম ভূমি। বীৰ চিলাৰায়ৰ পৃষ্ঠপোষকতাত অসমৰ সমাজ জীৱনত সূচনা হৈছিল এক নতুন যুগৰ। যাৰ বাবে বীৰ চিলাৰায়ক স্মৰণ কৰি ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে চিলাৰায় দিৱস।
২০০৫ চনৰে পৰা চিলাৰায়ৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰি আহিছে অসম চৰকাৰে।চিলাৰায় দিৱসটো ঘোষণা কৰা হৈছে ৰাজ্যিক বন্ধৰ দিন হিচাপে। এই দিৱসতে বিভিন্ন ক্ষেত্ৰত সাহসিকতাৰ পৰিচয় দিয়া বিশেষ ব্যক্তিক চৰকাৰীভাৱে প্ৰদান কৰা হয় বীৰ চিলাৰায় বঁটা। ইয়াৰ বাহিৰেও বীৰ চিলাৰায়ৰ স্মৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ।
ইফালে সামাজিক মাধ্যমযোগে জন্মজয়ন্তীত বীৰ চিলাৰায়ক সোঁৱৰিছে বিভিন্নজনে। এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “অসম বুৰঞ্জীৰ অন্যতম অমৰ চৰিত্ৰ চিলাৰায়ৰ সাহস, বীৰত্ব আৰু পাৰদৰ্শিতাই যুগে যুগে আমাৰ উত্তৰপুৰুষক অনুপ্ৰাণিত কৰি আহিছে৷ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে কোঁচ ৰাজবংশৰ শুক্লধ্বজৰ নাম চিলাৰায় হোৱা বুলি বুৰঞ্জীৰ পৃষ্ঠাত লিপিবদ্ধ আছে৷ ইয়াৰ পৰাই বুজা যায় অসীম বীৰত্ব তথা শৌৰ্য-বীৰ্যৰে মহীয়ান আমাৰ অসম সন্তানৰ দুৰ্জেয় সাহসৰ কথা৷ আজি চিলাৰায় জয়ন্তীত মহান কোঁচ সেনাপতিগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷ সূৰ্য, নদী, পাহাৰ থকালৈকে বিশ্ব-বীৰ চিলাৰায়ক প্ৰতি অসমীয়াই শ্ৰদ্ধাৰে স্মৰণ কৰিব৷”
On Chilarai Diwas, my tributes to Bir Chilarai, one of the bravest sons of Aai Asomi.
The flagbearer of the Koch Rajbongshi community, his stories of valour and patriotism continue to inspire everyone. pic.twitter.com/fy7kHsx67P
— Himanta Biswa Sarma (@himantabiswa) February 12, 2025
বীৰ চিলাৰায়ক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে, “মহান কোচ সেনাপতি বীৰ চিলাৰায়ক আজি তেখেতৰ পুণ্য জয়ন্তীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। মহাবীৰজনাৰ পৰাক্ৰম, ৰণকৌশল আৰু বৰ্ণিল জীৱনগাথা যুগ-যুগান্তৰলৈ অসমীয়া জাতিৰ গৌৰৱ, সাহস আৰু অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।”
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই লিখিছে, “জয় শুক্লধ্বজ সিংহৰ জয়!আমাৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, জাতিটোৰ সাহস, আমাৰ সংস্কৃতিৰ ধ্বজাবাহক বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ এই পৱিত্ৰ ক্ষণত মহান বীৰগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মহনায়ক গৰাকীৰ অকথিত বহু বিষয় আমি নৱ-প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ আৱশ্যকতা অনুভৱ কৰিছোঁ, আমাৰ নৱ প্ৰজন্মই মহান বীৰজনাৰ অদ্বিতীয় যুদ্ধ কৌশল আৰু দক্ষ পৰিচালনাৰ বিভিন্ন দিশ আয়ত্ত কৰাটো হ’ব জাতিটোৰ বাবে ৰক্ষা কৱচ।”