শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰসংগ: ব্যৱসায়ী ৰাজেশ বাজাজৰ বাসগৃহত CBIৰ অভিযান, বহু নথি-পত্ৰ জব্দ…

আজি Apex বেংকৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত অভিযুক্ত ৰাজেশ বাজাজৰ গুৱাহাটীৰ ঘৰত CBI-এ অভিযান চলায়। মহানগৰীৰ সৰুমটৰীয়াৰ বাসগৃহত চলিছে CBI-এ চলাইছে এই অভিযান। চিবিআইৰ এটা উচ্চস্তৰীয় দলে পুৱাৰে পৰা বাজাজৰ বাসগৃহত তালাচি চলায়।

প্ৰসংগ: ব্যৱসায়ী ৰাজেশ বাজাজৰ বাসগৃহত CBIৰ অভিযান, বহু নথি-পত্ৰ জব্দ…
ব্যৱসায়ী ৰাজেশ বাজাজ
Trishna Kalita
Trishna Kalita | Updated On: 20 Jan 2026 17:44 PM

ব্যৱসায়ী ৰাজেশ বাজাজৰ বাসগৃহত CBIৰ অভিযান। এপেক্স বেংকৰ কোটিটকীয়া কেলেংকাৰীত অভিযুক্ত ৰাজেশ বাজাজ। এটা চক্রৰ জৰিয়তে বাজাজে ২০ কোটি টকাৰ ঋণ লৈছিল বাজাজে। পৰৱৰ্তী সময়ত বেংক কৰ্তৃপক্ষক সেই ধন ঘূৰাই দিয়া নাছিল। যাৰ বাবে বিতৰ্কত সোমাই পৰিছিল ব্যৱসায়ীগৰাকী। বৃহৎ পৰিমাণৰ ধন পৰিষোধ নকৰাৰ বাবে দেউলীয়া হোৱাৰ উপক্ৰম হৈছিল এপেক্স বেংক ৷

আজি Apex বেংকৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত অভিযুক্ত ৰাজেশ বাজাজৰ গুৱাহাটীৰ ঘৰত CBI-এ অভিযান চলায়। মহানগৰীৰ সৰুমটৰীয়াৰ বাসগৃহত চলিছে CBI-এ চলাইছে এই অভিযান। চিবিআইৰ এটা উচ্চস্তৰীয় দলে পুৱাৰে পৰা বাজাজৰ বাসগৃহত তালাচি চলায়। দীৰ্ঘ সময় অভিযান চলাই CBIৰ দলটোৱে উদ্ধাৰ কৰে বহু নথি-পত্ৰ । এটা ডাঙৰ ৰঙা বেগ জব্দ কৰে CBIৰ দলটোৱে ।

উল্লেখ্য যে, এপেক্স বেংক কেলেংকাৰীৰ সমান্তৰালকৈ বেংক অফ বৰোডাৰ পৰা বাজাজে লৈছিল কেইবাকোটিৰ ঋণ। বিগত ২০২৫ বৰ্ষত CBIত গোচৰ ৰুজু কৰিছিল বেংক কৰ্তৃপক্ষই। কলকাতাৰ CBI কাৰ্যালয়ত ৰাজেশ বাজাজৰ প্ৰতিষ্ঠানৰ নামত গোচৰ তৰিছিল বেংক অফ বৰোডাই। সেই গোচৰটোতে আজি CBI-এ অভিযান চলাই ৰাজেশ বাজাজৰ বাসগৃহ আৰু কোম্পানীত। জানিব পৰা মতে নৰ্থ ইষ্ট প্লেনটেছন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ নামত কেইবাকোটিৰ ঋণ লৈছিল বাজাজে।

কিন্তু এপেক্স বেংকৰ দৰেই বেংক অফ বৰোডাৰ পৰা লোৱা ঋণ পৰিশোধ নকৰিলে বিতৰ্কিত ব্যৱসায়ীগৰাকীয়ে বাজাজৰ ঘৰত অভিযান চলোৱাৰ সমান্তৰালকৈ জু-ৰোডস্থিত নৰ্থ ইষ্ট প্লেনটেছন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত BI-এ অভিযান চলাইছে C। ৰাজেশ বাজাজৰ ভাতৃ কিশোৰ বাজাজক লগত লৈ কোম্পানীটোত অভিযান চলাইছে CBIৰ দলটোৱে।