শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আকৌ চৰ্চাত লীনা দলে, মাতৃ-কন্যাৰ বিৰুদ্ধে দিল্লী বিশ্ববিদ্যালয়ৰ গোচৰ

শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ জালিয়াতিৰ তথ্য। তাৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পৰামৰ্শ আগবঢ়াইছে আয়োগে। ইতিমধ্যে দিল্লীৰ মৰিছ নগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে।

আকৌ চৰ্চাত লীনা দলে, মাতৃ-কন্যাৰ বিৰুদ্ধে দিল্লী বিশ্ববিদ্যালয়ৰ গোচৰ
Ssp Leena Doley
trishna-kalita
Trishna Kalita | Updated On: 29 Sep 2025 07:49 AM

পুনৰ বিপদত পৰিব নেকি SSP লীনা দলে? লীনা দলেৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। কন্যাৰ নামৰ ভুৱা জাতিগত প্ৰমাণ-পত্ৰ উলিয়াই ৰোষত পৰিছে  জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী। জানিব পৰা মতে কন্যাৰ নামত STৰ ভুৱা প্ৰমাণ-পত্ৰ উলিয়াইছিল লীনা দলে। সেই ভুৱা STৰ প্ৰমাণ-পত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভর্তি কৰোৱাইছিল কন্যাৰ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ জালিয়াতিৰ তথ্য। তাৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পৰামৰ্শ আগবঢ়াইছে আয়োগে। ইতিমধ্যে দিল্লীৰ মৰিছ নগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে। ইফালে লীনা দলেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ অসম চৰকাৰক।

উল্লেখ্য যে, পূৰ্বেও কেইবাটাও বিতৰ্তক সোমাই পৰিছিল লীনা দলেৰ নাম। কিছুদিন পূৰ্বে শাস্তিমূলক বদলিৰ সন্মুখীন হৈছিল জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে। যোৱা ১০ ছেপ্টেম্বৰত ধুবুৰীত কোচ ৰাজবংশীয়ে জনজাতিকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

য’ত আৰক্ষীৰ প্ৰহাৰত বহু প্ৰতিবাদকাৰী আহত হৈছিল।  এই ঘটনাৰ সৈতে জড়িতসকলৰ কঠোৰ শাস্তি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল আক্ৰাছুৱে তাৰ পিছতে  লীনা দলেক শাস্তিমূলক বদলিৰ জাননী জাৰি কৰে গৃহ বিভাগেইয়াৰ উপৰিও আৰক্ষী উপ-পৰিদৰ্শন জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খাইছিল লীনা দলেৰ।