NRCত নাম থকা মানেই ভাৰতীয় নহয়… অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ SOP জাৰি
প্ৰব্ৰজন (অসমৰ পৰা বহিষ্কৰণ) আইন, ১৯৫০ ভাৰতীয় সংসদে প্ৰণয়ন কৰা এনে এখন আইন, যিয়ে কেন্দ্ৰীয় চৰকাৰক সেইসকলক ব্যক্তিক অসমৰ পৰা আঁতৰাই নিয়াৰ ক্ষমতা প্ৰদান কৰে, যিসকলৰ উপস্থিতি সাধাৰণ জনতা বা যিকোনো অনুসূচিত জনজাতিৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰক বুলি বিবেচিত হয়। বিভাজনৰ পিছত পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ)ৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ আগমনৰ প্ৰতি সঁহাৰি জনাই এই আইন গৃহীত কৰা হৈছিল আৰু ভাৰত বা অসমৰ পৰা এনে ব্যক্তিক বহিষ্কাৰ কৰাৰ অনুমতি দিয়া হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৯ ছেপ্টেম্বৰ মঙলবাৰে ঘোষণা কৰে যে, কেবিনেটে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কৰণৰ বাবে প্ৰব্ৰজন (অসমৰ পৰা বহিষ্কৰণ) আইন, ১৯৫০ৰ অধীনত এক এছ অ’ পি (SOP) প্রস্তুত কৰাত অনুমোদন জনাইছে । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, উচ্চতম ন্যায়ালয়ে সাংবিধানিক নিৰ্দেশনাৰ জৰিয়তে স্পষ্ট কৰি দিছে যে অসম চৰকাৰক ১৯৫০ চনৰ আইন প্ৰযোজনা কৰি অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।”
মুখ্যমন্ত্ৰীয়ে কয়, “এই আইনৰ অধীনত বিদেশী বুলি বিবেচিত যিকোনো ব্যক্তিক বহিষ্কাৰ কৰাৰ বাবে কেন্দ্ৰই জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰিছে। প্ৰথমবাৰৰ বাবে ৰাজ্যিক কেবিনেটে এই আইনখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে।”
প্ৰব্ৰজন (অসমৰ পৰা বহিষ্কৰণ) আইন, ১৯৫০ ভাৰতীয় সংসদে প্ৰণয়ন কৰা এনে এখন আইন, যিয়ে কেন্দ্ৰীয় চৰকাৰক সেইসকলক ব্যক্তিক অসমৰ পৰা আঁতৰাই নিয়াৰ ক্ষমতা প্ৰদান কৰে, যিসকলৰ উপস্থিতি সাধাৰণ জনতা বা যিকোনো অনুসূচিত জনজাতিৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰক বুলি বিবেচিত হয়। বিভাজনৰ পিছত পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ)ৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ আগমনৰ প্ৰতি সঁহাৰি জনাই এই আইন গৃহীত কৰা হৈছিল আৰু ভাৰত বা অসমৰ পৰা এনে ব্যক্তিক বহিষ্কাৰ কৰাৰ অনুমতি দিয়া হৈছে।
নতুন এছ অ’ পিৰ মতে, যদি জিলা আয়ুক্তই আৰক্ষী বা আন কোনো উৎসৰ পৰা এজন ব্যক্তি অনুপ্ৰৱেশকাৰী বুলি সন্দেহৰ তথ্য লাভ কৰে, তেনে পৰিস্থিতিত সেই ব্যক্তিজনক ১০ দিনৰ ভিতৰত তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰিবলৈ নির্দেশনা দিব। যদি জিলা আয়ুক্তই বিচাৰি পায় যে সন্দেহজনক অনুপ্ৰৱেশকাৰীয়ে দাখিল কৰা প্ৰমাণসমূহ তেওঁৰ ভাৰতীয় নাগৰিকত্ব প্রামাণীকৰণৰ বাবে পর্যাপ্ত/সন্তোষজনক নহয়, তেওঁ ব্যক্তিজনক অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰি তথ্যৰ এক চমু বিবৃতি আৰু ফলাফল সম্বলিত নিজৰ মতামত লিখিতভাবে নথিভুক্ত কৰিব।
কিন্তু যিবোৰ ক্ষেত্ৰত জিলা আয়ুক্তই নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’ব নোৱাৰে, তেনে ক্ষেত্ৰত বিষয়টো অধিক বিচাৰৰ বাবে বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হ’ব। উল্লিখিত আইনৰ ধাৰা ২(ক) অনুসৰি উক্ত অনুপ্ৰৱেশকাৰীক অসমৰ পৰা ২৪ ঘণ্টাৰ সময় দি জিলা আয়ুক্তই নিৰ্ধাৰণ কৰা পথ অনুসৰি বহিষ্কৰণৰ নিৰ্দেশনা প্রদান কৰিব। প্রয়োজন অনুসৰি জিলা আয়ুক্তই ধাৰা ২(খ) অনুসৰি বহিষ্কৰণ কৰা সন্দৰ্ভত অন্য কোনো আদেশো জাৰি কৰিব পাৰে।
তাৰ পিছত বিদেশী ন্যায়াধিকৰণসমূহৰ দ্বাৰা চিনাক্ত কৰা বিদেশী বুলি ঘোষিতসমূহৰ ক্ষেত্ৰত জিলা আয়ুক্তই বহিষ্কাৰ আদেশ জাৰি কৰিব, যিহেতু তেওঁলোকৰ ক্ষেত্ৰত কোনো চিনাক্তকৰণ প্ৰক্ৰিয়াৰ প্ৰয়োজন নাথাকে। এই প্রয়োজনীয়তা নথকাৰ কাৰণ হ’ল যে তেওঁলোকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ইতিমধ্যে উপলব্ধ সুবিধাসমূহ ব্যৱহাৰ কৰিছে। আন কিছু ক্ষেত্ৰত এনে বিদেশী বুলি ঘোষিতসকলে হয়তো কোনো আবেদনৰ প্ৰয়োজন বোধ কৰা নাই।
এবাৰ কোনো ব্যক্তিক অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত কৰি তেওঁক উভতি যাবলৈ নিৰ্দেশনা দিয়াৰ পাছত জিলা আয়ুক্তই অবৈধ প্ৰব্ৰজনকাৰীজনক তেওঁৰ বায়’মেট্ৰিক আৰু জনগাঁথনিগত তথ্য বিদেশী চিনাক্তকৰণ প’ৰ্টেলত নথিভুক্ত কৰাৰ বাবে সংশ্লিষ্ট জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিব।
বহিষ্কৰণ প্ৰক্ৰিয়া
যদিহে অবৈধ প্রব্রজনকাৰীয়ে বহিষ্কাৰৰ নিৰ্দেশ দিয়াৰ পাছতো নিজে আঁতৰি নাযায়, তেন্তে ১৯৫০ চনৰ আইনখনৰ ৪ নম্বৰ ধাৰা অনুসৰি সংশ্লিষ্ট জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহায়ত জিলা আয়ুক্তই হয়তো এনে অনুপ্ৰৱেশকাৰীক হোল্ডিং চেষ্টাৰত ৰাখিব নতুবা বহিষ্কৰণৰ বাবে তেওঁৰ সমীপৱৰ্তী সীমান্তৰক্ষী বাহিনীক গতাই দিব।
এই পদক্ষেপক “এটা ল্যাণ্ডমাৰ্ক সিদ্ধান্ত” বুলি অভিহিত কৰি শৰ্মাই কয় যে এই প্ৰক্ৰিয়াই চৰকাৰে অবৈধ বিদেশীক চিনাক্ত আৰু বিতাড়িত কৰাত যথেষ্ট সহজ কৰি তুলিব। ‘এই আইনখন আগতে কেতিয়াও এনেদৰে কাৰ্যকৰী হোৱা নাছিল।এতিয়া উচ্চতম ন্যায়ালয়ৰ আদেশেৰে অসমে নিজৰ নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দৃঢ়তাৰে কাম কৰিব।’
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘NRCত নাম থাকিলেও এজন লোকক বহিষ্কাৰ কৰা হ’ব পাৰে। ইমিগ্ৰেণ্ট এক্সপালচন এক্ট ১৯৫১ৰ আইনৰ সৈতে NRCৰ কোনো সম্পৰ্ক নাই।” তেওঁ কয়, “NRCত নাম থকা মানেই এজন লোক স্বদেশী বা ভাৰতীয় নহয়। NRCত নাম থাকিলেও যদি বিদেশী প্ৰমাণ হয় তেন্তে বিতাৰণ হ’ব। উচ্চতম ন্যায়ালয়েও ৰায় দিছে যে NRCত নাম থাকিলেই ভাৰতীয় নহয়।”