শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২৮০ নং অনুচ্ছেদ কাৰ্যকাৰীয়ে কেনেদৰে উপকৃত কৰিব বিটিআৰক ? কি ক’লে প্ৰমোদ বড়োৱে ?

বড়োলেণ্ড স্বায়ত্বশাসিত অঞ্চলটোত সংবিধানৰ ২৮০ নং অনুচ্ছেদত কাৰ্যকৰী কৰাৰ দাবী জনাইছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । এই কাৰ্যকৰীয়ে কেনেদৰে উপকৃত কৰিব বিটিআৰক ? এই সন্দৰ্ভত কি ক'লে বিটিচিৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ?

২৮০ নং অনুচ্ছেদ কাৰ্যকাৰীয়ে কেনেদৰে উপকৃত কৰিব বিটিআৰক ? কি ক’লে প্ৰমোদ বড়োৱে ?
বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো
Manas Borah
Manas Borah | Updated On: 28 Jan 2025 13:16 PM

বড়োলেণ্ড স্বায়ত্বশাসিত অঞ্চলটো সংবিধানৰ ২৮০ নং অনুচ্ছেদত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদে। স্বায়ত্বশাসিত পৰিষদে দাবী জনাইছে যে, দশক দশক ধৰি বিদ্ৰোহত ভুগি থকা অঞ্চলটোত এতিয়া শান্তি প্ৰতিষ্ঠা হৈছে । গতিকে বড়োলেণ্ডৰ অন্তৰ্গত দুৰ্গম অঞ্চলৰ উন্নয়নৰ বাবে অধিক অৰ্থৰ প্ৰয়োজনীয়তা আছে । বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয় যে, চাৰিটা দশকৰ অস্থিৰতা, ভয়, অনিশ্চয়তা আৰু ভাবুকিৰ পিছত যি শান্তি লাভ কৰা গৈছে, সেই শান্তি তেওঁ অতুত ৰাখিব বিছাৰে ।

উল্লেখ্য যে, যোৱা সোমবাৰে বড়ো বিদ্ৰোহী গোট আৰু কেন্দ্ৰ আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তিয়ে পাঁচ বছৰ অতিক্ৰম কৰে । সংবিধানৰ ষষ্ঠ অনুসূচীত গঠন কৰা বিটিআৰত পাঁচখন জিলা আছে -কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু শেহতীয়াকৈ তামুলপুৰ অন্তৰ্ভুক্ত হৈছে। ৮,৯৭০ বৰ্গ কিলোমিটাৰ এই অঞ্চলটোত ৩১ লাখৰো অধিক লোকে বসবাস কৰে ।

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়,”আমি আমাৰ জনসাধাৰণক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হৈছো। বড়োলেণ্ডত এতিয়া অবিৰত শান্তি প্ৰতিষ্ঠা হৈছে ।” লগতে তেওঁ কয় যে, “আমাক এতিয়া প্ৰয়োজন হৈছে নীতি আৰু পুঁজিৰ। এই অঞ্চলটোৱে এক বৃহৎ সম্ভাৱনা কঢ়িয়াই ফুৰিছে। গতিকে বড়োলেণ্ডক দেশৰ আন যিকোনো অঞ্চলৰ দৰে গঢ়ি তুলিবলৈ প্ৰযুক্তি, জ্ঞান, আৰ্থিক সহায়ৰ প্ৰয়োজন।”

তেওঁ কয় যে, পুঁজিৰ ব্যৱস্থা এটা ডাঙৰ সমস্যা । ইয়াত কোনো বেংক বা ব্যৱসায়ী নাই । আমি তেওঁলোকক এই অঞ্চললৈ ঘূৰাই পুনৰ আনিবলৈ চেষ্টা কৰিছো। প্ৰমোদ বড়োৱে জানিবলৈ দিয়ে যে, বিটিচিৰ বাবে বাৰ্ষিক মুঠ বাজেট ৮০০ কোটি টকা আবণ্টন হয়, যিটো অসমৰ মুঠ বাজেটৰ প্ৰায় ১২ শতাংশ।

“আমি কেন্দ্ৰক দাবী জনাইছো যে বিটিচি এলেকাত ২৮০ অনুচ্ছেদ কাৰ্যকৰী হ’ব লাগে । যাতে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰত্যক্ষ পুঁজি লাভ কৰিব পাৰো। এই পুঁজি এক আঁচনিৰ অধীনত আহিব। এয়া ২০২০ চনৰ শান্তি চুক্তিৰ এক দফা আছিল । যদি ২৮০ অনুচ্ছেদ কাৰ্যকৰী কৰা হয়, তেতিয়া আমি আমাৰ উন্নয়ন প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব পাৰিম। পৰিষদকো শক্তিশালী কৰা হ’ব । ” এইদৰে কয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । ২৮০ অনুচ্ছেদৰ কাৰ্যকৰীয়ে “আমাৰ বহু আৰ্থিক সমস্যা” সমাধান কৰিব বুলিও উল্লেখ কৰে বিটিচিৰ মুৰব্বীগৰাকীয়ে ।

উল্লেখ্য যে,সংবিধানৰ ২৮০(১) অনুচ্ছেদত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত কৰ নিকা আয় বিভাজন কৰিবলৈ বিত্ত আয়োগ গঠনৰ পদ্ধতি নিৰ্ধাৰণ কৰা আছে ।