শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আমেৰিকাৰ দুমুখীয়া স্থিতি উদঙালে ভাৰতে, দিলে এনে প্ৰত্যুত্তৰ

আমেৰিকাৰ দুমুখীয়া স্থিতি উদঙালে ভাৰতে, দিলে এনে প্ৰত্যুত্তৰ

Monjit Dutta
Monjit Dutta | Published: 05 Aug 2025 20:48 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অবিৰত আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দি দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰিছে।

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ধাৰাবাহিকভাৱে সমালোচনা কৰি অহা পৰিলক্ষিত হৈছে। আমেৰিকাৰ এই ভাবুকিৰ তীক্ষ্ণ প্ৰত্যুত্তৰ দিছে ভাৰতে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অবিৰত আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দি দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। সোমবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ট্ৰাম্পে পুনৰ ভাৰতৰ ওপৰত অধিক শুল্ক বৃদ্ধিৰ ভাবুকি দিছিল।

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি মুকলি বজাৰত বিক্ৰীৰ জৰিয়তে বিপুল পৰিমাণৰ লাভ কৰা বুলি দাবী কৰাৰ লগতে ৰাছিয়াৰ আগ্ৰাসনত ইউক্ৰেইনত মৃত্যু হোৱা লোকৰ বিষয়েও ভাৰতে চিন্তা নকৰে বুলিও মন্তব্য কৰিছিল ট্ৰাম্পে। ইয়াৰ পিছতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ৬টা দিশ উল্লেখ কৰি আমেৰিকাৰ এই দাবীৰ উচিত প্ৰত্যুত্তৰ দিয়ে।