শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ধামাকা অফাৰ! মাত্ৰ ১ টকাতে ৩০ দিনৰ ৰিচাৰ্জ, আনলিমিটেড কলিঙৰ লগতে....

ধামাকা অফাৰ! মাত্ৰ ১ টকাতে ৩০ দিনৰ ৰিচাৰ্জ, আনলিমিটেড কলিঙৰ লগতে….

trishna-kalita
Trishna Kalita | Updated On: 04 Aug 2025 23:35 PM

BSNL Offer: স্বাধীনতা দিৱসৰ পূৰ্বে BSNL লৈ আহিছে ‘Freedom Offer’। মাত্ৰ ১ টকাত গ্ৰাহকক প্ৰকৃত ডিজিটেল স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি দিছে কোম্পানীটোৱে।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত BSNL-এ গ্ৰাহকৰ বাবে আনিছে সৰ্ববৃহৎ অফাৰ। চৰকাৰী টেলিকম কোম্পানীটোৱে আগবঢ়াইছে এনে এটা অফাৰ যিটো আগতে কোনেও দিয়া নাছিল। এই প্লেনত মাত্ৰ ১ টকাত এমাহৰ ৰিচাৰ্জ লাভ কৰিব পাৰিব। ইতিমধ্যে BSNLৰ সমগ্ৰ দেশতে 4G নেটৱৰ্ক সেৱা মুকলি কৰিছে। এতিয়া স্বাধীনতা দিৱসৰ পূৰ্বে BSNL লৈ আহিছে ‘Freedom Offer’। মাত্ৰ ১ টকাত গ্ৰাহকক প্ৰকৃত ডিজিটেল স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি দিছে কোম্পানীটোৱে।

এতিয়া জানো আহক এই পৰিকল্পনাত কি কি থাকিব? BSNL ৰ এই ১ টকীয়া ৰিচাৰ্জ প্লেনৰ বৈধতা ৩০ দিনৰ। লগতে প্ৰতিদিনে উপলব্ধ ২ জিবি হাইস্পীড ডাটা, আনলিমিটেড কলিং আৰু ১০০টা এছএমএছ  হ’ব। যাৰ বাবে মাত্ৰ ১ টাকাহে খৰচ লাগিব।অৱশ্যে BSNLৰ এই প্লেন সীমিত সময়ৰ বাবে। এই ৰিচাৰ্জ প্লেন ১ আগষ্টৰ পৰা ৩১ আগষ্টলৈ উপলব্ধ হ’ব।