শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডেংগু আৰু ভাইৰেল জ্বৰৰ লক্ষণৰ মাজত কি কি পাৰ্থক্য দেখা যায়? চিকিৎসকৰ পৰা জানক…

বাৰিষা কালত চৰ্দি আৰু কাহৰ পৰা আৰম্ভ কৰি ভাইৰেল আৰু ডেংগু আদি ৰোগৰ আশংকা দ্ৰুতগতিত বৃদ্ধি পায়। বিশেষকৈ জ্বৰ হ’লে মানুহে প্ৰায়ে বিভ্ৰান্তিৰ সৃষ্টি কৰে যে সেয়া স্বাভাৱিক ভাইৰেল নে ডেংগু। দুয়োটা অৱস্থাতে লক্ষণবোৰ কেতিয়াবা একে দেখা যায় যদিও ইয়াৰ তীব্ৰতা আৰু প্ৰভাৱৰ মাজত ডাঙৰ পাৰ্থক্য থাকিব পাৰে। এনে পৰিস্থিতিত এই ৰোগবোৰৰ লক্ষণসমূহ সময়মতে চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। জানো আহক।

ডেংগু আৰু ভাইৰেল জ্বৰৰ লক্ষণৰ মাজত কি কি পাৰ্থক্য দেখা যায়? চিকিৎসকৰ পৰা জানক…
ডেংগু আৰু ভাইৰেল জ্বৰৰ লক্ষণৰ মাজত কি কি পাৰ্থক্য দেখা যায়?Image Credit source: Getty images
trishna-kalita
Trishna Kalita | Updated On: 05 Aug 2025 21:25 PM

ডেংগু আৰু ভাইৰাছজনিত জ্বৰ দুয়োটা সাধাৰণ ঋতুভিত্তিক ৰোগ। যিবোৰ বিশেষকৈ বাৰিষা বা ঋতু পৰিৱৰ্তনৰ সময়ত অধিক বিয়পে। ডেংগু হৈছে মহৰ দ্বাৰা সংক্ৰমিত ৰোগ। যি Aedes aegypti মহৰ কামোৰৰ ফলত বিয়পি পৰে। ইয়াত ভাইৰাছ শৰীৰত প্ৰৱেশ কৰি প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস কৰে। আনহাতে, বায়ু, পানী বা সংস্পৰ্শৰ যোগেদি বিয়পি পৰা যিকোনো ভাইৰাছৰ সংক্ৰমণৰ ফলত ভাইৰাছজনিত জ্বৰ হ’ব পাৰে। ভাইৰাছৰ জ্বৰ কেতিয়াবা এদিনৰ পৰা তিনিদিনত স্বাভাৱিক হৈ পৰে, আনহাতে ডেংগুৰ অৱস্থা গুৰুতৰ হ’ব পাৰে। এনে পৰিস্থিতিত সময়মতে অনুসন্ধান আৰু চিকিৎসা কৰাটো অতি গুৰুত্বপূৰ্ণ।

ডেংগুত প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত কমি যায়, যাৰ বাবে তেজৰ গোট গঠন নহয় আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পায়। এই অৱস্থা মাৰাত্মকও হ’ব পাৰে। ভাইৰাছজনিত জ্বৰে সাধাৰণতে শৰীৰৰ ডাঙৰ ক্ষতি নকৰে যদিও দীৰ্ঘদিনলৈ গাফিলতি দেখা গ’লে ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে। ডেংগুৱে যকৃত, বৃক্ক আৰু হৃদযন্ত্ৰৰ প্ৰভাৱ পেলাব পাৰে। কণমাণি শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু ইতিমধ্যে অসুস্থ লোক ডেংগু আৰু ভাইৰেল জ্বৰ দুয়োটাৰে অধিক আক্ৰান্ত হ’ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোককো ডেংগুৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ব পাৰে। গতিকে বিপদত পৰা লোকসকলে অধিক সতৰ্ক হোৱাটো প্ৰয়োজন।

ডেংগু আৰু ভাইৰেল জ্বৰৰ লক্ষণৰ মাজত পাৰ্থক্য কি?

দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় কুমাৰে কৈছে যে ডেংগু আৰু ভাইৰেল জ্বৰৰ লক্ষণ একে যেন লাগিলেও ইয়াৰ মাজত বহু পাৰ্থক্য আছে। ডেংগুত উচ্চ জ্বৰ হঠাতে বাঢ়ে, আনহাতে ভাইৰেল জ্বৰত ক্ৰমান্বয়ে জ্বৰ আহে। ডেংগুৰ লক্ষণসমূহ হ’ল চকুৰ পিছফালে বিষ, পেশী আৰু গাঁঠিৰ তীব্ৰ বিষ, ছালৰ ফোহা, বমি আৰু প্লেটলেটৰ সংখ্যা কমি যোৱা। একে সময়তে ভাইৰাছজনিত জ্বৰত ভাগৰুৱা, নাকেৰে পানী ওলোৱা, ডিঙিৰ বিষ, মূৰৰ বিষ আৰু কেতিয়াবা সামান্য শৰীৰৰ বিষ দেখা যায়।

ডেংগুত শৰীৰত ৰঙা ফোহা ওলাব পাৰে, আনহাতে ভাইৰেল ৰোগত এনেকুৱা লক্ষণ কম দেখা যায়। ডেংগুৱে শৰীৰৰ তেজ আৰু অভ্যন্তৰীণ অংগত গভীৰ প্ৰভাৱ পেলায়, আনহাতে ভাইৰাছজনিত জ্বৰ বেছিভাগেই ভিতৰৰ পৰা হয়  আৰু ইয়াক সহজে আৰোগ্য কৰিব পৰা যায়। এনে পৰিস্থিতিত এই লক্ষণসমূহ আওকাণ কৰিব নালাগে আৰু সময়মতে চিকিৎসকক পৰীক্ষা কৰিব লাগে।

কেনেকৈ প্ৰতিৰোধ কৰিব?

  • ঘৰৰ ভিতৰত আৰু আশে-পাশে পানী জমা হ’বলৈ নিদিব।
  • স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
  • ডেংগু প্ৰতিৰোধৰ বাবে শৰীৰ ঢাকিব পৰা কাপোৰ পৰিধান কৰক।
  • ভাইৰেল হোৱাৰ পৰা হাত সাৰিবলৈ ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক।
  • হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক আৰু মাস্ক ব্যৱহাৰ কৰক।
  • মহ খেদোৱা  উপায় গ্ৰহণ কৰক।
  • জ্বৰ বা আন লক্ষণ দেখা পালে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব।

লগতে পঢ়ক: ইউৰিক এচিড বৃদ্ধি হ’লে ভৰি কিয় ফুলে? নিয়ন্ত্ৰণৰ সহজ উপায় জানক…