শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাগ্ৰামাৰ বিটিচি দখলৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তলৈ…পঢ়ক দিনটোৰ শীৰ্ষ খবৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ন্য়ায়ৰ দাবী উত্থাপন হৈছে, সেই অনুসৰি ন্যায় প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

হাগ্ৰামাৰ বিটিচি দখলৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তলৈ…পঢ়ক দিনটোৰ শীৰ্ষ খবৰ
দিনটোৰ খবৰ
trishna-kalita
Trishna Kalita | Published: 27 Sep 2025 20:10 PM

বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে শাসনলৈ উভতিল হাগ্ৰামা মহিলাৰী। মুঠ ৪০ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিলে বিপিএফে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ন্য়ায়ৰ দাবী উত্থাপন হৈছে, সেই অনুসৰি ন্যায় প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অক্টোবৰৰ ২০ তাৰিখৰ ভিতৰত ঘোষণা হ’ব নিযুক্তি পৰীক্ষাৰ ফলাফল। এই সন্দৰ্ভত ফেচবুক লাইভযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।  চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

১. বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে শাসনলৈ উভতিল হাগ্ৰামা মহিলাৰী। মুঠ ৪০ খন আসনৰ ভিতৰত ২৮ খন আসন লাভ কৰিলে বিপিএফে। আনহাতে ইউপিপিএল দলে ৭ খন আৰু বিজেপিয়ে ৫ খন আসন লাভ কৰিবলৈ সক্ষম হয়। কোনো আসন লাভ নকৰিলে কংগ্ৰেছ দলে। অহা তিনি অক্টোবৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে।

২. বিটিচি নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা লাভ কৰা বিপিএফ তথা হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ আগত তেওঁ কয় যে হাগ্ৰামা মহিলাৰী এন ডি এৰ অংশ। জয়ী হোৱাৰ পাছতে পুৱা ৪ বজাত মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ আহিছিল হাগ্ৰামা। একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছে বিপিএফৰ মুৰব্বীগৰাকীয়ে। যোৱা পাঁচ বছৰ হাগ্ৰামা মহিলাৰীয়ে এন ডি এক সমৰ্থন কৰি আহিছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। হাগ্ৰামাৰ এই বিজয় এন ডি এৰো বিজয় বুলি দাবী কৰি ডঃ শৰ্মাই।

৩. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ন্য়ায়ৰ দাবী উত্থাপন হৈছে, সেই অনুসৰি ন্যায় প্ৰদানৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুৰ্গাপূজাৰ পাছতেই ৬ অক্টোবৰত চিআইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰো নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৪. অক্টোবৰৰ ২০ তাৰিখৰ ভিতৰত ঘোষণা হ’ব নিযুক্তি পৰীক্ষাৰ ফলাফল। এই সন্দৰ্ভত ফেচবুক লাইভযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে ADRE ৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰত ঘোষণা কৰা হ’ব। ১৫ অক্টোবৰত ADREৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ’ব। স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ১২ অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ’ব।

৫. পুনৰ গৌৰৱ গগৈক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা ৪ অক্টোবৰৰ কেবিনেট মিটিঙত SIT ৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি জনালে মুখ্যমন্ত্ৰীয়ে। বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ শূন্য় ফলাফলক সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছে মাত্ৰ ১০০ পৰা ২০০ ভোট লাভ কৰিছে প্ৰতিটো সমষ্টিত। কংগ্ৰেছে এই নিৰ্বাচনত কোনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।

৬. জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে অসম বিদ্যালয় শিক্ষা পৰিষদে। প্ৰয়াত শিল্পীগৰাকীৰ জীৱনী বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছে শিক্ষা পৰিষদে। এই জীৱনীখন দেশৰ ১৪টা প্ৰধান আধুনিক ভাৰতীয় ভাষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব।

৭. আজি যোৰহাটত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ সন্দৰ্ভত অনুষ্ঠিত হয় এখন আলোচনা চক্ৰ। মন্ত্ৰী বিমল বড়াই কয় যে পুৱা ৮ বজাৰ পৰা সূৰ্যাস্তলৈ চলিব শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। পৰিৱেশন কৰা হ’ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা, দিহা নাম, বৰগীত আদি। পৰিয়ালৰ অনুমতি মৰ্মেই চৰকাৰে যোৰহাটত আয়োজন কৰিছে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ।

৮. শিৱসাগৰৰ শিমলুগুৰি থানাত টকাৰ উজান। চুৰি কৰি নিয়া প্ৰায় ১৫ লাখ টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা চুৰি হৈছিল ৪০ লাখ টকা। তাৰে আধা টকা উদ্ধাৰ হৈছে যদিও বাকী টকা উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

৯. দেওবাৰে অনুষ্ঠিত হ’ব এছিয়া কাপৰ ফাইনেল মেচ। এই মেচখনত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। এই শৃংখলাটোত ভাৰত বৰ্তমানলৈকে অপৰাজেয় হৈ আছে। ইফালে পাকিস্তানে গ্ৰুপ পৰ্যায়ৰ লগতে ছুপাৰ ৪ পৰ্যায়তো ভাৰতৰ হাতত পৰাস্ত হৈছে।