বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব চলি থকাৰ মাজতে মাৰপিটৰ ঘটনা…
বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত সন্মুখতে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসক আক্ৰমণ কৰে এজন ব্যক্তিয়ে। জানিব পৰা মতে, জি এছ পি দলৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ সৈতে মনোনয়ন দাখিল কৰাৰ বাবে আহিছিল জোন দাস।

বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ মাজতে মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি, বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত সন্মুখতে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসক আক্ৰমণ কৰে এজন ব্যক্তিয়ে। জানিব পৰা মতে, জি এছ পি দলৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ সৈতে মনোনয়ন দাখিল কৰাৰ বাবে আহিছিল জোন দাস।
আয়ুক্ত কাৰ্যালয়ৰ বাহিৰত উপস্থিত হোৱাৰ পাছতে আগৰে পৰা খাপ পিটি থকা হিতেশ কছাৰী নামৰ লোকজনে হেলমেটেৰে আক্ৰমণ কৰে জোন দাসক। আকস্মিক আক্ৰমণত জোন দাসে মূৰত আঘাত পায় আৰু মাটিত বাগৰি পৰে। দিবলৈ থকা টকা নিদিয়াৰ বাবেই জোন দাসক আক্ৰমণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে হিতেশ কছাৰীয়ে।
হিতেশ কছাৰীয়ে উল্লেখ কৰা অনুসৰি, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা জোন দাসে হিতেশ কছাৰী নামৰ লোকজনৰ প্ৰেছত প্ৰায় ১ লাখ ৫৪ হাজাৰ টকা দিবলৈ আছিল। কিন্তু বিগত সময়চোৱাত জোন দাসে দিবলগীয়া টকাখিনি দীৰ্ঘদিন ধৰি নিদিয়াত ক্ষুণ্ণ হৈ আজি তেওঁক আক্ৰমণ কৰে হিতেশ কছাৰীয়ে।
উল্লেখ্য যে, দুয়োগৰাকী হতাহতিত জোন দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিবলৈ পৰা গৈছে। ইফালে, হঠাতে এই ঘটনা সংঘটিত হোৱাৰ লগে লগে উপস্থিত থকা আৰক্ষীয়ে দুয়োজনকে সেই ঠাইৰ পৰা আঁতৰাই নিয়ে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
মনকৰিবলগীয়া যে, অহা ২২ চেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনৰ কাৰণে সোমবাৰে UPPL, GSP,অবড়ো সুৰক্ষা সমিতি, VPI নিৰ্দলীয়কে ধৰি ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ত নিজ নিজ সমষ্টিৰ নিৰ্বাচনী কোষত জমা দিয়ে মনোনয়ন পত্ৰ ।
মনোনয়ন পত্ৰ দাখিল কৰে ইউপিপিএলৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাতিৰাম বড়ো, ২২ নং ক’কলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মন্টু বড়ো, ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ভূপেন বড়ো আৰু ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই।
একেদৰে গণ সুৰক্ষা পাৰ্টি চমুকৈ জিএছপি দলৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা সমষ্টিটোৰ পাৰিষদ ঘনশ্যাম দাসে । আনহাতে ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে অবড়ো সুৰক্ষা সমিতিৰ নেতা বিকাশ পাঠকে। ইফালে, মনমোহন মদাহীয়ে ক’কলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে ।