বিটিচি নিৰ্বাচনৰ তাৰিখ ঘোষণা, পূজাৰ পূৰ্বেই সমাপ্ত হ’ব সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে বহু প্ৰতীক্ষিত বিটিচি নিৰ্বাচনৰ তাৰিখ আৰু সূচী।

ঘোষণা হ’ল বিটিচি নিৰ্বাচনৰ তাৰিখ। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে বহু প্ৰতীক্ষিত বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ আৰু সূচী।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। যদি পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হয় তেন্তে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব পুনৰ ভোটগ্ৰহণ। ভোটগণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৬ ছেপ্টেম্বৰত। ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব। ভোটগণনা আৰম্ভ হ’ব পুৱা ৮ বজাত।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি বিটিচি নিৰ্বাচন ২০২৫ ৰ সময়সূচী-
নিৰ্বাচনৰ জাননী জাৰি- ২৬ আগষ্ট
মনোনয়ন দাখিলৰ অন্তিম তাৰিখ- ২ ছেপ্টেম্বৰ
মনোনয়ন পৰীক্ষণৰ তাৰিখ- ৪ ছেপ্টেম্বৰ
যোগ্য মনোনীত প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ তাৰিখ- ৪ ছেপ্টেম্বৰ
প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ তাৰিখ অন্তিম তাৰিখ- ৬ ছেপ্টেম্বৰ
নিৰ্বাচনত প্ৰতিদ্বনন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশৰ তাৰিখ- ৬ ছেপ্টেম্বৰ
ভোটগ্ৰহণৰ তাৰিখ- ২২ ছেপ্টেম্বৰ
প্ৰয়োজনত পুনৰ ভোটগ্ৰহণৰ তাৰিখ- ২৪ ছেপ্টেম্বৰ
ভোট গণনাৰ তাৰিখ- ২৬ ছেপ্টেম্বৰ
নিৰ্বাচনী প্ৰক্ৰিয়াৰ সম্পূৰ্ণ হ’ব- ২৮ ছেপ্টেম্বৰৰ পূৰ্বে
বিটিচি নিৰ্বাচনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য-
ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য মতে বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৭,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩,২৩,৩৯৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৪,৫২১ গৰাকী। অন্যান্য ভোটাৰৰ সংখ্যা ১৭ গৰাকী। ২০২০ বৰ্ষৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ২৩,৮৭,০৪৬ গৰাকী।
মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৩৩৫৯ টা। ২০২০ চনৰ নিৰ্বাচনত এই সংখ্যা আছিল ৩১৪৬ টা। মুঠ আসন হৈছে ৪০ খন। ইয়াৰে ৩০ খন আসন অনুসূচীত জনজাতিৰ বাবে, ৫ খন আসন অনুসূচীত অ-জনজাতীয় লোকৰ বাবে আৰু ৫ খন আসন মুকলি।
নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি একোজন প্ৰাৰ্থীয়ে নিৰ্বাচনৰ বাবে ব্যয় কৰিব পাৰিব ১০ লাখ টকা। ষ্টাৰ কেম্পেইনাৰৰ বাবেও নিৰ্বাচন আয়োগে সংখ্য়া আৰু নিয়ম নিৰ্ধাৰণ কৰি দিছে। স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় বা আঞ্চলিক দলৰ সৰ্বাধিক ২০ গৰাকী প্ৰচাৰকে অংশগ্ৰহণ কৰিব পাৰিব। পঞ্জীয়নকৃত কিন্তু অস্বীকৃতিপ্ৰাপ্ত দলৰ প্ৰচাৰত সৰ্বাধিক ১০ গৰাকী প্ৰচাৰকে অংশ ল’ব পাৰিব।
ভোটাৰে পৰিচয় পত্ৰ হিচাপে কি কি লগত নিব পাৰিব?
ফটোযুক্ত ভোটাৰ কাৰ্ডক প্ৰাথমিক পৰিচয় পত্ৰ হিচাপে গণ্য কৰা হ’ব। তাৰোপৰি তলত উল্লেখ কৰা যিকোনো এখন নথি ভোটগ্ৰহণৰ সময়ত ভোটাৰে দেখুৱাব লাগিব-
১. আধাৰ কাৰ্ড
২. এনৰেগা জব কাৰ্ড
৩. বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক
৪. শ্ৰম মন্ত্ৰণালয়ৰ আঁচনিৰ অধীনত পঞ্জীকৃত স্মাৰ্ট স্বাস্থ্য বীমা কাৰ্ড
৫. ড্ৰাইভিং লাইচেঞ্চ
৬. PAN কাৰ্ড
৭. NPR ৰ অধীনত RGIৰ দ্বাৰা পঞ্জীকৃত স্মাৰ্ট কাৰ্ড
৮. ভাৰতীয় পাছপৰ্ট
৯. ফটোসহ পেন্সনৰ নথি
১০. চৰকাৰী বা বেচৰকাৰী খণ্ডৰ চাকৰিৰ ফটোযুক্ত পৰিচয় পত্ৰ
১১. সাংসদ/বিধায়ক/পৰিষদীয় সদ্যৰ দ্বাৰা পঞ্জীকৃত বিভাগীয় পৰিচয় পত্ৰ
১২. UDID কাৰ্ড
নিৰ্বাচনী আচৰণ বিধি-
নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ লগে লগে বিটিআৰৰ অধীনৰ অঞ্চলসমূহত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হ’ব। ভাৰতীয় নিৰ্বাচন আয়োগে জাৰী কৰা নিৰ্বাচনী আচৰণ বিধি অনুসৰণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগ বাধ্য। স্বচ্ছ আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰা হয়। নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত এই নিয়ম বলৱৎ হৈ থাকিব।