শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছৈয়দা হামিদৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ অসম নাগৰিক সন্মিলনৰ…

ছৈয়দা হামিদে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নাগৰিক সন্মিলনী মঞ্চই। সংবাদমেল সম্বোধন কৰি তেওঁলোকে কয় যে, এই মন্তব্য তেওঁৰ ব্যক্তিগত আছিল।

ছৈয়দা হামিদৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ অসম নাগৰিক সন্মিলনৰ…
সংবাদমেলত অজিত কুমাৰ ভূঞা
barasha-sarma
Barasha Sarma | Published: 26 Aug 2025 16:10 PM

ছৈয়দা হামিদে বাংলাদেশী সন্দৰ্ভত কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অজিত ভূঞাই। ২৪ আগষ্টত গুৱাহাটীত নাগৰিক সন্মিলনে আয়োজন কৰা সভাত অংশগ্ৰহণ কৰিছিল পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছৈয়দা হামিদে। তাৰ পাছতে তেওঁ কৈছিল যে, অসমত বাংলাদেশ থকাত আপত্তি থাকিব নালাগে। কিয়নো তেওঁলোকে কাৰো অধিকাৰ খৰ্ব কৰা নাই।

অসম নাগৰিক সন্মিলনে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কয় যে, দেশৰ প্ৰখ্যাত ৪গৰাকী ব্যক্তিক আমি মাতি অনা নাই। তেওঁলোকে নিজাববীয়াকৈ অসমৰ বাতাবৰণ চোৱাৰ উদ্দেশ্যৰে আহিছিল। প্ৰশান্ত ভোষণে যোগাযোগ কৰি নাগৰিক সমাজৰ লগত কথা পাতিবলৈ হেঁপাহ কৰিছিল। সভাত তেওঁলোকৰ কোৱা কথা বোৰে বৰ বেছি অগ্ৰাধিকাৰ নাপালে। যিটো পাব লাগিছিল।

তেওঁ আৰু কয় যে, সভা শেষ হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত ছৈয়দা হামিদে দিয়া মন্তব্য আমি গমেই পোৱা নাছিলো। নিশাহে কি কৈছিল গম পাইছিলো আৰু আমি কথা পাতিছিলো। ব্যক্তিগতভাৱে কৰা মন্তব্যৰ বাবে আমি দায়ী নহয়। আমাৰ স্থিতি এতিয়াও এয়াই যে অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব, ভিত্তি বৰ্ষৰ লগত কোনো কাৰণতে আমি বিচলিত নহয়।

ইযাৰোপৰি সংবাদমেলত অসম নাগৰিক সন্মিলনে কয় যে, ১৯৭১ চনৰ ভিত্তি বৰ্ষ সকলোৱে মানি লোৱা পিছত হিমন্ত বিশ্ব শৰ্মা দায়িত্বত থকাৰ পিছত কিয় আজিলৈ বিৰোধ নকৰিলে? ‘কা’ৰ জড়িয়তে হিন্দু বাংলাদেশীক আনি ৬নং দফাত কুঠাৰঘাট কৰিছে। সভাৰ বাহিৰত কৰা ছৈয়দা হামিদৰ মন্তব্যত যিটো নেৰেটিভ সৃষ্টি কৰা হৈছে সেয়া দুৰ্ভাগ্যজনক। ছৈয়দা হামিদৰ মন্তব্যক গৰিহণা দিছো।

আৰু কয়, ভাৰতবৰ্ষৰ যিকোনো ব্যক্তি যিকোনো স্থানলৈ যাব পাৰে। তেওঁলোকৰ দুটা টিম অসমৰ দুটাকৈ স্থানলৈ গৈছিল। তাৰ পিছত নাগৰিক সন্মিলনৰ সহযোগত এখন বৈঠক অনুষ্ঠিত কৰাৰ অনুগ্ৰহ প্ৰকাশ কৰিলে। প্ৰশান্ত ভোষণ জানুৱাৰী মাহতো অসমলৈ আহিছিল। যিহেতু প্ৰশান্ত ভোষণৰ লগত আমাৰ চিনাকী গতিকে তেওঁলোকৰ অনুগ্ৰহত আমি এখন সভা অনুষ্ঠিত কৰিছিলো।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ছৈয়দা হামিদে এক আপত্তিজনক মন্তব্য দিছিল। তেওঁ কৈছিল যে, বাংলাদেশীসকলো মানুহ। তেওঁলোকৰ লগত যি হৈ আছে সেয়া দুৰ্ভাগ্যজনক। এই পৃথিৱীখন আল্লাই সৃষ্টি কৰিছে। গতিকে সকলোৱে ইয়াত থাকিব পাৰে। বাংলাদেশীসকলে কাৰো অধিকাৰ কাঢ়ি লোৱা নাই। গতিকে তেওঁলোক ইয়াত থাকিল সমস্যা ক’ত বুলি প্ৰশ্ন কৰিছিল তেওঁ। ইয়াৰ পাছতে সৰ্বত্ৰে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে ইয়াৰ বিৰোধিতা কৰিছিল।

 

অন্য খবৰ পঢ়কঃ বাংলাদেশী ইয়াত থকাত সমস্যা ক’ত, তেওঁলোকে কাৰো অধিকাৰ কাঢ়ি লোৱা নাইঃ ছৈয়দা হামিদ