পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, ভাতৃয়ে কাঢ়িলে ককায়েকৰ প্ৰাণ!
আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনাটো সংঘটিত হয়। ৰঞ্জিত দাস আৰু অজিত দাস নামৰ দুই ভাতৃয়ে ইটাৰে মৰিয়াই মৰিয়াই গুৰুত্বৰ ভাবে আঘাত কৰে জ্যেষ্ঠ ভাতৃ উপেন্দ্ৰ দাসক।
পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি, ক্ষেত্ৰীৰ ৩নং ঔজাৰীত ভাতৃৰ প্ৰহাৰত ককায়েকৰ মৃত্যু। নৱবৰ্ষৰ আৰম্ভণিতে এই শোকাৱহ ঘটনা সংঘটিত হৈছে। প্ৰথমে ৰঞ্জিত দাস আৰু অজিত দাস নামৰ দুই ভাতৃয়ে ইটাৰে মৰিয়াই মৰিয়াই গুৰুত্বৰ ভাবে আঘাত কৰে জ্যেষ্ঠ ভাতৃ উপেন্দ্ৰ দাসক। ফলত ৬০ বছৰীয়া জ্যেষ্ঠ ভাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হয়।
আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনাটো সংঘটিত হয়। ৰঞ্জিত দাস আৰু অজিত দাস নামৰ দুই ভাতৃয়ে ইটাৰে মৰিয়াই মৰিয়াই গুৰুত্বৰ ভাবে আঘাত কৰে জ্যেষ্ঠ ভাতৃ উপেন্দ্ৰ দাসক। পিছত ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেজৰে লুতুৰি-পুতুৰি হৈ ৰাজপথতে পৰি থাকে। পিছত চিকিৎসালয়ত লোকজনৰ মৃত্যু হয়।
এই সম্পৰ্কত আৰক্ষীয়ে তদন্ত কৰি দুই ভাতৃ অজিত দাস আৰু ৰঞ্জিত দাসক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে । এই ঘটনাৰ ফলত অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।