দক্ষিণ বৰপেটাত জুবিন গাৰ্গৰ নামেৰে দলং উদ্বোধন, ৰাইজে মুকলি কৰিলে…
কাছুমাৰাত জুবিন গাৰ্গ সেতুৰ শুভ উদ্বোধন। বাঁহ আৰু কাঠৰে নিৰ্মিত অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা সেতুখন শুভ উদ্বোধন কৰা হয়।
অব্যাহত আছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া। ইয়াৰ মাজতে কাছুমাৰাত জুবিন গাৰ্গ সেতুৰ শুভ উদ্বোধন। বাঁহ আৰু কাঠৰে নিৰ্মিত অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা সেতুখন শুভ উদ্বোধন কৰা হয়।
উল্লেখ্য যে, দক্ষিণ বৰপেটাৰ কাছুমাৰা আণ্ডাভাঙ্গা ম’হচৰা বজাৰ আৰু কাছুমাৰা এন, চি সংযোগী পাৰঘাটত বিগত চাৰি বছৰ পূৰ্বে বৰপেটা লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰিছিল এখন কাঠৰ দলং। দলং নিৰ্মাণ কৰাৰ প্ৰায় তিনি মাহ পিছতে ব্ৰহ্মপুত্ৰ নদীৰ কোৱাল সুতে উটুৱাই লৈ যায়। ফলত এই পৰ্যন্ত বৰপেটা লোকনিৰ্মাণ বিভাগে মেৰামতি নকৰাত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজে ।
পাৰঘাটটোত বাৰিষাৰ সময়ত টুলুঙা নাও আৰু খৰালিত ৰাইজে নিৰ্মাণ কৰা বাঁহৰ সাঁকোৰে বছৰ বছৰ ধৰি যাতায়ত অব্যাহত ৰাখিছিল। উল্লেখ্য যে, কেইমাহ মান পূৰ্বে উক্ত পাৰঘাটটো আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ অধীনত যোৱাত লেচিক আৱন্টন দিয়ে । নৈৰ সুতিত পানী কমি যোৱাৰ পিছত পাৰঘাটৰ লেচি আবু ছায়েদ আলীয়ে ৰাইজৰ যাতায়তৰ বাবে নিৰ্মাণ কৰা দলংখন প্ৰাণৰ শিল্পী গৰাকীৰ স্মৃতিত জুবিন গাৰ্গ সেঁতু নাম দি আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।
সেঁতুখন নিৰ্মাণ কৰাত ৰাইজৰ যাতায়াতত অধিক সুবিধা হৈছে বুলি ৰাইজে মতামত ব্যক্ত কৰে। ইয়াৰ উপৰিও শীঘ্ৰেই উক্তস্থানত এখন পকী দলং নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়কক অনুৰোধ জনায়।