শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ফলাফলৰ পিছতে বিপিএফলৈ বিজেপি পাৰিষদ! প্ৰতিবাদত নামিল বিপিএফৰ স্থানীয় কৰ্মী

বিটিআৰত দেখিবলৈ পোৱা গৈছে দল বাগৰাৰ ৰাজনীতি। বিটিচি নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে যদিও ৫ জন পাৰিষদ লাভ কৰিছিল, এতিয়া পিছে দলটোৰ পাৰিষদৰ সংখ্যা চাৰিজনলৈ হ্ৰাস পোৱাৰ উপক্ৰম হৈছে।

ফলাফলৰ পিছতে বিপিএফলৈ বিজেপি পাৰিষদ! প্ৰতিবাদত নামিল বিপিএফৰ স্থানীয় কৰ্মী
বিপিএফ কৰ্মীৰ প্ৰতিবাদ
monjit-dutta
Monjit Dutta | Updated On: 03 Oct 2025 16:06 PM

যোৱা ২৬ ছেপ্টেম্বৰত ঘোষণা কৰা হয় বিটিচি নিৰ্বাচনৰ ফলাফল। এই নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভেৰে পুনৰ এবাৰ বিটিআৰৰ ক্ষমতালৈ উভতিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ। মুঠ ২৮ খন আসন লাভেৰে বিপিএফে বিটিআৰৰ মচনদ দখল নিশ্চিত কৰে। আনহাতে বিগত বাৰ নিৰ্বাচনৰ পিছত বিটিআৰৰ ক্ষমতাত থকা প্ৰমোদ বড়োৰ ইউপিপিএল আৰু বিজেপি এইবাৰ ক্ৰমে মাত্ৰ ৭ আৰু ৫ খন আসনতে সন্তুষ্ট থাকিবলগা হয়।

এতিয়া অহা ৫ অক্টোবৰত হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ প্ৰধান হিচাপে শপত গ্ৰহণৰ বাবে সাজু হৈছে। ইয়াৰ প্ৰাকক্ষণত বিটিআৰত দেখিবলৈ পোৱা গৈছে দল বাগৰাৰ ৰাজনীতি। বিটিচি নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে যদিও ৫ জন পাৰিষদ লাভ কৰিছিল, এতিয়া পিছে দলটোৰ পাৰিষদৰ সংখ্যা চাৰিজনলৈ হ্ৰাস পোৱাৰ উপক্ৰম হৈছে।

নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছতে এতিয়া বিজেপি এৰি বিপিএফত চামিল হোৱাৰ যো-জা চলাইছে নৱনিৰ্বাচিত পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰী। বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিজিৎ গৌৰা নাৰ্জাৰীয়ে বিজেপিৰ টিকটত তামুলপুৰ জিলাৰ অন্তৰ্গত ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ পৰা জয়লাভ কৰিছিল। কিন্তু এতিয়া বিজেপি দল ত্যাগ কৰি বিপিএফলৈ যাবলৈ সাজু হৈছে।

ইয়াৰ পিছতে এতিয়া দৰঙাজুলী পৰিষদীয় সমষ্টিৰ স্থানীয় বিপিএফ কৰ্মী তথা সমৰ্থকসকলৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি। ২৬ নং দৰঙাজুলী ব্লুক বিপিএফ দলৰ স্থানীয় সমৰ্থকসকলে বিজিৎ গৌৰা নাৰ্জাৰীক দলত চামিলকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। নাৰ্জাৰীৰ চামিলকৰণক সহজ ভাৱে ল’ব পৰা নাই বিপিএফ দলৰ নেতা কৰ্মী সকলে।

লক্ষণীয়ভাৱে ২০২০ চনত বিপিএফ দলৰ পৰা পাৰিষদ নিৰ্বাচিত হৈছিল বিজিৎ গৌৰা নাৰ্জাৰী। কিন্তু ফলাফলৰ পিছতে তেওঁ বিজেপি দলত যোগদান কৰিছিল। এতিয়া নাৰ্জাৰীয়ে পুনৰ দল বাগৰিবলৈ সাজু হোৱাৰ পিছত স্থানীয় বিপিএফ সমৰ্থকসকলৰ মাজত তীব্ৰ অসন্তোষে দেখা দিছে। তেওঁলোকে এই সিদ্ধান্তৰ বিপক্ষে দলীয় শীৰ্ষ কৰ্তৃপক্ষক তৎপৰভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে।