বিজেপিৰ দেৱাল লেখনৰ পৰা আই পি এল নিষিদ্ধলৈ দিনটোৰ শীৰ্ষ ৯ টা খবৰ

বিজেপিৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ অসমত। পুৱাই ভূমিকম্পই কেঁচা টোপনি ভাঙিলে অসমবাসীৰ। বাংলাদেশীয়ে এইবাৰ চাবলৈ নাপায় আই পি এল। উচ্চতম ন্যায়ালয়ত জামিন বিচাৰি মুখ থেকেচা শ্বাৰ্জিল-ওমৰৰ। চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ-

বিজেপিৰ দেৱাল লেখনৰ পৰা আই পি এল নিষিদ্ধলৈ দিনটোৰ শীৰ্ষ ৯ টা খবৰ

দিনটোৰ শীৰ্ষ খবৰ

Published: 

05 Jan 2026 | 07:41 PM

১. আজি পুৱতি নিশা এক ভূমিকম্পই জোঁকাৰি যায় মধ্য অসমক। পুৱা ৪.১৭ মিনিটত অনুভূত হয় কম্পন। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। ভূমিকম্পৰ ফলত কোনো বিস্তৰ ক্ষতিৰ তথ্য় লাভ কৰা নাই যদিও মৰিগাঁৱত প্ৰাণ ৰক্ষাৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়ত দুগৰাকী লোক আহত হয়।

২. আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিছে দেৱাল লেখন অভিযান। খানাপাৰাত এই অভিযানৰ আৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা বিধানসভা নিৰ্বাচনত এন ডি এই অসমত কমেও ১০৩ খন আসন লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

৩. আমাৰ মিঞা সমাজৰ দুৰ্ভাগ্য, তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে, টকাও দিব লাগে ৷ এই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ লগতে কয় যে উচ্ছেদৰ সময় বা বিপদৰ সময়ত কংগ্ৰেছে সহায় নকৰে মিঞাসকলক ৷ বিগত সময়তো মিঞা মুছলমান সম্পৰ্কত বিভিন্ন মন্তব্য কৰি আহিছে মুখ্যমন্ত্ৰীয়ে।

৪. সম্পূৰ্ণ হ’ল যমুনা-মৌদাঙা সংৰক্ষিত বানাঞ্চলত চলা উচ্ছেদ অভিযান। এই অভিযানৰ দ্বাৰা বেদখলমুক্ত কৰা হয় ৫২৫০ বিঘা ভূমি। অসমত বেদখল সহ্য কৰা নহ’ব বুলি পুনৰ এবাৰ সকীয়নি দিলে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে বৰ্তমানলৈকে হোজাই জিলাত ১৭০০ একৰৰো অধিক বনভূমি বেদখলমুক্ত কৰিছে বিজেপি চৰকাৰে।

৫. আজি মাৰ্ঘেৰিটাত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী। প্ৰায় ১০০ লোকে আনুষ্ঠানিকভাৱে যোগদান কৰে ৰাইজৰ দলত। এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আগন্তুক নিৰ্বাচনত বিজেপি প্ৰতিৰোধৰ বাবে দলৰ কৰ্মীসকলক সক্ৰিয়ভাৱে কাম কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে।

৬. মুকলি আকাশৰ তললৈ আহিবলৈ দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামে। আজি সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰে দুই কাৰাবন্দী ছাত্ৰনেতাৰ জামিন আবেদন। ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন.ভি. আঞ্জাৰিয়াৰ বিচাৰপীঠে আজি ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ আবেদনৰ শুনানি গ্ৰহণ কৰি জামিন নাকচ কৰে।

৭. গ্ৰেটাৰ নয়ডাৰ ছেক্টৰ ১৫০ ত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। সুৰাসক্ত অস্থাত প্ৰেমিকক ছুৰীকাঘাত প্ৰেমিকাৰ। পৰৱৰ্তী সময়ত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু ঘটে ব্যক্তিজনৰ। মৃত ব্যক্তিগৰাকী ডাক হী ইউহ আৰু তেওঁ এটা বহুৰ্জাতিক কোম্পানীৰ বিষয়া। মণিপুৰৰ এগৰাকী যুৱতীৰ সৈতে লিভ-ইনত আছিল ডাক।

৮. মণিপুৰত শক্তিশালী আই ই ডি বিস্ফোৰণ। সোমবাৰে পুৱা ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত তিনিটাকৈ শক্তিশালী আই ই ডি বিস্ফোৰণ ঘটে। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ওচৰ-পাজৰৰ অঞ্চল পৰ্যন্ত কঁপি যায়। এই ঘটনাত এগৰাকী মহিলা আৰু এজন লোক আঘাতপ্ৰাপ্ত হৈছে।

৯. বাংলাদেশত নিষিদ্ধ হ’ল আই পি এল। কিয়নো বাংলাদেশ চৰকাৰে দেশখনত IPLৰ সম্প্ৰচাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। এতিয়াৰে পৰা দেশখনৰ কোনো টিভি চেনেল বা ডিজিটেল প্লেটফৰ্মত IPLৰ খেলসমূহ প্ৰদৰ্শিত কৰিব নোৱাৰিব। বাংলাদেশৰ তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানক IPLৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছিল বিচিচিআইয়ে। তাৰ পাছতেই আহিছে এই খবৰ।

সঘনাই হয় নেকি কঁকালৰ বিষ? কি ৰোগৰ লক্ষণ হ'ব পাৰে জানক...
এই ৫ টা কাৰণত হ'ব পাৰে হৃদযন্ত্ৰৰ সমস্যা, জানক...
ওজন হ্ৰাস কৰিবলৈ খাওক এই ৫ বিধ পানীয়...
এইদৰে সহজে নিয়ন্ত্ৰণত ৰাখক উচ্চ ৰক্তচাপ, জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে