Dulal bora: বিজেপি নেতাৰ মৃত্যুত নাম সাঙোৰ খোৱা দুলাল বৰা কোন? RTI কৰ্মীগৰাকীৰ বিৰুদ্ধে ৩১ টা গোচৰ
Dulal bora: বহু অভিযানৰ অন্তত দিল্লীৰ পৰা গ্ৰেপ্তাৰ আৰ টি আই কৰ্মী দুলাল বৰা। এগৰাকী বিজেপি নেতাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খাইছে দুলাল বৰাৰ। উল্লেখ্য যে ২০ ছেপ্টেম্বৰৰ পুৱা সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়ত কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃতদেহ।
বিজেপি নেতাৰ আত্মহনন ঘটনাৰ অভিযুক্ত দুলাল বৰাৰ জামিন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। চৰকাৰী পক্ষৰ হৈ আদলতত যুক্তি দৰ্শাই মাখন ফুকনে। জামিন আবেদন নাকচ কৰি ২২ অক্টোবৰত গোচৰ পঞ্জিকা দাখিলৰ নিৰ্দেশ প্ৰদান কৰে আদালতে। উল্লেখ কৰা প্ৰয়োজন যে বিজেপি নেতা দেৱজিৎ হাজৰিকাই আত্মহত্যাৰ কৰাৰ ঘটনাত নাম সাঙোৰ খাইছিল আৰ টি আই কৰ্মী দুলাল বৰাৰ। আত্মহত্যাৰ ঘটনাৰ পাছতেই বৰাক বিচাৰি অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। তাৰ পাছতে বুধবাৰে দিল্লীৰ এখন চিকিৎসালয়ৰ পৰা ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰে বৰাক।
১৮ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীত আত্মগোপন কৰি থকা বৰাক আজি চমজি ল’ব সোণাৰি আৰক্ষীয়ে। কেৱল এটাই নহয়, আৰ টি আইৰ এইগৰাকী কৰ্মীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈ আছে। বিতৰ্কিত আৰ টি আই কৰ্মীজন এটা নিউজ পৰ্টেলৰো মালিক। আৰ টি আই কৰ্মীগৰাকীয়ে খোলা এটা নিউড পৰ্টেল এন ই ভাৰত। বৰাই সেই পৰ্টেল খুলিছিল ৰাইজিং ছেভেন চিছচাৰ্ছ এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীৰ বেনাৰত। ইয়াক সঞ্চালক হিচাপে আছে দুলাল বৰা, ডাঃ মৃদুপৱন নাথৰ পিতৃ মিনাৰাম নাথ আৰু ঢেকিয়াজুলিৰ আন এগৰাকী বিতৰ্কিত আৰ টি আই কৰ্মী দিলীপ নাথ।
ডাঃ মৃদুপৱন নাথৰ বিৰুদ্ধেও আছে বহু অভিযোগ। আয় বৰ্হিভূত সম্পত্তিৰ অভিযোগত 8/24 নম্বৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে গোচৰ ৰুজু কৰিছিল মৃদুপৱনৰ বিৰুদ্ধে। ইতিমধ্যে মঙলদৈৰ জে এন এছ এম হাস্পাতালৰ আন এক গোচৰৰ ভিত্তিত মৃদুপৱনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈও প্ৰেৰণ কৰিছে।
চি আই ডিৰ তথ্য অনুসৰি ২০২০ চনলৈকে দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ৩১ টা। ২০১৬ চনত চি আই ডি থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল ০০২/২০১৬ নম্বৰ গোচৰ। চি আই ডিতে ২০১৯ ত ৰুজু হোৱা গোচৰৰ নম্বৰ ০০২৭/২০১৯। বশিষ্ঠ থানাত ২০০৮ ত দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ নম্বৰ ৪৮/২০০৮। এইখন থানাতে ২০০৯ ত নম্বৰ ০৫/২০০৯ গোচৰ ৰুজু হৈছিল তেওঁৰ বিৰুদ্ধে আন এটা গোচৰ। এনেকৈয়ে তেওঁৰ বিৰুদ্ধে ৩০ টাৰো অধিক গোচৰ ৰুজু হৈ আছে।
প্ৰৱঞ্চনা, ধন দাবী আদি বিভিন্ন অভিযোগত তেওঁ বিৰুদ্ধে এই গোচৰ সমূহ ৰুজু হৈ আছে। প্ৰৱঞ্চনাৰ জাল পেলোৱা দুলাল বৰাৰ মূল অস্ত্ৰ আছিল আৰ টি আই। ইয়াৰ দ্বাৰা আহৰণ কৰা তথ্যৰে তেওঁ চৰকাৰী বিষয়াক ভয়,ভাবুকি দি ধন দাবী কৰি আহিছিল। এই সন্দৰ্ভত আনকি চিআইডিয়ে ৰাজ্যিক তথ্য আয়োগলৈ পত্ৰ লিখি সতৰ্ক কৰি দিছিল।
ৰাজ্যিক তথ্য আয়োগৰ প্ৰতিবেদন অনুসৰি এইগৰাকী দুলাল বৰাই এদিনতে ১১০ খনলৈ আবেদন দাখিল কৰিছিল। বিভিন্ন অভিযোগৰ পাছত ২০২০ চনৰ ১৬ ডিচেম্বৰত তেওঁৰ বিৰুদ্ধে শুনানি গ্ৰহণ কৰি ব্যৱস্থা লৈছিল ৰাজ্যিক তথ্য আয়োগে। মুঠতে এইগৰাকী আৰ টি আই কৰ্মীৰ বিৰুদ্ধে অভিযোগ গুৰুতৰ।
শেহতীয়াকৈ এগৰাকী বিজেপি নেতাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খাইছে দুলাল বৰাৰ। উল্লেখ্য যে ২০ ছেপ্টেম্বৰৰ পুৱা সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়ত কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃতদেহ। পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে মানসিকভাৱে ভাগি পৰি তেওঁ আত্মহননৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছিল। চুইচাইড নোটত তেওঁ একাংশ সাংবাদিকৰ নাম লিখি গৈছিল। এই সাংবাদিকসকলৰ পৃষ্ঠপোষক আছিল দুলাল বৰা।
বছৰ বছৰ ধৰি অভিযোগ উত্থাপন হোৱাৰ পাছতো সাৰি গৈ আছে দুলাল বৰা। ইফালে স্বামীক হেৰুৱাই বিজেপি নেতাগৰাকীৰ পত্নী শোকত ভাগি পৰিছে। পুত্ৰ আৰু পত্নীয়ে এই ঘটনাৰ ন্যায় বিচাৰি দোষীৰ শাস্তিৰ দাবী কৰিছে। বহু প্ৰচেষ্টাৰ অন্তত বেমাৰৰ ভাও ধৰি থকা দুলাল বৰা আজি গ্ৰেপ্তাৰ হয়। এই ঘটনাৰ তদন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।