প্ৰতিটো সমষ্টিত স্থাপন হ’ব জুবিনৰ প্রতিমূর্তি, প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই ১৯ অক্টোবৰ পৰা বিশেষ কাৰ্যসূচী ঘোষণা বিজেপিৰ
অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে। শনিবাৰে এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এখন সংবাদমেল সম্বোধন কৰে।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যবাসী ম্ৰিয়মাণ। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে। শনিবাৰে এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এখন সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলতে বিজেপিৰ এই কাৰ্যসূচী ঘোষণা বিজেপিৰ সভাপতিগৰাকীয়ে।
আচলতে “ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী” শ্লোগানেৰে এক কেম্পেইন আৰম্ভ কৰিছে বিজেপিয়ে । এক বিবৃতি প্ৰকাশ কৰি এই কেম্পেইনৰ সময়ছোৱাত গ্ৰহণ কৰা কাৰ্যসূচী ঘোষণা কৰিছে দলটোৱে।
দলটোৰ কাৰ্যসূচী এনেধৰণৰ-
- অহা ১৯ অক্টোবৰ তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া শ্রদ্ধাঞ্জলি কার্যক্রম ৰাজ্যখনৰ ৰাজ্যিক, জিলা, মণ্ডলৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হ’ব।
- অহা ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ প্ৰতিখন জিলা সদৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্রদান কৰিবলৈ “বিশাল জন সমদল” অনুষ্ঠিত কৰা হ’ব। অহা ২২ অক্টোবৰত এই বিশাল জন সমদল কার্যসূচী নলবাৰী জিলাৰ পৰা আৰম্ভ হ’ব।
- অহা ২৬ অক্টোবৰ তাৰিখে ৰাজ্যখনৰ ২৫,০০০ৰো অধিক বুথ/গাঁৱত প্রধানমন্ত্রীৰ মন-কী-বাত কাৰ্যসূচীৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হ’ব।
- ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ এজোপাকৈ নাহৰ গছ ৰোপণ কৰাৰ লগতে প্রতিপালন কৰিব।
- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ দলৰ বিধায়ক আৰু সাংসদসকলে নিজৰ নিজৰ সমষ্টিত জুবিন গাৰ্গৰ একোটাকৈ প্রতিমূর্তি স্থাপন কৰিব।
- প্রতিখন জিলাত সৰ্বস্তৰৰ নিৰ্বাচিত বিজেপিৰ জনপ্রতিনিধিসকলৰ সহযোগত প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ একোখন সংগীত বিদ্যালয় স্থাপন কৰা হ’ব।
- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰিবলৈ দলৰ সাংসদ, বিধায়কসকলে নিজ সমষ্টিত একোখনকৈ প্রদর্শনীমূলক ফুটবল খেলৰ আয়োজন কৰিব।
- প্ৰাণৰ শিল্পী গৰাকীৰ হৃদয় জুৰুৱা গীত পৰিৱেশনেৰে ৫০০০ জুবিন অনুৰাগী দলীয় কার্যকর্তা, সমর্থক, শুভাকাংখীসকলে সামূহিক শ্রদ্ধাঞ্জলি নিবেদন কৰিব। অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ পৰা আৰম্ভ কৰি ৩০ নৱেম্বৰৰ ভিতৰত সামূহিক গীত পৰিৱেশনৰ কাৰ্যসূচী প্রতিখন জিলাত অনুষ্ঠিত কৰিব।