বিৰোধী ৰাজনৈতিক দলতেই বদন সোমাই আছে: দিলীপ শইকীয়া
সাংবাদিকৰ আগত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, "কংগ্ৰেছে নিজৰ স্বাৰ্থৰ বাবে ১০৬ বাৰ সংবিধান সংশোধন কৰিছে। ইয়াৰ দ্বাৰা ভোটবেংক আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ চূড়ান্ত প্ৰতিফলন হৈছে। কু-কীৰ্ত্তিৰে দেশৰ সংবিধানক ভৰিৰে মোহাৰিছে কংগ্ৰেছ দলে। সংবিধান বচাও কংগ্ৰেছৰ Fake Narrative।"
ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত যোগদান অনুষ্ঠান। বিজেপি যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচী। প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। ভিন্ন দল সংগঠন,ৰাজনৈতিক দলৰ কৰ্মকৰ্তাৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে যোগদান কাৰ্যসূচীত।
উক্ত অনুষ্ঠানতেই বিজেপিত যোগদান কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুষ্মিতা ডেকাই। USAত থাকি উচ্চ শিক্ষাগ্ৰহণ কৰি তাতেই কৰ্ম জীৱনৰ পাতনি মেলিছিল আয়ুষ্মিতাই। মাতৃ ভূমিত সেৱা আগবঢ়াই নিবৰ বাবে স্ব ভূমিলৈ ঘূৰি আহি বিজেপি দলত অংশগ্ৰহণ কৰে তেওঁ। অনুষ্ঠানত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ বিজুলী কলিতা মেধি, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বিজেপি বহু কৰ্ম-কৰ্তা উপস্থিত থাকে।
আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ড° লিপিকা কলিতা কুমাৰ (Asst. Professor J.B Law College), গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশিষ্ট গৱেষক শ্ৰীযুত চৌভিক বায়ন, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক শ্ৰীযুত অনিল বনিয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক শ্ৰীযুত চন্দন দাস, ড° ৰাজকুমাৰ তালুকদাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি শ্ৰীযুত খনিন্দ্ৰ ৰাজবংশী, সদৌ অসম ছাত্ৰ সন্থা বঙাইগাওঁ জিলাৰ প্ৰাক্তন তথ্য সম্পাদক শ্ৰীযুত হিৰণ্য ৰয়, দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা শ্ৰীযুত দিলীপ ডেকা, বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী শ্ৰীযুত দীপক হাজৰিকা, দৰং জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক শ্ৰীযুত গিৰিশ ডেকা প্ৰমুখ্যে যুৱ ছাত্ৰ সংগঠনৰ নেতৃত্ব লোৱা সহস্ৰাধিক যুৱক-যুৱতীয়ে ।
ইফালে সাংবাদিকৰ আগত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, “কংগ্ৰেছে নিজৰ স্বাৰ্থৰ বাবে ১০৬ বাৰ সংবিধান সংশোধন কৰিছে। ইয়াৰ দ্বাৰা ভোটবেংক আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ চূড়ান্ত প্ৰতিফলন হৈছে। কু-কীৰ্ত্তিৰে দেশৰ সংবিধানক ভৰিৰে মোহাৰিছে কংগ্ৰেছ দলে। সংবিধান বচাও কংগ্ৰেছৰ Fake Narrative।”
তেওঁ লগতে কয়, “কংগ্ৰেছশাসিত ৰাজ্যত ধৰ্মৰ নামত সংৰক্ষণৰ ব্যৱস্থা আনি সংবিধানৰ লক্ষ্যক আঘাত কৰিছে। কংগ্ৰেছে বাবা চাহেব ভীমৰাও আম্বেদকাৰক দুবাৰকৈ নিৰ্বাচন হৰুৱাৰ চেষ্টা কৰিছিল। আমি সংবিধানৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ”
বিৰোধীক কটাক্ষ কৰি দিলীপ শইকীয়াই কয়, “তিনি গগৈ একলগ হ’ব পাৰে, কিন্তু হাজাৰ গগৈ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। বিৰোধী ৰাজনৈতিক দলতেই বদন সোমাই আছে। বদনে সেইসময়ত লোৱা ভূমিকা আধুনিক যুগত যিয়ে লৈ আছে… তেওঁলোকেই বদন। ৰাজনৈতিক স্বাৰ্থ সিদ্ধি হওঁক.. মাতৃভূমি ৰসাতলে যাওঁক।”
উচ্ছেদিত মিঞাৰ প্ৰতি মৰম দেখুওৱা বিৰোধীৰ নেতাক আধুনিক বদন আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ।তেওঁ কয়, “যিয়ে মাতৃভূমিৰ স্বাৰ্থৰ বিপৰীতে গৈ বিদেশীক বৰপীৰা পাৰি, সন্দেহযুক্ত নাগৰিকক ভূমিৰ পট্টা দিলে, ৰেচন কাৰ্ড বনাই দিলে, ভোটাৰ তালিকাত নাম সোমাই দিলে তেওঁলোকেই বদন। বদনৰ উত্তৰাধিকাৰীসকলে সেই মানসিকতা লৈ আছে। আমি বেদখলমুক্ত কৰা ভূমি আকৌ ঘূৰাই দিম কোৱা, মছজিদ বনাই দিম বুলি কোৱাসকল আধুনিক যুগৰ বদন।”