Pratima Barua Pandey: গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰথম সংগীত ক’ত পৰিৱেশন কৰিছিল? জানক তেওঁৰ জীৱনৰ বহু কথা
কেঁচামাটিৰ সৈতে সম্পৃক্ত হৃদয়স্পৰ্শী কণ্ঠেৰে প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতক জীপাল কৰি তুলিছিল। শিল্পীগৰাকীৰ জন্ম দিৱসত সকলোৱে তেওঁক স্মৰণ কৰাৰ লগতে সকলোৱে জনাইছে সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি।
আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিৱস। হস্তীৰ কন্যা খ্যাত বিশ্ববৰেণ্য এই শিল্পীগৰাকীৰ জন্মদিৱসটি ৰাজ্যৰ চৌদিশে অতি উলহ-মালহেৰে কৰিছে। শিল্পীগৰাকীৰ জন্ম দিৱসত সকলোৱে তেওঁক স্মৰণ কৰাৰ লগতে সকলোৱে জনাইছে সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি।
প্ৰতিমা বৰুৱা পাণ্ডে আছিল অসমৰ এগৰাকী লোক-সংগীতৰ শিল্পী। তেওঁৰ ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল। ১৯৩৫ চনৰ ৩ অক্টোবৰত কলিকতাত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম হয়। পিতৃ আছিল প্ৰকৃতিশ বৰুৱা। ‘দেৱদাস’ খ্যাত প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল প্ৰতিমা পাণ্ডেৰ খুৰাক। প্ৰথমে কলিকতাৰে ‘গোখলে মেম’ৰিয়েল স্কুল’ত আৰু পিছলৈ ‘গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়’ত তেখেতে শিক্ষা লাভ কৰে। বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে তেখেতৰ সঙ্গীতত কোনো আনুষ্ঠানিক শিক্ষা নাছিল।
১৯৫৭ চনত ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত গুৱাহাটীৰ জজ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ডেই ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰে। ১৯৬২ চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ত “হস্তীৰ কন্যা”, “কেনেহে ৰাধিব তোৰ বিৰহ মন” আৰু “একেবাৰ হৰি বোল মন ৰচনা” গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে। ১৯৭৫ চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি প্ৰতিমা পাণ্ডে এগৰাকী লোকশিল্পীৰূপে প্ৰতিষ্ঠা হোৱাৰ বাট সুগম হয়। ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰে।
বঁটা আৰু সন্মান
- সংগীত নাটক অকাডেমি বঁটা (১৯৮৯),
- পদ্মশ্ৰী (১৯৯১),
- ডি লিট উত্তৰ বংগ বিশ্ববিদ্যালয় (২০০০),
- অসম শিল্পী দিৱস বঁটা,
- জয়মতী বঁটা,
- বিষ্ণুৰাভা বঁটা,
- অসম নাট্য সমিতি বঁটা,
- ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰশস্তি পত্ৰ,
- অব্বাছুদ্দিন মেম’ৰিয়েল বঁটা (কলকাতা)
১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ “এৰা বাটৰ সুৰ” চলচ্চিত্ৰত দুটা গীতত কণ্ঠদানেৰে তেখেতে সংগীতৰ মূল জগতত খোজ পেলায়। গোৱালপৰীয়া লোকগীতলৈ অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী বঁটা আৰু ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।