জাপানৰ ৱৰ্ল্ড এক্সপ’ত ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি প্ৰদৰ্শন
ভাৰতৰত্ন বঁটা বিজয়ী হাজৰিকাই জাপানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল। সুধাকণ্ঠই একাধিকবাৰ দেশখন ভ্ৰমণ কৰিছিল আৰু জনসাধাৰণৰ সৈতে সু সম্পৰ্ক গঢ়িছিল।

জাপানত চলি থকা ৱৰ্ল্ড এক্সপ’ত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অমৰ কৃতিত্ব বিশ্বৰ সন্মুখত উপস্থাপন কৰা হয় বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে। কিংবদন্তি শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ স্মৃতিত ইণ্ডিয়া পেভিলিয়নৰ বহুমুখী হলত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানত সুধাকণ্ঠৰ সৃষ্টিশীল কৰ্মৰাজি আৰু কলাত্মক যাত্ৰা প্ৰদৰ্শন কৰা হয়। এই শত বাৰ্ষিকীত তেওঁৰ অৱদানসমূহ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱা হয়। অসমৰ সাংস্কৃতিক শিল্পীসকলে তেওঁৰ গীতৰ গভীৰতা, ৰচনাৰ স্বকীয় শৈলী, আৰু কলাত্মক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য, সাংস্কৃতিক স্পন্দন, আৰু সাৰ্বজনীন মানৱতাবাদক প্ৰতিফলিত কৰে বুলি কয়।
তেওঁৰ ‘মহাবাহু ব্ৰহ্মপুত্ৰ’, ‘মই এটি জাজাবৰ’ আৰু ‘মানুহে মনুহৰ বাবে’কে ধৰি কিছুমান চিনাকি গীতৰ নৃত্যও কৰে। এই কাৰ্যসূচী জাপানৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰ্শকৰ অংশগ্ৰহণে অধিক আকৰ্ষণীয় কৰি তোলে।
ভাৰতৰত্ন বঁটা বিজয়ী হাজৰিকাই জাপানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল। সুধাকণ্ঠই একাধিকবাৰ দেশখন ভ্ৰমণ কৰিছিল আৰু জনসাধাৰণৰ সৈতে সু সম্পৰ্ক গঢ়ি তুলিছিল।
উল্লেখ্য যে, ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কেন্দ্ৰই ১০০ টকীয়া স্মাৰক মুদ্ৰা প্ৰদানৰ কথা ঘোষণা কৰিছে। ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব মূল শতবাৰ্ষিকীৰ কাৰ্যসূচী, য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই ভাৰ্চুৱেলী সভাত অংশগ্ৰহণ কৰিব।