আমি বাংলাদেশৰ হিন্দুৰ সৈতে আছো: অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰক আহ্বান মুখ্যমন্ত্ৰীৰ
শ্ৰীভূমিত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্রী ড০ শৰ্মাই কয়, "আমি সদায় বাংলাদেশত হিন্দুসকলৰ সৈতে আছো। বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ যাতে বন্ধ হয়, তাৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাম।"
বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা নিৰ্যাতনৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৩ জানুৱাৰীত বাংলাদেশত হিন্দুসকলৰ সৈতে অসমৰ জনসাধাৰণে দৃঢ়তাৰে থিয় দিছে বুলি উল্লেখ কৰে। লগতে বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈ ভাৰত চৰকাৰক আহ্বান জনায়।
শ্ৰীভূমিত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্রী ড০ শৰ্মাই কয়, “আমি সদায় বাংলাদেশত হিন্দুসকলৰ সৈতে আছো। বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ যাতে বন্ধ হয়, তাৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাম।”
কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি বুলি কংগ্ৰেছ দলৰ প্ৰতিবাদ সন্দৰ্ভত মন্তব্য কৰি শৰ্মাই কয়, “কংগ্ৰেছে টিউব লাইটৰ দৰে কাম কৰে, বিষয়বোৰ লাহে লাহে বুজি পায়।” তেওঁ কয়, “তেওঁলোকে ক্ৰমান্বয়ে সকলো বুজিব।” শিক্ষকৰ প্ৰাদেশিকীকৰণৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কয়, “অ-প্ৰাদেশীকৃত স্কুলৰ শিক্ষকৰ প্ৰাদেশিকীকৰণৰ বাবে পৰ্টেল সম্পৰ্কীয় কাম সম্পূৰ্ণ হৈছে। তেওঁ লগতে কয় যে এই প্ৰক্ৰিয়াৰ সময়ত যোগ্য প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।”
তাৰ পূৰ্বে শ্ৰীভূমি চহৰৰ চৰকাৰী বিদ্যালয়ৰ খেলপথাৰত ১৪,১৩৫ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। অনুষ্ঠানত মন্ত্ৰী কৃষ্ণেন্দু পল আৰু কৌশিক ৰায়ৰ লগতে স্থানীয় বিধায়ক বিজয় মালাকাৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।লক্ষণীয়ভাৱে মাঘ বিহুৰ পূর্বে উৰুকা দিনটোত অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্রীয়ে কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকে৷