শিলচৰত জঘন্য কাণ্ড! অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰ্যাতনৰ অপচেষ্টাৰ অভিযোগত আটক অট’ চালক
অভিযোগ অনুসৰি, ১৯ আগষ্টৰ সন্ধিয়া বিশ্ববিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰীয়ে অ’টৰে ভাড়াঘৰলৈ যোৱাৰ সময়তেই এই ঘটনাটো সংঘটিত হয় । এই ঘটনাৰ পাছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বদৰুজামান ফাৰুক নামৰ লম্পটটোক গতাই দিয়ে আৰক্ষীক ।
কলকাতা কাণ্ডক লৈ বৰ্তমানো উত্তপ্ত হৈ আছে দেশ। ভুক্তভোগী চিকিৎসৰ ন্য়ায়ৰ দাবীত অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এইবাৰ অটোৰ ভিতৰতে ছাত্ৰীক অভব্য আচৰণৰ অভিযোগ। অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টাৰ অভিযোগ এজন অট’ চালকৰ বিৰুদ্ধে ।
অভিযোগ মতে, ১৯ আগষ্টৰ সন্ধিয়া বিশ্ববিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰীয়ে অ’টৰে ভাড়াঘৰলৈ যোৱাৰ সময়তেই এই ঘটনাটো সংঘটিত হয় । এই ঘটনাৰ পাছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বদৰুজামান ফাৰুক নামৰ লম্পটটোক গতাই দিয়ে আৰক্ষীক । যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। এই ঘটনাটোক কেন্দ্ৰ কৰি অসম বিশ্ববিদ্যালয়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষসহ কাছাৰ জিলা প্ৰশাসনক দাবী জনাইছে শিক্ষাৰ্থীসকলে ।
এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ এজন ছাত্ৰই কয়, “যি সময়ত দেশত নাৰী সুৰক্ষাৰ দাবীত প্ৰতিবাদ চলি আছে সেই সময়ত শিলচৰত অসম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।
বিশ্ববিদ্যালয়ৰ পৰা অ’টোৰে নিজৰ ভাড়াঘৰলৈ যাওতেই অ’টোৰ ভিতৰত ছাত্ৰীগৰাকীৰ শ্লীলতাহানিৰ চেষ্টা চলায় চালকে । ইয়াৰ পাছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বদৰুজামান ফাৰুক নামৰ লম্পটটোক আটক কৰি আৰক্ষীক গতাই দিয়ে ।”
ছাত্ৰজনে কয়, “১৯ আগষ্টৰ সন্ধিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিশ্ববিদ্যালয়ৰ মূল গেটৰ সম্মুখৰ পৰা আইৰংমাৰাস্থিত ভাড়াঘৰলৈ যোৱাৰ বাবে এখন অ’টোত উঠে । অটো চালকজনে ছাত্ৰীগৰাকীক অ’টোৰ পিছৰ ছিটত বহিবলৈ নিদি সম্মুখৰ ছিটটোত অৰ্থাৎ চালকৰ কাষত বহুৱাই লয় । অ’টোখন কিছুদূৰ যোৱাৰ পাছত চালকজনে ছাত্ৰীগৰাকীৰ লগত অভব্য আচৰণ আৰম্ভ কৰে ৷ চালকজনৰ অশ্লীল ইংগিতৰ পাছত কোনোমতে অ’টোৰ পৰা নামি পলাই যায় ছাত্ৰীগৰাকীয়ে ।”
এই ঘটনাৰ পাছত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা বৰ্ণনা কৰি অসম বিশ্ববিদ্যালয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে । ইপিনে, এই ঘটনাৰ পাছত শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লম্পট চালকক বিচাৰি অভিযান আৰম্ভ কৰে । ইয়াৰ পাছতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বদৰুজামান ফাৰুকক আটক কৰি আৰক্ষীক গতাই দিয়ে । ধৃত চালকজনৰ ঘৰ কাছাৰৰ বাকিৰনগৰত ।