শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিধানসভাত গৃহীত হ’ল ‘অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ঐতিহ্যমণ্ডিত স্থানত ভূমি বিক্ৰী আৰু ক্ৰয়ৰ ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা

এই বিধেয়কত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন, ১৮৮৬ত অধ্যায় ১২ অন্তৰ্ভুক্ত কৰা হৈছে। যিয়ে ২৫০ বছৰতকৈ পুৰণি ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে "হেৰিটেজ বেল্ট এণ্ড ব্লক" গঠন কৰাত সক্ষম কৰি তুলিব। ঘোষিত হেৰিটেজ বেল্ট এন্ড ব্লকত কেৱল যোৱা ৩ প্ৰজন্মৰ পৰা উক্ত এলেকাত বাস কৰা লোকসকলেহে ভূমি বিক্রী/ক্রয় কৰিবলৈ সক্ষম হ’ব।

বিধানসভাত গৃহীত হ’ল ‘অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক, ঐতিহ্যমণ্ডিত স্থানত ভূমি বিক্ৰী আৰু ক্ৰয়ৰ ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা
অসম বিধানসভা(প্ৰতীকি ফটো)
Trishna Kalita
Trishna Kalita | Updated On: 29 Aug 2024 19:31 PM

আজি সদনত গৃহীত হ’ল ‘অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৪। মুখ্যতঃ অনুসূচিত শ্রেণী/ অনুসূচিত জনজাতিৰ জনবসতি স্থাপন কৰা গাঁওসমূহৰ সাংস্কৃতিক পৰিচয় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কেবিনেটে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ, ১৮৮৬-ৰ সংশোধন কৰিবলৈ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ (সংশোধনী) বিধেয়ক, ২০২৪ৰ খচৰাক অসম বিধানসভাৰ সন্মুখত ৰখা হৈছিল। এই বিধেয়কখনত মুখ্যতঃ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা থকা ৰাজহ গাঁও আৰু ঐতিহ্যমূলক অনুষ্ঠানসমূহক সুৰক্ষিত এলেকা হিচাপে অধিসূচিত কৰাৰ ব্যৱস্থা অন্তর্ভুক্ত কৰা হ’ব।

এই ক্ষেত্ৰত মুখ্য অনুসূচিত শ্রেণী/অনুসূচিত জনজাতিৰ জনবসতি থকা এনে গাঁওসমূহক মাইক্র’ প্রটেক্টেড ব্লক হিচাপে অধিসুচিত কৰাৰ বাবে এখন কেবিনেট উপ-সমিতি গঠন কৰা হৈছে। সমিতিখনত মন্ত্রী ডাঃ ৰণোজ পেণ্ড, ইউ জি ব্রহ্ম আৰু পীযূষ হাজৰীকা সদস্য হিচাপে থাকিব। বিধেয়কখনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষিত কৰিব আৰু সঠিক ভূমি ব্যবস্থাপনা আৰু সংৰক্ষণ নিশ্চিত কৰিব।

এই বিধেয়কত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন, ১৮৮৬ত অধ্যায় ১২ অন্তৰ্ভুক্ত কৰা হৈছে। যিয়ে ২৫০ বছৰতকৈ পুৰণি ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে “হেৰিটেজ বেল্ট এণ্ড ব্লক” গঠন কৰাত সক্ষম কৰি তুলিব। ঘোষিত হেৰিটেজ বেল্ট এন্ড ব্লকত কেৱল যোৱা ৩ প্ৰজন্মৰ পৰা উক্ত এলেকাত বাস কৰা লোকসকলেহে ভূমি বিক্রী/ক্রয় কৰিবলৈ সক্ষম হ’ব। প্ৰাৰম্ভিকভাৱে বৰপেটা সত্র, বটদ্ৰৱা থান আৰু মাজুলীক হেৰিটেজ বেল্ট এন্ড ব্লক ঘোষণা কৰা হ’ব। এই দুই স্থানৰ লগতে মাজুলীকো সামৰি লোৱা হৈছিল যদিও কংগ্ৰেছে কিছু আপত্তি জনোৱাৰ বাবে মাজুলীক এই আওতাৰ পৰা বাহিৰত ৰখা হয়। নৱেম্বৰত মাজুলীক লৈ বিশেষ সংশোধনী অনাৰ সম্ভাৱনা প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “জাতি-মাটি-ভেটি” সুৰক্ষাৰ মহৎ স্বাৰ্থত আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আজি বিধান সভাত গৃহীত – ‘অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৪’ এই বিধেয়কত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন, ১৮৮৬ত অধ্যায় ১২ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে আমাক ২৫০ বছৰতকৈ পুৰণি ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে “হেৰিটেজ বেল্ট এণ্ড ব্লক” গঠন কৰাত সক্ষম কৰি তুলিব। ইয়াৰ জৰিয়তে ঐতিহ্যমণ্ডিত স্থানৰ ৫ কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি বিক্ৰী/ক্ৰয় কেৱল তিনি প্ৰজন্ম ধৰি অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে সীমিত কৰিব।”

 

এই বিধেয়কখনক ৰাজ্যৰ সাংস্কৃতিক পৰিচয় বহন কৰা সত্ৰ, নামঘৰ আদিৰ সংৰক্ষণত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি ইয়াৰ সমৰ্থন আগবঢ়োৱা বিধায়কসকলক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।