গৰুখুঁটিয়ে চৰকাৰক সাহস দিছে ! ২৯ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত, উৰিয়ামঘাটত চলিব উচ্ছেদ : মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কার্যকালত গৰুখুঁটি অঞ্চলটো সফলভাবে বেদখলমুক্ত হোৱা কাৰ্যই চৰকাৰক এক সাহস প্রদান কৰে আৰু ফলত ৰাজ্যৰ বিভিন্ন স্থানত এই ধৰণে বেদখলীকৃত ভূমি মুক্ত কৰাৰ অৰ্থে সাহসী পদক্ষেপ ল'বলৈ সক্ষম হৈছে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ চতুর্থ বর্ষপূর্তি উপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই প্রকল্পটো অসমীয়াৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে অভিহিত কৰে। মুখ্যমন্ত্রীয়ে লগতে লোকনির্মাণ বিভাগৰ দলং এখনো আনুষ্ঠানিকভাবে উদ্বোধন কৰে।
এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি অঞ্চলটোত বেদখলকাৰীক উচ্ছেদৰ লগতে এটা বহুমুখী কৃষি প্রকল্প স্থাপন কৰা হয় । ১৯৮৩ চনত গৰুখুঁটি বেদখলমুক্তকৰণৰ এক প্ৰচেষ্টাত দৰং-ছিপাঝাৰ অঞ্চলত ২৩ জনকৈ যুৱকৰ হোৱা প্ৰাণহানিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, অঞ্চলবাসীয়ে এক দীঘলীয়া সময়জুৰি গৰুখুঁটি অঞ্চলটো বেদখলমুক্ত হোৱাৰ সপোন কঢ়িয়াই ফুৰিছিল।
গৰুখুঁটিয়ে চৰকাৰক সাহস দিছে
মুখ্যমন্ত্ৰীয়ে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কার্যকালত গৰুখুঁটি অঞ্চলটো সফলভাবে বেদখলমুক্ত হোৱা কাৰ্যই চৰকাৰক এক সাহস প্রদান কৰে আৰু ফলত ৰাজ্যৰ বিভিন্ন স্থানত এই ধৰণে বেদখলীকৃত ভূমি মুক্ত কৰাৰ অৰ্থে সাহসী পদক্ষেপ ল’বলৈ সক্ষম হৈছে। লগতে গৰুখুঁটিৰ পিছত বৰছলা, লামডিং, বুঢ়াপাহাৰ, পভা, বটদ্ৰৱা, চাপৰ, পাইকান আদি অঞ্চলত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ কথা আলোকপাত কৰে মুখ্যমন্ত্ৰীয়ে।
তেওঁ দাবী কৰে যে, এনেধৰণৰ উচ্ছেদ অভিযানৰ জৰিয়তে ৰাজ্য চৰকাৰে ১ লাখ ২৯ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সমৰ্থ হৈছে আৰু এই ভূমি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে, ওৰাঙৰ বেদখলমুক্ত ভূমিলৈ এশিঙীয়া গঁড়,বাঘ, লামডিঙৰ বনাঞ্চললৈ বন্য হস্তী আদি উভতি আহিছে। তেনেদৰে বৰছলাত সৌৰশক্তি প্রকল্প নির্মাণ কৰি থকা হৈছে। বুঢ়াপাহাৰ অঞ্চলত কৰা উচ্ছেদে হাতী আৰু বাঘৰ বাবে নতুন বিচৰণস্থলী সৃষ্টি কৰিছে। পাইকান অঞ্চলো বেদখলমুক্ত হোৱাৰ পিছত আকৌ এবাৰ গছ-বনেৰে ভৰি পৰিবলৈ আৰম্ভ কৰিব।
২৯ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত, উৰিয়ামঘাটত চলিব উচ্ছেদ : মুখ্যমন্ত্ৰী
ভাষণত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে, গৰুখুঁটি বহুমুখী কৃষি প্রকল্পই অসমৰ যুৱক-যুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ পৰিচয় দাঙি ধৰিছে। তেওঁ কয়-“ৰাজ্যখনৰ ২৯ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে। ইয়াৰে মাত্র ১ লাখ ২৯ হাজাৰ বিঘা মাটিহে আমি সম্প্ৰতি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ সমৰ্থ হৈছোঁ।”
“ৰাজ্য চৰকাৰে আৰম্ভ কৰা ভূমিৰ বেদখলমুক্তকৰণৰ এই অভিযান থমকি নৰয় আৰু চৰকাৰে নিজ লক্ষ্য সাধনৰ দিশত আগবাঢ়ি গৈ থাকিব। ৰাজ্য চৰকাৰে কিছুদিনৰ পিছতে গোলাঘাটৰ উৰিয়ামঘাটতো উচ্ছেদ অভিযান আৰম্ভ কৰিব।” এই দৰে কয় মুখ্যমন্ত্ৰীয়ে।
গৰুখুঁটি প্রকল্পৰ উপাৰ্জন
মুখ্যমন্ত্ৰীয়ে কয় যে, গৰুখুঁটি প্রকল্পটোৱে চতুর্থ বর্ষত প্রায় ৫.০৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু প্ৰকল্পটোৰ বেংক একাউণ্টত প্রায় ৭.৬৪ কোটি টকা জমা আছে। প্রকল্পটোৱে গৰু, গাহৰি পালন, হস্ততাঁত শিল্প আদিৰে স্বাৱলম্বিতাৰে এক নতুন আধাৰ নিৰ্মাণ কৰিছে বুলিও তেওঁ কয়।
গৰুখুঁটিত এখন কৃষি বিজ্ঞান মহাবিদ্যালয় স্থাপন
ইফালে, ৰাজ্যৰ যুৱক-যুৱতীসকলে যাতে আধুনিক জৈৱ কৃষি পদ্ধতি আদিৰ জ্ঞান আহৰণ কৰিব পাৰে সেই উদ্দেশ্যে গৰুখুঁটিত এখন কৃষি বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ চিন্তা-চৰ্চা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে, গৰুখুঁটি প্ৰকল্পৰ অধীনত থকা ৫৩৩ বিঘা ভূমিত মীন বিভাগে প্রধানমন্ত্রী মৎস্য সম্পদা যোজনাৰ অধীনত ‘ইন্টিগ্রেটেড একুৱা পার্ক’ৰ আঁচনি হাতত লৈছে। প্রকল্পটোৰ সৈতে জড়িত কৃষি সৈনিকসকলৰ পাৰিতোষিক বৰ্তমানৰ তুলনাত ২০০০ টকা বৃদ্ধি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে গৰুখুঁটি বহুমুখী কৃষি প্রকল্পত কৰ্মৰত কৃষকসকলক যাতায়াতৰ সুবিধাৰ বাবে একোখনকৈ চাইকেল প্ৰদান কৰে। আনহাতে, আজিৰ এই অনুষ্ঠানতেই তেওঁ গৰুখুঁটি কৃষি প্রকল্পত কৰ্মৰত অৱস্থাত ট্ৰেক্টৰ দুৰ্ঘটনাত মৃত্যু হোৱা পবিত্ৰ ভৰালীৰ পৰিয়ালক পাঁচ লাখ টকাৰ এককালীন সাহায্য প্রদান কৰে। অনুষ্ঠানত বিধায়ক তথা গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, বসন্ত দাস, প্রাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, সমাজকর্মী মুকুন্দ ডেকা প্রমুখ্যে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।