শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পোহৰলৈ ‘বিতৰ্কিত’ প্ৰণৱ মহন্তৰ আন কিছু কু-কীৰ্তি! দুই পৰিয়ালে তুলিলে এনে গুৰুতৰ অভিযোগ

যোৱা তিনি জুলাইত পুৱতি নিশা প্ৰণৱ মহন্ত নামৰ এগৰাকী লোকৰ বকোস্থিত বাসস্থানত উদ্ধাৰ হৈছিল AK47 ৰ ১৪২ জাঁই সক্ৰিয় গুলী, এটা পিষ্টল, এটা ৰিভলভাৰসহ বহু আপত্তিজনক সামগ্ৰী। তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল বহু বিতৰ্কিত প্ৰণৱ মহন্তক। এইবাৰ পুনৰ উন্মোচিত হৈছে প্ৰণৱ মহন্তক লৈ আন কেতবোৰ বিতৰ্ক।

পোহৰলৈ ‘বিতৰ্কিত’ প্ৰণৱ মহন্তৰ আন কিছু কু-কীৰ্তি! দুই পৰিয়ালে তুলিলে এনে গুৰুতৰ অভিযোগ
বিতৰ্কিত প্ৰণৱ মহন্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
monjit-dutta
Monjit Dutta | Published: 10 Jul 2025 23:09 PM

দেশৰ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যত এতিয়াৰ পৰাই সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাই আছে অভিযান। আৰক্ষী প্ৰশাসনৰ এনে সক্ৰিয় অভিযানৰ মাজতে যোৱা তিনি জুলাইত পুৱতি নিশা প্ৰণৱ মহন্ত নামৰ এগৰাকী লোকৰ বকোস্থিত বাসস্থানত উদ্ধাৰ হৈছিল AK47 ৰ ১৪২ জাঁই সক্ৰিয় গুলী, এটা পিষ্টল, এটা ৰিভলভাৰসহ বহু আপত্তিজনক সামগ্ৰী। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলাইছিল।

তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছিল বহু বিতৰ্কিত প্ৰণৱ মহন্তক। এইবাৰ পুনৰ উন্মোচিত হৈছে প্ৰণৱ মহন্তক লৈ আন কেতবোৰ বিতৰ্ক। প্ৰণৱ মহন্ত বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ। এই সন্দৰ্ভত এক সংবাদমেলত ভয়ংকৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে।

ভুক্তভোগীৰ অভিযোগ মতে আলফা সজাই ২০০২ চনৰ ২২ জুলাইত বকোৰ বালাপাৰাৰ দুই ভাতৃক অপহৰণ কৰি হত্যা কৰিছিল বিতৰ্কিত প্ৰণৱ মহন্তই। আজিলৈ কোনো সন্ধান নাই ভাতৃদ্বয় মদন ভড়ালী আৰু বিশ্বজিৎ ভড়ালীৰ। আৰক্ষী-প্ৰশাসন, মুখ্যমন্ত্ৰী, নেতাৰ দুৱাৰে-দুৱাৰে গৈও একো সুফল নাপালে বুলি দুৰ্ভগীয়া পৰিয়ালটোৱে অভিযোগ কৰিছে।

আনহাতে ভূমি সংক্ৰান্তীয় বিবাদৰ বাবে শৈলেন কলিতা নামৰ লোক এজনক বাহনেৰে দুৰ্ঘটনা সংঘটিত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰণৱ মহন্তৰ বিৰুদ্ধে। ২০১৯ চনৰ মে’ মাহত বকো বৰপাৰাৰ শৈলেন কলিতাক দুৰ্ঘটনা সংঘটিত কৰি হত্যা কৰাৰ অভিযোগ তুলিছে লোকজনৰ পৰিয়ালে।

ইয়াৰ পিছত প্ৰণৱ মহন্ত সন্দৰ্ভত বহু প্ৰশ্নৰ উত্থাপন হৈছে। যোৱা তিনি জুলাইত উদ্ধাৰ হোৱা Ak47ৰ বৃহৎ পৰিমাণৰ গুলী, পিষ্টল, ৰিভলভাৰ কিয় লুকুৱাই ৰাখিছিল প্ৰণৱ মহন্তই আৰু এই সন্দৰ্ভত আৰক্ষীৰ প্ৰশাসনে কিয় আজিলৈ মুখ খোলা নাই, সেই লৈ প্ৰশ্ন উঠিছে। এতিয়া ভুক্তভোগীয়ে ন্যায় পাই নে নাই সেয়া অৱশ্যেই লক্ষণীয় হ’ব।