ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত নতুন সংযোজন! সম-জিলাৰ জৰিয়তে কেনেদৰে লাভান্বিত হ’ব জনসাধাৰণ?
সংস্কাৰৰ দিশে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা৷ সমষ্টি ভিত্তিত গঠন হ’ব সম-জিলা৷ মহকুমাৰ পৰিৱৰ্তে থাকিব সম-জিলা। আজিৰে পৰা সংযোজন হ’ব ৩৯খন সম-জিলা। ভৱিষ্যতলৈ ৰাজ্যত আৰু গঠন নহ’ব মহকুমা।
ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা নতুন সংযোজন। সংস্কাৰৰ দিশে ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা৷ সমষ্টি ভিত্তিত গঠন হ’ব সম-জিলা৷ মহকুমাৰ পৰিৱৰ্তে থাকিব সম-জিলা। আজিৰে পৰা সংযোজন হ’ব ৩৯খন সম-জিলা। ভৱিষ্যতলৈ ৰাজ্যত আৰু গঠন নহ’ব মহকুমা। কিন্তু সম-জিলাৰ জৰিয়তে কেনেদৰে লাভান্বিত হ’ব ৰাজ্যবাসী? সম-জিলাক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য।
ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে কয়, “এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। ৪ অক্টোবৰৰ পৰা ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক এতিয়াৰ পৰা আমি সম-জিলা বুলি জানিম। সম-জিলা মানে জিলাৰ প্ৰায় সমান। অৰ্থাৎ জিলা উপাযুক্তৰ যিমান ক্ষমতা থাকে, সম-জিলাৰ জিলাধিপতিগৰাকীৰো একে ক্ষমতা থাকিব। ৪ অক্টোবৰত আমি ৩৯টা বিধানসভা সমষ্টিত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰি সম-জিলা স্থাপন কৰিম। এয়া হ’ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় ৩৫টা বিধানসভা সমষ্টিত আমি সম-জিলাৰ কাৰ্যালয় স্থাপন কৰিম। ৪ আৰু ৫ অক্টোবৰত মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সম-জিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ”
সম-জিলাক লৈ বাখ্যা আগবঢ়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ইয়াৰ ফলত ভুমিৰ বিভিন্ন কামৰ বাবে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC অনুমতিৰ বাবে জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। লগতে বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। আবকাৰী বিভাগৰ কাম-কাজৰ বাবে জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। ৰেচন কাৰ্ড বনোৱাৰ বাবে জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। সম-জিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ’ব।”
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মই ভাবো এই সম-জিলা ব্যৱস্থাৰ ঘোষণাই বহুদিনীয়া মহকুমা আন্দোলনৰ এটা সফল সামৰণি ঘটালে। লাহে লাহে ১২৬ টা সমষ্টিতেই এই সম-জিলা স্থাপন হ’ব। ৪ অক্টোবৰ আমি নতুন প্ৰশাসনিক ব্যৱস্থাৰ আৰম্ভণি কৰিম। আপোনালোক সকলোৰে সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ। সকলোৱে এই অনুষ্ঠানত যোগদান কৰিব। কাৰণ ই আপোনাৰ বিধানসভা সমষ্টিৰ বাবে এক অনন্য প্ৰাপ্তি হ’ব। জিলাৰ মূখ্য কাৰ্যালয়ত নোযোৱাকৈ আমাৰ কাম-কাজসমুহ বিধানসভা স্তৰতে সমাপন হ’ব । প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ অনা বাবে ই আমাৰ এক নতুন প্ৰচেষ্টা।”
উল্লেখ্য যে, ৪ অক্টোবৰ ২০২৪ত, অতিৰিক্ত জিলা আযুক্তৰ নেতৃত্বত সম-জিলা মুকলি কৰাৰ লগে লগে অসমে জিলা পর্যায়ত এক নতুন প্রশাসনিক গাঁথনিৰ সূচনা কৰিব। বর্ধিত দায়িত্ব আৰু ক্ষমতাৰ কথা বিবেচনা কৰি, কেবিনেটে উপ-জিলাসমূহৰ নাম সম-জিলা হিচাপে পুনৰ নামকৰণ কৰাৰ বাবে অনুমোদন জনাই কেবিনেটে। যাৰ নেতৃত্ব এজন সম-জিলা আয়ুক্তৰ দ্বাৰা কৰা হ’ব।